--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমে লেতেৰা হৈ পৰিছে শুভ্ৰ বৰফে আগুৰা মাউণ্ট এভাৰেষ্ট । এভাৰেষ্ট জয় কৰাৰ সপোনৰে পৰ্বত আৰোহণ কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ আছে। এতিয়া পৰ্বতাৰোহীসকলে  পৰ্বতত কৰা শৌচ মোনাত ভৰাই তললৈ নামি অহাৰ সময়ত লৈ আহিব লাগিব। 

এক কথাত পৰ্বতত এতিয়া আৰু কোনেও মল-মূত্ৰ ত্যাগ কৰি সেয়া এৰি থৈ আহিব নোৱাৰিব। হিমালয়ক প্ৰদূষণমুক্ত কৰাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। এভাৰেষ্ট অঞ্চলৰ তত্বাৱধান কৰা গ্ৰাম্য পৌৰসভা পাচাং লামুৰ অধ্যক্ষ মিংমা শ্বেৰ্পাই কৈছে যে পৰ্বতবোৰ এতিয়া দুৰ্গন্ধযুক্ত হৈ পৰিছে।  সেয়ে নেপালৰ প্ৰশাসনে  এই বিষয়ত  এটা ডাঙৰ সিদ্ধান্ত লৈছে।

 মিংমা শ্বেৰ্পাই কয় যে তেওঁ বাৰে বাৰে অভিযোগ পাই আহিছে যে মানুহৰ মল-মূত্ৰ শিলৰ ওপৰত পৰি থকা দেখা গৈছে, যাৰ ফলত পৰ্বতাৰোহীসকলো কেতিয়াবা অসুস্থ হৈ পৰে। এই কথা গ্ৰহণযোগ্য নহয়,  কিয়নো ই পৰ্বতৰ পৰিবেশ  কলুষিত কৰি আহিছে। ইয়াৰ বাবে, পৰ্বতাৰোহীসকলে এতিয়া মাউণ্ট এভাৰেষ্টৰ পৰা তেওঁলোকৰ মল ঘূৰাই আনিব লাগিব। সেইবোৰ পিছত  বেছ কেম্পত সঠিকভাৱে নিষ্কাশন কৰা হ'ব।

মাউণ্ট এভাৰেষ্টৰ তাপমাত্ৰা অতি কম, যাৰ ফলত  লেতেৰা বস্তুবোৰ  সম্পূৰ্ণৰূপে গেলি-পচি নাযায়। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা পৰ্বতাৰোহীসকলে আধাৰ শিবিৰৰ পৰা তেওঁলোকৰ সৈতে এটা পুপ বেগ কঢ়িয়াই নিব লাগিব, য'ত তেওঁলোকে মল সংগ্ৰহ কৰিব পাৰিব। যেতিয়া তেওঁ ঘূৰি আহিব, তেওঁ সেই বেগটো নিজৰ সৈতে কঢ়িয়াই আনিব লাগিব। ।  যেতিয়া আৰোহণৰ বতৰ আৰম্ভ হয় পৰ্বতাৰোহীসকলে তেওঁলোকৰ যথেষ্ট সময় এভাৰেষ্ট বেচ কেম্পত অতিবাহিত কৰে। এয়া এনে এক স্থান  য'ত পৰ্বতাৰোহীসকলে আৰাম কৰে আৰু উচ্চ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ প্ৰস্তুত হয়। তেওঁলোকে ইয়াত যথেষ্ট সময় অতিবাহিত কৰে। ইয়াত যিবোৰ  শৌচালয় নিৰ্মাণ কৰা তাত এটা বেৰেল থাকে আৰু সেই বেৰেলতে  লেতেৰা বস্তুবোৰ  সংগ্ৰহ কৰা হয়। 

কিন্তু ওপৰলৈ উঠি যোৱাৰ লগে লগেপৰ্বতাৰোহীসকলে  মুকলি স্থানতে শৌচ কৰিবলগীয়া হয়।  প্ৰশাসনৰ মতে খুব কম লোক আছে যিয়ে তেওঁলোকৰ লেতেৰা বোৰ তেওঁলোকৰ সৈতে ঘূৰাই আনে

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ