--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ডাঙৰ বাজেটৰ ছবি 'পাঠান' বুধবাৰে মুক্তি দিয়া হৈছে। যশ ৰাজ ফিল্মছৰ ছৱিখনে মুক্তিৰ দিনাই দেশত ধুমুহাৰ সৃষ্টি কৰিছে৷

যথেষ্ট বিতৰ্ক আৰু বয়কট গেঙৰ ৰোষৰ সন্মুখীন হোৱা স্বত্বেও ছবিখনে প্ৰথম দিনাই ৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে। ছবিখনে শুক্ৰবাৰৰ ভিতৰতে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।

‘পাঠান’ নিৰ্মাণ কৰোতে বহুকেইটা ঘটনা সংঘটিত হৈছিল, যিসমূহ অনুৰাগীসকলে শেহতীয়াকৈ জানিব পাৰিছে৷ চাওঁ আহক ‘পাঠান’ সন্দৰ্ভত কিছু নতুন তথ্য!

'পাঠান' হৈছে যশ ৰাজ ফিল্মছৰ সৈতে শ্বাহৰুখৰ ১১ তম ছবি আৰু দীপিকাৰ তৃতীয় খন ছবি। বলীউডৰ 'ভাইজান' চলমান খানকো শ্বাহৰুখৰ এই ছবিখনত দেখা গৈছে। চলমানে এই ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। ‘পাঠান' যশৰাজৰ তৃতীয় খন ছবি য'ত চলমানক দেখা গৈছে৷

শ্বাহৰুখ খান আৰু দীপিকা পাডুকনক পাঠানৰ সৈতে বৰ্তমানলৈকে চাৰিখন চলচ্চিত্ৰত একেলগে দেখা গৈছে। ইয়াৰ পূৰ্বে শ্বাহৰুখ আৰু দীপিকাক 'ওম শান্তি ওম', 'চেন্নাই এক্সপ্ৰেছ' আৰু 'হেপ্পী নিউ ইউয়েৰ'ৰ মুখ্য চৰিত্ৰত একেলগে দেখা গৈছিল। এই চাৰিওখন চলচ্চিত্ৰত বিশাল-শেখৰৰ সংগীত আছিল৷

শ্বাহৰুখ আৰু দীপিকাই অতীতত একেলগে তিনিখন ছবি কৰিছিল, কিন্তু 'পাঠান' হৈছে প্ৰথমখন ছবি য'ত দুয়োকে একচন ষ্টাৰৰ ৰূপত দেখা গৈছে৷

প্ৰায় চাৰি বছৰৰ পিছত শ্বাহৰুখৰ ছবি পুনৰ ডাঙৰ পৰ্দাত মুক্তি দিয়া হৈছে। তেওঁৰ অন্তিম খন ছবি আছিল 'জিৰো'।২০১৮ চনত মুক্তি দিয়া হৈছিল ‘জিৰো’।

শ্বাহৰুখ-দীপিকাৰ কোনো ছবি কেতিয়াও বক্স অফিচত ফ্লপ হোৱা  নাই। 'পাঠান'ৰ আগতে তেওঁলোকৰ তিনিওখন ছবিয়ে একেলগে বক্স অফিচত ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল। 'পাঠান'-এও লাভ কৰিছে অপাৰ জনপ্ৰিয়তা।

যশ ৰাজ ফিল্মছে 'পাঠান' নিৰ্মাণৰ বাবে মুঠ ২৫০ কোটি টকা ব্যয় কৰিছে। যশ ৰাজৰ ‘গুপ্তচৰ ব্ৰহ্মাণ্ড’ৰ চতুৰ্থখন ছবি হৈছে 'পাঠান'। ইয়াৰ পিছত চলমানৰ 'টাইগাৰ-৩' আৰু হৃত্বিকৰ 'ৱাৰ-২' মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement