--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণবিবাহৰ বাবে চৰকাৰে ধন দিব। সেই ধন যিকোনো প্ৰকাৰে সৰকোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হ’ল এখন ভুৱা গণবিবাহ। এই ভুৱা গণবিবাহৰ স্থান উত্তৰ প্ৰদেশ। গণবিবাহত নাছিল কোনো দৰা । কইনাসকলে  গাঢ় কমলা শাৰী পিন্ধি শাৰীবদ্ধ হৈ থিয় হৈ আছিল ।  সকলোৰে মূৰ ঢকা আছিল।  কিন্তু  বায়া খনত কোনো দৰাক দেখা পোৱা নগ’ল। অলপ সময়ৰ পিছত, দেখা গ’ল  যে কইনাসকলে নিজেই তেওঁলোকৰ ডিঙিত মালা পিন্ধৈইছে! এনেদৰেই গণ বিবাহ অনুষ্ঠান দৰা অবিহনেই  সম্পূৰ্ণ কৰা হ’ল। তোলা হ’ল ফটোও।

ঘটনাটো উত্তৰ প্ৰদেশৰ বালিয়া জিলাত সংঘটিত হৈছে। সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত মানিয়াৰ আন্তঃ মহাবিদ্যালয় চৌহদত  গণ বিবাহৰ আয়োজন কৰা হৈছিল।সেই বিবাহৰ এটা ভিডিঅ' ফুটেজ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।  ভিডিঅ'টোত বিয়াখন দৰা অবিহনে  অনুষ্ঠিত হোৱা দেখা গৈছে । অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে  স্থানীয় প্ৰশাসনে এই বিষয়ত  তদন্ত আৰম্ভ কৰিছে। গাওঁবাসীয়ে অভিযোগ কৰিছে  যে চৰকাৰী ধন পাবলৈ এনেদৰে ভুৱা গণ বিবাহৰ ব্যৱস্থা কৰা হৈছিল। তাত কাৰো বিয়া হোৱা নাছিল। স্থানীয় লোকসকলে অভিযোগ কৰিছে  যে বহু পুৰুষো শাৰী পিন্ধা মহিলাসকলৰ  ভিতৰৰ আছিল।

সেই গণ বিবাহ অনুষ্ঠানৰ বাবে   ৫৬৮ হাল দম্পতীৰ নাম পঞ্জীয়ন কৰা হৈছিল। চৰকাৰে গণ বিবাহৰ বাবে প্ৰতি দম্পতীৰ নামত  ৫১,০০০ টকা আৱণ্টন কৰিছিল।  কোৱা হৈছিল যে টকাখিনি বিয়াৰ পিছতহে উপলব্ধ হ'ব। ইয়াৰ ভিতৰত ৩৫,০০০ টকা পোনপটীয়াকৈ কইনাৰ বেংক একাউণ্টত জমা কৰিব বুলি চৰকাৰে কৈছিল। ইয়াৰ উপৰি  দৰাৰ বাবে ১০,০০০  টকাৰ উপহাৰ ঘোষণা কৰা হৈছিল।  তদন্তৰ পিছত  মণিয়াৰ আৰক্ষী থানাত আঠগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ঘটনাটো গাপ দি ৰখা বাবে অতিৰিক্ত উন্নয়ন বিষয়া সুনীৰ কুমাৰ যাদৱৰ বিৰুদ্ধেও  এজাহাৰও পঞ্জীয়ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু