--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানৱতা আৰু সততাৰ এতিয়াও মৃত্যু ঘটা নাই । সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে এজন অটো চালকে।  মহিলাগৰাকীয়ে  তেওঁৰ ল'ৰা ছোৱালীৰ সৈতে বিয়ালৈ গৈ আছিল।  খৰখেদাকৈ অটোৰ পৰা নামি যোৱাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ  বেগটো  পাহৰি অটোতে এৰি থৈ গ’ল। 

মোনাটোত ৫ লাখ টকাৰ সোণৰ অলংকাৰ আছিল। মহিলাগৰাকী নামি যোৱাৰ পিছত অটো চালকজন ঘৰলৈ উভতি আহিছিল। অটোৰ চালকজনে সোণেৰে ভৰ্তি বেগ দেখা পাই লগে লগে  আৰক্ষীৰ কাষ চাপে। তেওঁ আৰক্ষীৰ হাতত বেগটো ওভতাই দি মহিলাগৰাকীৰ সন্ধান কৰিবলৈ অনুৰোধ জনায়।   ঘটনাটো  ওড়িশাৰ ভদ্ৰক অঞ্চলত সংঘটিত হৈছে। অটো  চালকজনৰ নাম  ইনায়ত খান ।আৰক্ষীয়ে সন্ধান চলাই শুভস্মিতা লেঙ্কা নামৰ মহিলাগৰাকীক বিচাৰি উলিয়াবলৈ সক্ষম হয়। 

তালানগৰ অঞ্চলৰ শুভস্মিতাই তেওঁৰ সন্তানৰ সৈতে ইনায়াতৰ অটোত গৈছিল।ইনায়াতে কয় যে মহিলাগৰাকীক নমাই থৈ তেওঁ  ঘৰলৈ গৈছিল আৰু  অটোৰ ভিতৰত এটা মোনা পৰি থকা দেখিছিল। ইনায়াতে ধৰিব পাৰিছিল  যে বেগটো এগৰাকী মহিলা যাত্ৰীগৰাকীৰেই হ’ব   তেওঁ লগে লগে তালানগৰ আৰু ঝামঝাৰী অঞ্চলত মহিলাগৰাকীক বিচাৰি  গৈছিল। কিন্তু  ইনায়েতে মহিলাগৰাকীক বিচাৰি নাপালে। অৱশেষত  তেওঁ বেগটো ভদ্ৰক আৰক্ষী থানাত চমজাই দিয়ে। পিছত শুভস্মিতাই আৰক্ষী থানাৰ পৰা তেওঁৰ  বেগটো সংগ্ৰহ কৰে। 

সুভাষমিতাই কয় যেতেওঁৰ বেগত সোণ আছিল। সেয়া বিয়াত দিবলৈ নিছিল।বেগটো ঘূৰাই দিয়াৰ বাবে তেওঁ ইনায়াতক ধন্যবাদ জ্ঞাপন কৰে। অটো চালকগৰাকীৰ এনে সততাই সকলোকে আনন্দিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু