--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কাৰোবাৰ বেমাৰ-আজাৰ হ’লে বহুতে মন্দিৰত শৰাই আগবঢ়ায়, বিভিন্ন ধৰণৰ মানস কৰে। কিন্তু কুকুৰৰ বাবে কোনো লোকে মন্দিৰৰ পূজা-পাঠ কৰাৰ ঘটনা হয়তো তেনেই কমেই শুনা যায়। অত্যন্ত পশু প্ৰেম নাথাকিলে হয়তো কোনেও কুকুৰৰ বাবে মন্দিৰত পূজা-অৰ্চনা নকৰে। 

তেলেংগানাৰ মুলুগু জিলাৰ এটা পৰিয়ালে দেৱীক তেওঁলোকৰ কুকুৰটোৰ আৰোগ্য কামনা কৰি প্ৰসাদ হিচাবে  গুড় আগবঢ়াই পূজা-পাঠ কৰাৰ ঘটনাই প্ৰকৃতি আৰু পশু প্ৰমেীসকলক আনন্দিত কৰি তুলিছে।   কুকুৰৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰা দম্পতী হৈছে  জ্যোতি-বিচ্ছাপতি । 

দম্পতীৰ ঘৰত 'লিঅ' নামৰ এটা কুকুৰ আছে। কুকুৰটোৰ  স্বাস্থ্য কেইদিনমানৰ পৰা বিশেষ  ভাল নাছিল। পৰিয়ালটোৱে কুকুৰটোৰ স্বাস্থ্যকলৈ  চিন্তিত হৈ পৰিছিল। পৰিয়ালৰ সদস্যসকলে কুকুৰটোৰ চিকিৎসাৰো ব্যৱস্থা  কৰিছিল, কিন্তু কুকুৰটো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাছিল।

 অৱশেষত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ কুকুৰ লিঅ'ৰ সম্পূৰ্ণ আৰোগ্য কামনা কৰি  দেৱীৰ মন্দিৰত প্ৰসাদ আগবঢ়াই পূজা কৰে। দম্পতীয়ে  কুকুৰটোৰ  ওজনৰ সমান গুড় দেৱীক  আগবঢ়াইছিল। পৰিয়ালৰ সদস্যসকলে কয় যে এনেদৰে প্ৰসাদ আগবঢ়াই পূজা কৰাৰ  পিছৰে পৰা কুকুৰটো লাহে লাহে সুস্থ হৈ উঠিছে। ইয়াকে কয় বিশ্বাসে মিলয় হৰি... 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ