--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ডাঙৰ বাজেটৰ ছবি 'পাঠান' বুধবাৰে মুক্তি দিয়া হৈছে। যশ ৰাজ ফিল্মছৰ ছৱিখনে মুক্তিৰ দিনাই দেশত ধুমুহাৰ সৃষ্টি কৰিছে৷

যথেষ্ট বিতৰ্ক আৰু বয়কট গেঙৰ ৰোষৰ সন্মুখীন হোৱা স্বত্বেও ছবিখনে প্ৰথম দিনাই ৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে। ছবিখনে শুক্ৰবাৰৰ ভিতৰতে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।

‘পাঠান’ নিৰ্মাণ কৰোতে বহুকেইটা ঘটনা সংঘটিত হৈছিল, যিসমূহ অনুৰাগীসকলে শেহতীয়াকৈ জানিব পাৰিছে৷ চাওঁ আহক ‘পাঠান’ সন্দৰ্ভত কিছু নতুন তথ্য!

'পাঠান' হৈছে যশ ৰাজ ফিল্মছৰ সৈতে শ্বাহৰুখৰ ১১ তম ছবি আৰু দীপিকাৰ তৃতীয় খন ছবি। বলীউডৰ 'ভাইজান' চলমান খানকো শ্বাহৰুখৰ এই ছবিখনত দেখা গৈছে। চলমানে এই ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। ‘পাঠান' যশৰাজৰ তৃতীয় খন ছবি য'ত চলমানক দেখা গৈছে৷

শ্বাহৰুখ খান আৰু দীপিকা পাডুকনক পাঠানৰ সৈতে বৰ্তমানলৈকে চাৰিখন চলচ্চিত্ৰত একেলগে দেখা গৈছে। ইয়াৰ পূৰ্বে শ্বাহৰুখ আৰু দীপিকাক 'ওম শান্তি ওম', 'চেন্নাই এক্সপ্ৰেছ' আৰু 'হেপ্পী নিউ ইউয়েৰ'ৰ মুখ্য চৰিত্ৰত একেলগে দেখা গৈছিল। এই চাৰিওখন চলচ্চিত্ৰত বিশাল-শেখৰৰ সংগীত আছিল৷

শ্বাহৰুখ আৰু দীপিকাই অতীতত একেলগে তিনিখন ছবি কৰিছিল, কিন্তু 'পাঠান' হৈছে প্ৰথমখন ছবি য'ত দুয়োকে একচন ষ্টাৰৰ ৰূপত দেখা গৈছে৷

প্ৰায় চাৰি বছৰৰ পিছত শ্বাহৰুখৰ ছবি পুনৰ ডাঙৰ পৰ্দাত মুক্তি দিয়া হৈছে। তেওঁৰ অন্তিম খন ছবি আছিল 'জিৰো'।২০১৮ চনত মুক্তি দিয়া হৈছিল ‘জিৰো’।

শ্বাহৰুখ-দীপিকাৰ কোনো ছবি কেতিয়াও বক্স অফিচত ফ্লপ হোৱা  নাই। 'পাঠান'ৰ আগতে তেওঁলোকৰ তিনিওখন ছবিয়ে একেলগে বক্স অফিচত ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল। 'পাঠান'-এও লাভ কৰিছে অপাৰ জনপ্ৰিয়তা।

যশ ৰাজ ফিল্মছে 'পাঠান' নিৰ্মাণৰ বাবে মুঠ ২৫০ কোটি টকা ব্যয় কৰিছে। যশ ৰাজৰ ‘গুপ্তচৰ ব্ৰহ্মাণ্ড’ৰ চতুৰ্থখন ছবি হৈছে 'পাঠান'। ইয়াৰ পিছত চলমানৰ 'টাইগাৰ-৩' আৰু হৃত্বিকৰ 'ৱাৰ-২' মুক্তিৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু