--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গণবিবাহৰ বাবে চৰকাৰে ধন দিব। সেই ধন যিকোনো প্ৰকাৰে সৰকোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হ’ল এখন ভুৱা গণবিবাহ। এই ভুৱা গণবিবাহৰ স্থান উত্তৰ প্ৰদেশ। গণবিবাহত নাছিল কোনো দৰা । কইনাসকলে  গাঢ় কমলা শাৰী পিন্ধি শাৰীবদ্ধ হৈ থিয় হৈ আছিল ।  সকলোৰে মূৰ ঢকা আছিল।  কিন্তু  বায়া খনত কোনো দৰাক দেখা পোৱা নগ’ল। অলপ সময়ৰ পিছত, দেখা গ’ল  যে কইনাসকলে নিজেই তেওঁলোকৰ ডিঙিত মালা পিন্ধৈইছে! এনেদৰেই গণ বিবাহ অনুষ্ঠান দৰা অবিহনেই  সম্পূৰ্ণ কৰা হ’ল। তোলা হ’ল ফটোও।

ঘটনাটো উত্তৰ প্ৰদেশৰ বালিয়া জিলাত সংঘটিত হৈছে। সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত মানিয়াৰ আন্তঃ মহাবিদ্যালয় চৌহদত  গণ বিবাহৰ আয়োজন কৰা হৈছিল।সেই বিবাহৰ এটা ভিডিঅ' ফুটেজ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।  ভিডিঅ'টোত বিয়াখন দৰা অবিহনে  অনুষ্ঠিত হোৱা দেখা গৈছে । অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে  স্থানীয় প্ৰশাসনে এই বিষয়ত  তদন্ত আৰম্ভ কৰিছে। গাওঁবাসীয়ে অভিযোগ কৰিছে  যে চৰকাৰী ধন পাবলৈ এনেদৰে ভুৱা গণ বিবাহৰ ব্যৱস্থা কৰা হৈছিল। তাত কাৰো বিয়া হোৱা নাছিল। স্থানীয় লোকসকলে অভিযোগ কৰিছে  যে বহু পুৰুষো শাৰী পিন্ধা মহিলাসকলৰ  ভিতৰৰ আছিল।

সেই গণ বিবাহ অনুষ্ঠানৰ বাবে   ৫৬৮ হাল দম্পতীৰ নাম পঞ্জীয়ন কৰা হৈছিল। চৰকাৰে গণ বিবাহৰ বাবে প্ৰতি দম্পতীৰ নামত  ৫১,০০০ টকা আৱণ্টন কৰিছিল।  কোৱা হৈছিল যে টকাখিনি বিয়াৰ পিছতহে উপলব্ধ হ'ব। ইয়াৰ ভিতৰত ৩৫,০০০ টকা পোনপটীয়াকৈ কইনাৰ বেংক একাউণ্টত জমা কৰিব বুলি চৰকাৰে কৈছিল। ইয়াৰ উপৰি  দৰাৰ বাবে ১০,০০০  টকাৰ উপহাৰ ঘোষণা কৰা হৈছিল।  তদন্তৰ পিছত  মণিয়াৰ আৰক্ষী থানাত আঠগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ঘটনাটো গাপ দি ৰখা বাবে অতিৰিক্ত উন্নয়ন বিষয়া সুনীৰ কুমাৰ যাদৱৰ বিৰুদ্ধেও  এজাহাৰও পঞ্জীয়ন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ