--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ কাৰোবাৰ বেমাৰ-আজাৰ হ’লে বহুতে মন্দিৰত শৰাই আগবঢ়ায়, বিভিন্ন ধৰণৰ মানস কৰে। কিন্তু কুকুৰৰ বাবে কোনো লোকে মন্দিৰৰ পূজা-পাঠ কৰাৰ ঘটনা হয়তো তেনেই কমেই শুনা যায়। অত্যন্ত পশু প্ৰেম নাথাকিলে হয়তো কোনেও কুকুৰৰ বাবে মন্দিৰত পূজা-অৰ্চনা নকৰে। 

তেলেংগানাৰ মুলুগু জিলাৰ এটা পৰিয়ালে দেৱীক তেওঁলোকৰ কুকুৰটোৰ আৰোগ্য কামনা কৰি প্ৰসাদ হিচাবে  গুড় আগবঢ়াই পূজা-পাঠ কৰাৰ ঘটনাই প্ৰকৃতি আৰু পশু প্ৰমেীসকলক আনন্দিত কৰি তুলিছে।   কুকুৰৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰা দম্পতী হৈছে  জ্যোতি-বিচ্ছাপতি । 

দম্পতীৰ ঘৰত 'লিঅ' নামৰ এটা কুকুৰ আছে। কুকুৰটোৰ  স্বাস্থ্য কেইদিনমানৰ পৰা বিশেষ  ভাল নাছিল। পৰিয়ালটোৱে কুকুৰটোৰ স্বাস্থ্যকলৈ  চিন্তিত হৈ পৰিছিল। পৰিয়ালৰ সদস্যসকলে কুকুৰটোৰ চিকিৎসাৰো ব্যৱস্থা  কৰিছিল, কিন্তু কুকুৰটো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাছিল।

 অৱশেষত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ কুকুৰ লিঅ'ৰ সম্পূৰ্ণ আৰোগ্য কামনা কৰি  দেৱীৰ মন্দিৰত প্ৰসাদ আগবঢ়াই পূজা কৰে। দম্পতীয়ে  কুকুৰটোৰ  ওজনৰ সমান গুড় দেৱীক  আগবঢ়াইছিল। পৰিয়ালৰ সদস্যসকলে কয় যে এনেদৰে প্ৰসাদ আগবঢ়াই পূজা কৰাৰ  পিছৰে পৰা কুকুৰটো লাহে লাহে সুস্থ হৈ উঠিছে। ইয়াকে কয় বিশ্বাসে মিলয় হৰি... 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু