--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুনীল নাৰিনে একেসময়তে দুখন ভিন্ন মহাদেশত খেলিব লগা হ’ব। আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেটত লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছৰ হৈ খেলাৰ সমান্তৰালভাৱে পুনৰ ইংলেণ্ডত হোৱা ভিটালিটি ব্লাষ্ট প্ৰতিযোগিতাত ছাৰেৰ হৈও খেলিব লাগিব। এই দুটা দলৰ হৈ খেলিবলৈ নাৰিনে হয়তো ৭৫ ঘণ্টাত প্ৰায় ১৪,৫০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগিব।

আই পি এলৰ অন্ত পৰাৰ পৰাই ইংলেণ্ডত আছে নাৰিনে। তাত তেওঁ ছাৰেৰ হৈ খেলি আছে। সেই দলৰ হৈ তেওঁ ১৫খন মেচ খেলিছে। ২০টা উইকেটৰে তেওঁ দলৰ সৰ্বাধিক উইকেট দখলকাৰীও হৈছে। শুকুৰবাৰে ছাৰেৰ হৈ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি নাৰিনে আমেৰিকালৈ ৰাওনা হয়। তাত তেওঁ লছ এঞ্জেলছৰ দলটোক নেতৃত্ব দিব। বৃহস্পতিবাৰে দলটোৰ প্ৰথমখন খেল।

আনহাতে ছাৰেই বিচাৰে যে শনিবাৰে পুৱা নাৰিনে ইংলেণ্ডলৈ উভতি আহক। স্থানীয় সময় অনুসৰি বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। সেই ছেমি ফাইনেলত জয়ী হ’লে সেইদিনা সন্ধিয়া ফাইনেল খেলিব।

দেওবাৰে নিশা লছ এঞ্জেলছৰ খেল। অৰ্থাৎ শনিবাৰে নিশা খেল খেলি নাৰায়নে আমেৰিকালৈ যাব লাগিব। ফলত ৭৫ ঘণ্টাৰ ভিতৰত নাৰিনে চাৰিখন মেচ খেলিব লাগিব। সেই সময়ত তেওঁ ১৮ ঘণ্টা উৰা মাৰিব।


ছাৰেৰ অধিনায়ক ক্ৰীছ জৰ্ডানে কয় যে নাৰিনৰ এনে পৰিকল্পনা আছে। তেওঁ কয়, ‘নাৰায়ণ দলৰ প্ৰতি অতিশয় দায়বদ্ধ। এজনে যি ধৰণে অনুশীলন কৰে, বেট কৰে, বল কৰে, উন্নতি কৰিবলৈ চেষ্টা কৰে, সকলোৰে বাবে শিক্ষামূলক। নাৰিনে যিকোনো পৰিস্থিতিত যুঁজিবলৈ সাজু।”

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলিছিল নাৰিনে। ৱেষ্ট ইণ্ডিজৰ এইগৰাকী ক্ৰিকেটাৰে শেষবাৰৰ বাবে ২০১৯ চনত দেশৰ হৈ খেলিছিল। তাৰ পিছৰে পৰা তেওঁ বিভিন্ন দেশত টি-২০ লীগ খেলিছে। তেওঁ ৪৬৮ খন টি-২০ মেচ খেলিছে। ললে ৫০৯ টা উইকেট।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ