--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় স্পিন পেয়াৰ ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ নামত এক বৃহৎ অভিলেখ পঞ্জীয়ন হৈছে।দৰাচলতে ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে টেষ্ট মেচত ভাৰতৰ হৈ ৪৮৬টা উইকেট দখল কৰিছে। এতিয়া ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে অষ্ট্ৰেলিয়াৰ গ্লেন মেকগ্ৰাথ আৰু জেছন গিলেস্পীক সৰ্বাধিক উইকেট দখল কৰা যুটিৰ তালিকাত পাছ পেলাইছে। 

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডমিনিকা টেষ্টত ৰবিচন্দ্ৰন অশ্বিনে ৫টা উইকেট দখল কৰে। আনহাতে ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট দখল কৰে। এইদৰে ৱেষ্ট ইণ্ডিজৰ প্ৰথম ইনিংছত ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে ৮ জন খেলুৱৈক পেভিলিয়নৰ পথ দেখুৱাইছিল। টেষ্ট ফৰ্মেটত ৩৩ সংখ্যক বাৰৰ বাবে ৫টা উইকেট দখল কৰাৰ কৃতিত্ব ৰবি অশ্বিনে কৰে। লগতে এইগৰাকী অফ স্পিনাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ উইকেটৰ সংখ্যাও অতিক্ৰম কৰে।

ইয়াৰ পূৰ্বে এই অভিলেখ অষ্ট্ৰেলিয়াৰ যুটি গ্লেন মেকগ্ৰাথ আৰু জেছন গিলেস্পীৰ নামত লিপিবদ্ধ কৰা হৈছিল। কিন্তু ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ যুটিয়ে এই তালিকাত আগবাঢ়ি গৈছে।উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ডমিনিকা টেষ্টত ৰবি অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ উপৰিও মহম্মদ চিৰাজ আৰু শ্বাৰ্দুল ঠাকুৰে ১-১ উইকেট দখল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ