--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বছৰত অভিনেতা ছলমান খানে মাত্ৰ এখন ছবিহে মুক্তি দিছিল। সেয়া হৈছে ‘কিছি কা ভাই কিচি কি জান’। কিন্তু সেই ছবিখনে বক্স অফিচত ব্যৱসায় কৰিব নোৱাৰিলে। কিন্তু ইয়াৰ পাছতো ছলমানে নিজৰ লাভ-লোকচানৰ কথা একেবাৰেই গুৰুত্ব নিদিয়ে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে ছলমানৰ এটা পুৰণি ভিডিঅ’। সেই ভিডিঅ’টোত ছলমানে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। ভিডিঅ’টোত দেখা গৈছে যে মঞ্চত ছলমান, তলত দৰ্শকে চিঞৰিছে। ইয়াৰে অধিকাংশই ছলমানৰ অনুৰাগী। মাইকটো মুখলৈ আনি ছলমানে কথা ক’বলৈ ধৰিলে।

ছলমানে দৰ্শকক পৰ্যাপ্ত ধন থাকিলেহে চিনেমা চাবলৈ যাবলৈ পৰামৰ্শ দিয়ে। ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, পৰীক্ষা, ঘৰুৱা কাম- এই সকলোবোৰৰ গুৰুত্ব অতি উচ্চ বুলিও কয় ছলমানে।
 
সকলোৱে পঢ়া-শুনা কৰি, কেৰিয়াৰ সৃষ্টি কৰি নিজৰ ভৱিষ্যত সুন্দৰ কৰি তুলিব লাগে বুলিও কয় ছলমানে। ছলমানে কয়, ‘মই ইমান স্বাৰ্থপৰ নহয় যে মই কেৱল মোৰ উপাৰ্জন আৰু চলচ্চিত্ৰ ব্যৱসায়ৰ কথাহে ভাবো। মোৰ বাবে মোৰ নিজৰ লাভৰ আগত দৰ্শক আহে।’’

ছলমানে কয়- ''তেওঁ নিজৰ কেৰিয়াৰত যিখিনি লাভ কৰিব লাগিছিল, যিখিনি উপাৰ্জন কৰিব লাগিছিল, সেইখিনি কৰিছে। আৰু তেওঁৰ জীৱনত কোনো নতুন সাধন নাই।’’

ছলমানে কয়- ''মই এনেকৈয়ে থাকিম। কেতিয়াবা কম টকাত কাম কৰিম। কেতিয়াবা অধিক টকাৰ বাবে কাম কৰিম। মোৰ কোনো ক্ষতি নহ’ব। কিন্তু মই প্ৰথমে দৰ্শকৰ কথা ভাবিম।’’

ছবিৰ প্ৰচাৰ সন্দৰ্ভতো মন্তব্য কৰে ছলমানে। অভিনেতাগৰাকীয়ে কয়- ''আমি আমাৰ ছবিসমূহৰ প্ৰচাৰ ইমানেই হুলস্থুল কৰি আমাৰ বন্ধুসকলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হওঁ যে দৰ্শকে কিবা এটা বিশাল বুলি ভাবে। অতিৰিক্ত টকা থাকিলেহে চিনেমা চাবলৈ যাওক। মই উদ্যোগটোৰ একমাত্ৰ তাৰকা যিয়ে আপোনালোকক এই পৰামৰ্শ দিম।''

অৱশ্যে ছলমানৰ এই ভিডিঅ’টো কেতিয়াৰ জানিব পৰা হোৱা নাই। কিন্তু অভিনেতাগৰাকীয়ে নেটিজেনৰ হৃদয় জয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক