--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন৷ আজি আৰম্ভ হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে৷ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনত ভাষণ প্ৰদান কৰিব। ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে ২০২১-২২ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰিব৷ কাইলৈ পুৱা ১১ বজাত কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ’ব৷ সংসদৰ বাজেট অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ ইচ্ছ্যুৰে সাজু হৈছে বিৰোধী৷ পেগাচাছ স্পাইৱেৰ সম্পৰ্কীয় ইজৰাইল-ভাৰতৰ চুক্তি ফাদিল হোৱাৰ পাছত বিৰোধীয়ে এই বিষয়টোক লৈ সদন উত্তাল কৰাৰ সম্ভাৱনা আছে৷ ব্যক্তি গোপনীয়তা ভংগৰে পেগাচাছ স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল দেশৰ কেইবাগৰাকীও সাংবাদিক, নেতা, বুদ্ধিজীৱীৰ ফোনত কৰা হৈছিল চোৰাংচোৱাগিৰি৷ লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ইতিমধ্যে চৰকাৰ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ বিৰুদ্ধে সদনক বিপথে পৰিচালিত কৰাৰ বাবে বিশেষাধিকাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে অধ্যক্ষ ওম বিৰলালৈ পত্ৰ লিখিছে, কিয়নো চৰকাৰে যোৱা বছৰ সংসদত এক বিবৃতিত গুপ্তচৰবৃত্তিৰ অভিযোগ অস্বীকাৰ কৰিছিল। পেগাচাছ চুক্তি ফাদিল হোৱাৰ পাছত শলঠেকত পৰা বিজেপিক উভতি ধৰিবলৈ সাজু দেশৰ বিৰোধী দলসমূহ৷ একেদৰে, কৃষক বিদ্ৰোহে জোকাৰি যোৱা ভাৰতৰ কৃষকৰ সমস্যাবোৰ আজিৰ অধিৱেশনতে উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰই প্ৰতিশ্ৰুতি পূৰণ নকৰি প্ৰতাৰণা কৰাৰ অভিযোগত আজি কৃষকে দেশজুৰি পালন কৰিব বিশ্বাসঘাতকতা দিৱস৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে দেওবাৰে ঘোষণা কৰে এই কথা। টিকাইটে কয় যে কেন্দ্ৰীয় চৰকাৰে যিখন পত্ৰৰ আধাৰত যোৱা বছৰৰ ৯ ডিচেম্বৰত কৃষক আন্দোলন স্থগিত কৰোৱাইছিল, সেই পত্ৰখনত উল্লেখিত কোনো প্ৰতিশ্ৰুতিয়েই অদ্যপি পূৰণ কৰা নাই। কৃষক বিদ্ৰোহ আৰু প্ৰতিবাদী কৃষকক কেন্দ্ৰই কৰা প্ৰতাৰণাৰ বিৰুদ্ধে বাজেট অধিৱেশনত বিৰোধীয়ে সৰব ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে৷ একেদৰে, দেশৰ বিধ্বস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো বাস্তৱসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ জিডিপি হাৰ ঋণাত্মক পৰিসংখ্যালৈ অৱনমিত হৈছে৷ চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছে দেশৰ বেংকবোৰ৷ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ ইচ্ছ্যু হ’ব দেশৰ অৰ্থনীতিৰ দুৰৱস্থা৷ দুটা ভাগত দুমাহ চলিবলগীয়া সংসদৰ বাজেট অধিৱেশনৰ বাবে এইসমূহ বিষয় লৈয়ে সাজু হৈছে দেশৰ বিৰোধী দলসমূহ৷ একেদৰে, চৰকাৰৰ বাজেটৰ প্ৰতিও দৃষ্টি ৰাখিছে দেশবাসীয়ে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে আৰম্ভ হোৱা সংসদৰ এই বাজেট অধিৱেশনে দেশবাসীলৈ কি বাৰ্তা কঢ়িয়াই আনে, সেয়া লক্ষ্যণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ