--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানৱতা আৰু সততাৰ এতিয়াও মৃত্যু ঘটা নাই । সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এজন অটো চালকে।  মহিলাগৰাকীয়ে  তেওঁৰ ল'ৰা ছোৱালীৰ সৈতে বিয়ালৈ গৈ আছিল।  খৰখেদাকৈ অটোৰ পৰা নামি যোৱাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ  বেগটো  পাহৰি অটোতে এৰি থৈ গ’ল। 

মোনাটোত ৫ লাখ টকাৰ সোণৰ অলংকাৰ আছিল। মহিলাগৰাকী নামি যোৱাৰ পিছত অটো চালকজন ঘৰলৈ উভতি আহিছিল। অটোৰ চালকজনে সোণেৰে ভৰ্তি বেগ দেখা পাই লগে লগে  আৰক্ষীৰ কাষ চাপে। তেওঁ আৰক্ষীৰ হাতত বেগটো ওভতাই দি মহিলাগৰাকীৰ সন্ধান কৰিবলৈ অনুৰোধ জনায়।   ঘটনাটো  ওড়িশাৰ ভদ্ৰক অঞ্চলত সংঘটিত হৈছে। অটো  চালকজনৰ নাম  ইনায়ত খান ।আৰক্ষীয়ে সন্ধান চলাই শুভস্মিতা লেঙ্কা নামৰ মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হয়। 

তালানগৰ অঞ্চলৰ শুভস্মিতাই তেওঁৰ সন্তানৰ সৈতে ইনায়াতৰ অটোত গৈছিল।ইনায়াতে কয় যে মহিলাগৰাকীক নমাই থৈ তেওঁ  ঘৰলৈ গৈছিল আৰু  অটোৰ ভিতৰত এটা মোনা পৰি থকা দেখিছিল। ইনায়াতে ধৰিব পাৰিছিল  যে বেগটো এগৰাকী মহিলা যাত্ৰীগৰাকীৰেই হ’ব   তেওঁ লগে লগে তালানগৰ আৰু ঝামঝাৰী অঞ্চলত মহিলাগৰাকীক বিচাৰি  গৈছিল। কিন্তু  ইনায়েতে মহিলাগৰাকীক বিচাৰি নাপালে। অৱশেষত  তেওঁ বেগটো ভদ্ৰক আৰক্ষী থানাত চমজাই দিয়ে। পিছত শুভস্মিতাই আৰক্ষী থানাৰ পৰা তেওঁৰ  বেগটো সংগ্ৰহ কৰে। 

সুভাষমিতাই কয় যেতেওঁৰ বেগত সোণ আছিল। সেয়া বিয়াত দিবলৈ নিছিল।বেগটো ঘূৰাই দিয়াৰ বাবে তেওঁ ইনায়াতক ধন্যবাদ জ্ঞাপন কৰে। অটো চালকগৰাকীৰ এনে সততাই সকলোকে আনন্দিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement