--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বছৰত অভিনেতা ছলমান খানে মাত্ৰ এখন ছবিহে মুক্তি দিছিল। সেয়া হৈছে ‘কিছি কা ভাই কিচি কি জান’। কিন্তু সেই ছবিখনে বক্স অফিচত ব্যৱসায় কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ পাছতো ছলমানে নিজৰ লাভ-লোকচানৰ কথা একেবাৰেই গুৰুত্ব নিদিয়ে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ছলমানৰ এটা পুৰণি ভিডিঅ’। সেই ভিডিঅ’টোত ছলমানে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। ভিডিঅ’টোত দেখা গৈছে যে মঞ্চত ছলমান, তলত দৰ্শকে চিঞৰিছে। ইয়াৰে অধিকাংশই ছলমানৰ অনুৰাগী। মাইকটো মুখলৈ আনি ছলমানে কথা ক’বলৈ ধৰিলে।

ছলমানে দৰ্শকক পৰ্যাপ্ত ধন থাকিলেহে চিনেমা চাবলৈ যাবলৈ পৰামৰ্শ দিয়ে। ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, পৰীক্ষা, ঘৰুৱা কাম- এই সকলোবোৰৰ গুৰুত্ব অতি উচ্চ বুলিও কয় ছলমানে।
 
সকলোৱে পঢ়া-শুনা কৰি, কেৰিয়াৰ সৃষ্টি কৰি নিজৰ ভৱিষ্যত সুন্দৰ কৰি তুলিব লাগে বুলিও কয় ছলমানে। ছলমানে কয়, ‘মই ইমান স্বাৰ্থপৰ নহয় যে মই কেৱল মোৰ উপাৰ্জন আৰু চলচ্চিত্ৰ ব্যৱসায়ৰ কথাহে ভাবো। মোৰ বাবে মোৰ নিজৰ লাভৰ আগত দৰ্শক আহে।’’

ছলমানে কয়- ''তেওঁ নিজৰ কেৰিয়াৰত যিখিনি লাভ কৰিব লাগিছিল, যিখিনি উপাৰ্জন কৰিব লাগিছিল, সেইখিনি কৰিছে। আৰু তেওঁৰ জীৱনত কোনো নতুন সাধন নাই।’’

ছলমানে কয়- ''মই এনেকৈয়ে থাকিম। কেতিয়াবা কম টকাত কাম কৰিম। কেতিয়াবা অধিক টকাৰ বাবে কাম কৰিম। মোৰ কোনো ক্ষতি নহ’ব। কিন্তু মই প্ৰথমে দৰ্শকৰ কথা ভাবিম।’’

ছবিৰ প্ৰচাৰ সন্দৰ্ভতো মন্তব্য কৰে ছলমানে। অভিনেতাগৰাকীয়ে কয়- ''আমি আমাৰ ছবিসমূহৰ প্ৰচাৰ ইমানেই হুলস্থুল কৰি আমাৰ বন্ধুসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হওঁ যে দৰ্শকে কিবা এটা বিশাল বুলি ভাবে। অতিৰিক্ত টকা থাকিলেহে চিনেমা চাবলৈ যাওক। মই উদ্যোগটোৰ একমাত্ৰ তাৰকা যিয়ে আপোনালোকক এই পৰামৰ্শ দিম।''

অৱশ্যে ছলমানৰ এই ভিডিঅ’টো কেতিয়াৰ জানিব পৰা হোৱা নাই। কিন্তু অভিনেতাগৰাকীয়ে নেটিজেনৰ হৃদয় জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু