--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুনীল নাৰিনে একেসময়তে দুখন ভিন্ন মহাদেশত খেলিব লগা হ’ব। আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেটত লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছৰ হৈ খেলাৰ সমান্তৰালভাৱে পুনৰ ইংলেণ্ডত হোৱা ভিটালিটি ব্লাষ্ট প্ৰতিযোগিতাত ছাৰেৰ হৈও খেলিব লাগিব। এই দুটা দলৰ হৈ খেলিবলৈ নাৰিনে হয়তো ৭৫ ঘণ্টাত প্ৰায় ১৪,৫০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগিব।

আই পি এলৰ অন্ত পৰাৰ পৰাই ইংলেণ্ডত আছে নাৰিনে। তাত তেওঁ ছাৰেৰ হৈ খেলি আছে। সেই দলৰ হৈ তেওঁ ১৫খন মেচ খেলিছে। ২০টা উইকেটৰে তেওঁ দলৰ সৰ্বাধিক উইকেট দখলকাৰীও হৈছে। শুকুৰবাৰে ছাৰেৰ হৈ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি নাৰিনে আমেৰিকালৈ ৰাওনা হয়। তাত তেওঁ লছ এঞ্জেলছৰ দলটোক নেতৃত্ব দিব। বৃহস্পতিবাৰে দলটোৰ প্ৰথমখন খেল।

আনহাতে ছাৰেই বিচাৰে যে শনিবাৰে পুৱা নাৰিনে ইংলেণ্ডলৈ উভতি আহক। স্থানীয় সময় অনুসৰি বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। সেই ছেমি ফাইনেলত জয়ী হ’লে সেইদিনা সন্ধিয়া ফাইনেল খেলিব।

দেওবাৰে নিশা লছ এঞ্জেলছৰ খেল। অৰ্থাৎ শনিবাৰে নিশা খেল খেলি নাৰায়নে আমেৰিকালৈ যাব লাগিব। ফলত ৭৫ ঘণ্টাৰ ভিতৰত নাৰিনে চাৰিখন মেচ খেলিব লাগিব। সেই সময়ত তেওঁ ১৮ ঘণ্টা উৰা মাৰিব।


ছাৰেৰ অধিনায়ক ক্ৰীছ জৰ্ডানে কয় যে নাৰিনৰ এনে পৰিকল্পনা আছে। তেওঁ কয়, ‘নাৰায়ণ দলৰ প্ৰতি অতিশয় দায়বদ্ধ। এজনে যি ধৰণে অনুশীলন কৰে, বেট কৰে, বল কৰে, উন্নতি কৰিবলৈ চেষ্টা কৰে, সকলোৰে বাবে শিক্ষামূলক। নাৰিনে যিকোনো পৰিস্থিতিত যুঁজিবলৈ সাজু।”

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল নাৰিনে। ৱেষ্ট ইণ্ডিজৰ এইগৰাকী ক্ৰিকেটাৰে শেষবাৰৰ বাবে ২০১৯ চনত দেশৰ হৈ খেলিছিল। তাৰ পিছৰে পৰা তেওঁ বিভিন্ন দেশত টি-২০ লীগ খেলিছে। তেওঁ ৪৬৮ খন টি-২০ মেচ খেলিছে। ললে ৫০৯ টা উইকেট।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু