--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত বাজেট উত্থাপন কৰিব৷ কেন্দ্ৰীয় বাজেট উত্থাপনৰ পূৰ্বে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে কাইলৈ সংসদত ২০২১-’২২ বৰ্ষৰ বাবে অৰ্থনৈতিক সমীক্ষা মুকলি কৰিব৷ এই বছৰৰ অৰ্থনৈতিক সমীক্ষাই পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২২-’২৩ৰ বাবে প্ৰায় ৯ শতাংশ জিডিপি বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে৷ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে উপস্থাপন কৰা অৰ্থনৈতিক সমীক্ষাই পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ পৰিকল্পনা আৰু অৰ্থনৈতিক নীতিৰ প্ৰতিফলন কৰে৷ অৰ্থনৈতিক সমীক্ষা কি? অৰ্থনৈতিক সমীক্ষা হৈছে বাৰ্ষিক বিত্তীয় দস্তাবেজ, যি সকলো খণ্ড যেনে: ঔদ্যোগিক, কৃষি, ঔদ্যোগিক উৎপাদন, নিযুক্তি, মূল্য, ৰপ্তানি আদিৰ বিতং পৰিসাংখ্যিক তথ্যৰ বিশ্লেষণ কৰি বিগত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ সমীক্ষা কৰে। অৰ্থনৈতিক সমীক্ষাই ভাৰতীয় অৰ্থনীতিত প্ৰভাৱ পেলোৱা অন্যান্য কাৰক, যেনে: ধন যোগান আৰু বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ প্ৰৱণতাকো বিশ্লেষণ কৰে৷ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ সামগ্ৰিক নিৰ্দেশনাত বিত্ত মন্ত্ৰণালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অৰ্থনীতি বিভাগে এই জৰীপটো প্ৰস্তুত কৰে। বিত্ত মন্ত্ৰণালয়ৰ দ্বাৰা অনুমোদিত হোৱাৰ পাছতহে ইয়াক মুকলি কৰা হয়। অৱশ্যে, এই বছৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা আৰু অন্যান্য বিষয়াসকলেহে মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ অনুপস্থিতিত অৰ্থনৈতিক সমীক্ষা প্ৰস্তুত কৰি আছে। কিয় এই অৰ্থনৈতিক সমীক্ষা গুৰুত্বপূৰ্ণ? অৰ্থনৈতিক সমীক্ষাক কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বাৰ্ষিক দস্তাবেজ হিচাপে গণ্য কৰা হয়। অৰ্থনৈতিক সমীক্ষাই এক নিৰ্দিষ্ট বিত্তীয় বৰ্ষত সংঘটিত সমগ্ৰ দেশৰ অৰ্থনৈতিক বিকাশক প্ৰতিফলিত কৰে৷ অৰ্থনৈতিক সমীক্ষাই যোৱা বিত্তীয় বৰ্ষত দেশৰ সামগ্ৰিক পৰিস্থিতি বিশ্লেষণ কৰাৰ উপৰিও, পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবেও এক ৰূপৰেখা প্ৰস্তুত কৰে। ভাৰতৰ প্ৰথম অৰ্থনৈতিক সমীক্ষা কেতিয়া উপস্থাপন কৰা হৈছিল? ভাৰতৰ প্ৰথম অৰ্থনৈতিক সমীক্ষা ১৯৫০-’৫১ বৰ্ষত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা হৈছিল। ১৯৬৪ চনলৈকে ইয়াক কেন্দ্ৰীয় বাজেটৰ সৈতে সংলগ্ন কৰি উপস্থাপন কৰা হৈছিল। ১৯৬৪ চনৰ পৰা অৰ্থনৈতিক সমীক্ষাক বাজেটৰ পৰা পৃথক কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা বাজেট উত্থাপনৰ পূৰ্বে কিয় উপস্থাপন কৰা হয়? যিহেতু অৰ্থনৈতিক সমীক্ষাই বছৰটোত অৰ্থনীতিৰ সামগ্ৰিক প্ৰদৰ্শনৰ পৰ্যালোচনা কৰে, ই কেন্দ্ৰীয় বাজেটৰ বিষয়ে ভালদৰে বুজাত সহায় কৰে। জৰীপটোৱে মুখ্যতঃ পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে দেশৰ অগ্ৰাধিকাৰ আৰু কেন্দ্ৰীয় বাজেটত কোনবোৰ খণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন হ’ব, সেয়া বুজি পোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু