--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৭ চনৰ মিষ্টাৰ ইণ্ডিয়া ছবিখনত ‘কেটে নাহি কট্টে য়েহ দিন য়ে ৰাত’ গীতটো নিশাটোৰ ভিতৰতে হিট হৈ পৰিছিল। গানটোৰ দ্বাৰাই আলিশা চিনাইয়ে নিজৰ কেৰিয়াৰত এক নতুন মাইলৰ খুঁটি গঢ়ি তুলিছিল। আলিশাই বলীউডৰ অভিনেত্ৰী দিব্য ভাৰতী, শ্ৰীদেৱী, জুহি চাওলা, মাধুৰী দীক্ষিতৰ বাবে গীত গাইছে। কিন্তু এতিয়া কি কৰি আছে প্ৰখ্যাত গায়িকাগৰাকীয়ে?

আলিছাৰ জন্ম হৈছিল ১৯৬৫ চনৰ ১৮ মাৰ্চত গুজৰাটৰ আহমেদাবাদত। জন্মৰ সময়ত তেওঁৰ নাম সুজাতা আছিল যদিও পিছত নাম সলনি কৰি গায়িকা আলিশা কৰে। উস্তাদ গুলাম আলীৰ কণ্ঠত গজল শুনি আলিশাই সংগীতৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।

পঢ়া-শুনাৰ লগতে আলিশাই সংগীতৰ চৰ্চাও আৰম্ভ কৰে। ২০ বছৰ বয়সৰ পৰাই তেওঁ সংগীতক পেছা হিচাপে বাছি লৈছিল। ১৯৮৫ চনত আলিশ্বেৰে ‘জাডু’ নামৰ সংগীত এলবাম এটা মুকলি কৰে।

ইয়াৰ পিছত আলিশাক ‘বেবীডল’, ‘মেডোনা’, ‘কামসূত্ৰ’, ‘আহ...আলিছা!’ আদি কেইবাটাও সংগীত এলবামত গান গোৱা দেখা গৈছিল। নব্বৈৰ দশকত ভাৰতীয় সংগীত জগতত তেওঁ ‘কুইন অৱ ইণ্ডিপপ’ হিচাপে পৰিচিত হৈছিল।

আলিশাই কেৱল নিজৰ এলবামতে নহয় হিন্দী ছবিতো গান গাবলৈ আৰম্ভ কৰিছিল। আশীৰ দশকত আলিশাই বাপ্পী লাহিৰীৰ হাতত ধৰি ছবি জগতত প্ৰৱেশ কৰিছিল।

আলিশাই বাপ্পীৰ সৈতে ‘এডভেঞ্চাৰছ অৱ টাৰ্জান’, ‘ডান্স ডান্স’, ‘কমাণ্ডো’, ‘লাভ লাভ লাভ’, ‘গুৰু’ আদি হিন্দী ছবিত গীত গাইছিল। দিব্য ভাৰতী, মন্দাকিনী, স্মিতা পাটিল, শ্ৰীদেৱী, জুহি চাওলা, মাধুৰী দীক্ষিত আদি বহু বিখ্যাত অভিনেত্ৰীৰ বাবে গীত গায়।

১৯৮৫ চনত আলিছাই ৰেমো ফাৰ্নাণ্ডেজৰ সৈতে দক্ষিণ ভাষাৰ সংগীত এলবাম এটাতো গীত গাইছিল। ১৯৮৭ চনত দুবছৰৰ পিছত মুক্তি পোৱা ‘জলৱা’ ছবিতো গীত গাইছিল।

কিন্তু ‘মিষ্টাৰ ইণ্ডিয়া’ ছবিৰ কিশোৰ কুমাৰৰ সৈতে ‘কেটে নাহি কট্টে য়ে দিন য়ে ৰাত’ গীতটো গাই আলিশাই জনপ্ৰিয়তা অৰ্জন কৰে। তাৰ পিছত আলিশাই পিছলৈ ঘূৰি নাচালে। নব্বৈৰ দশকত অনু মালিক, আনন্দ-মিলিন্দ, ৰাজেশ ৰোশন, নদীম-শ্ৰৱণৰ দৰে সংগীত পৰিচালকৰ সৈতে কাম কৰিছিল।

লেছলি লুইছৰ সৈতে ‘বম্বে গাৰ্ল’ আৰু ১৯৯৫ চনত মুক্তি পোৱা ‘মেড ইন ইণ্ডিয়া’ এলবামৰ সফলতাৰ পিছত আলিছাৰ কেৰিয়াৰ শিখৰত উপনীত হয়। কিন্তু একে সময়তে তেওঁ বিতৰ্কৰ মাজত সোমাই পৰিল।

আলিশাই সংগীত পৰিচালক অনু মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। ক্ষতিপূৰণ হিচাপে ২৬ লাখ টকাৰো দাবী জনায় কণ্ঠশিল্পীগৰাকীয়ে।

আলিছাৰ অভিযোগৰ বিৰুদ্ধেও অনুৱে পাল্টা অভিযোগ দাখিল কৰে। আলিছাৰ বিৰুদ্ধে মানহানিৰ এজাহাৰ দাখিল কৰি অনুৱে ২ কোটি টকা ক্ষতিপূৰণৰ দাবী জনায়। কেইবাবছৰ ধৰি মামলাৰ অন্তত দুয়োটা পক্ষই নিষ্পত্তি কৰে।

অনুৰ সৈতে বিতৰ্কত লিপ্ত হোৱাৰ পিছত আলিশাই নিজকে সংগীত জগতৰ পৰা আঁতৰাই পেলায়। ১৯৮৬ চনত আলিশাই তেওঁৰ মেনেজাৰ ৰাজেশ জাবেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ আঠ বছৰৰ পাছত ১৯৯৪ চনত বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লয়।

সংগীত জগতৰ পৰা সাময়িক বিৰতিৰ অন্তত ২০০২ চনত পুনৰ হিন্দী চলচ্চিত্ৰ জগতলৈ ঘূৰি আহে আলিশা। ২০০২ চনত যশ চোপ্ৰাৰ প্ৰযোজনা ‘মুঝছে দোস্তি কৰোগে!’ ছবিখন মুক্তি পায়। এই ছবিখনত গান গাই আলিশাই পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

অনুৰ সৈতে হোৱা সংঘাতৰ পিছত ২০০৩ চনত পুনৰ অনুৰ সৈতে কাম কৰিছিল আলিশাই। ২০০৩ চনত মুক্তি লাভ কৰিছিল বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ প্ৰথমখন ছবি ‘ইছক বিষ্ক’। এই ছবিখনত আলিশাক অনুৰ সৈতে গান গোৱা দেখা গৈছে।

‘ইছক বিষ্ক’ৰ পাছত আলিশাই অনুৰ সৈতে হিন্দী ছবি ‘ফিদা’, ‘নো এণ্ট্ৰি’, ‘লাভ ষ্ট’ৰী ২০৫০’, ‘আগলী ঔৰ পাগলী’, ‘কম্বাখাত ইছক’ত গীত গাইছিল। ২০০৫ চনত মুক্তি পোৱা ‘বাণ্টী ঔৰ বাবলি’ ছবিত ‘কাজৰা ৰে’ গীতটি গাই সফলতাৰ শিখৰত উপনীত হয় আলিশাই।

আলিশাই ২০০০ চনৰ পৰা ২০০৯ চনলৈ শংকৰ-এহছান-লয়, প্ৰীতম, হিমেশ ৰেশমীয়াৰ দৰে গায়ক আৰু সুৰকাৰৰ সৈতে কাম কৰিছিল। ২০০৭ চনত জাভেদ আখতাৰ, অনু মালিক, উদিত নাৰায়ণৰ সৈতে গায়ক ৰিয়েলিটি শ্ব’ৰ বিচাৰকৰ আসনত আলিশাক দেখা গৈছিল।

চৰ্চা চলিছিল যে ২০০৩ চনত আলিছাই কানাডাৰ সংগীত শিল্পী ৰমেল কাজোয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু পিছত সেই বিষয়ে একো গম পোৱা নগ’ল। ২০২২ চনত তেওঁ ‘চামকেগা ইণ্ডিয়া’ নামৰ গীত এটা ৰচনা কৰিছিল আৰু সেই গীতটো গাই থকা দেখা গৈছিল।

৫৮ বছৰীয়া কণ্ঠশিল্পীগৰাকীক বেছিভাগ সময়তে ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা যায়। ইতিমধ্যে ইনষ্টাগ্ৰামত আলিছাৰ অনুৰাগীৰ সংখ্যাই ৬৮ হাজাৰ অতিক্ৰম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু