--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমে লেতেৰা হৈ পৰিছে শুভ্ৰ বৰফে আগুৰা মাউণ্ট এভাৰেষ্ট । এভাৰেষ্ট জয় কৰাৰ সপোনৰে পৰ্বত আৰোহণ কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ আছে। এতিয়া পৰ্বতাৰোহীসকলে  পৰ্বতত কৰা শৌচ মোনাত ভৰাই তললৈ নামি অহাৰ সময়ত লৈ আহিব লাগিব। 

এক কথাত পৰ্বতত এতিয়া আৰু কোনেও মল-মূত্ৰ ত্যাগ কৰি সেয়া এৰি থৈ আহিব নোৱাৰিব। হিমালয়ক প্ৰদূষণমুক্ত কৰাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। এভাৰেষ্ট অঞ্চলৰ তত্বাৱধান কৰা গ্ৰাম্য পৌৰসভা পাচাং লামুৰ অধ্যক্ষ মিংমা শ্বেৰ্পাই কৈছে যে পৰ্বতবোৰ এতিয়া দুৰ্গন্ধযুক্ত হৈ পৰিছে।  সেয়ে নেপালৰ প্ৰশাসনে  এই বিষয়ত  এটা ডাঙৰ সিদ্ধান্ত লৈছে।

 মিংমা শ্বেৰ্পাই কয় যে তেওঁ বাৰে বাৰে অভিযোগ পাই আহিছে যে মানুহৰ মল-মূত্ৰ শিলৰ ওপৰত পৰি থকা দেখা গৈছে, যাৰ ফলত পৰ্বতাৰোহীসকলো কেতিয়াবা অসুস্থ হৈ পৰে। এই কথা গ্ৰহণযোগ্য নহয়,  কিয়নো ই পৰ্বতৰ পৰিবেশ  কলুষিত কৰি আহিছে। ইয়াৰ বাবে, পৰ্বতাৰোহীসকলে এতিয়া মাউণ্ট এভাৰেষ্টৰ পৰা তেওঁলোকৰ মল ঘূৰাই আনিব লাগিব। সেইবোৰ পিছত  বেছ কেম্পত সঠিকভাৱে নিষ্কাশন কৰা হ'ব।

মাউণ্ট এভাৰেষ্টৰ তাপমাত্ৰা অতি কম, যাৰ ফলত  লেতেৰা বস্তুবোৰ  সম্পূৰ্ণৰূপে গেলি-পচি নাযায়। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা পৰ্বতাৰোহীসকলে আধাৰ শিবিৰৰ পৰা তেওঁলোকৰ সৈতে এটা পুপ বেগ কঢ়িয়াই নিব লাগিব, য'ত তেওঁলোকে মল সংগ্ৰহ কৰিব পাৰিব। যেতিয়া তেওঁ ঘূৰি আহিব, তেওঁ সেই বেগটো নিজৰ সৈতে কঢ়িয়াই আনিব লাগিব। ।  যেতিয়া আৰোহণৰ বতৰ আৰম্ভ হয় পৰ্বতাৰোহীসকলে তেওঁলোকৰ যথেষ্ট সময় এভাৰেষ্ট বেচ কেম্পত অতিবাহিত কৰে। এয়া এনে এক স্থান  য'ত পৰ্বতাৰোহীসকলে আৰাম কৰে আৰু উচ্চ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ প্ৰস্তুত হয়। তেওঁলোকে ইয়াত যথেষ্ট সময় অতিবাহিত কৰে। ইয়াত যিবোৰ  শৌচালয় নিৰ্মাণ কৰা তাত এটা বেৰেল থাকে আৰু সেই বেৰেলতে  লেতেৰা বস্তুবোৰ  সংগ্ৰহ কৰা হয়। 

কিন্তু ওপৰলৈ উঠি যোৱাৰ লগে লগেপৰ্বতাৰোহীসকলে  মুকলি স্থানতে শৌচ কৰিবলগীয়া হয়।  প্ৰশাসনৰ মতে খুব কম লোক আছে যিয়ে তেওঁলোকৰ লেতেৰা বোৰ তেওঁলোকৰ সৈতে ঘূৰাই আনে

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু