--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শনিবাৰে হায়দৰাবাদৰ অফজালগঞ্জৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এটা হৃদয়বিদাৰক ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি যাত্ৰী এজনৰ অটোখনৰ ভাড়া হৈছিল ১৪০ টকা। কিন্তু অটো চালকজনৰ হাতত ভাড়া ঘূৰাই দিব পৰাকৈ পইচা নাছিল। গতিকে এজন পথচাৰীয়ে তেওঁক ৰাস্তাত মাৰপিট কৰিবলৈ ধৰিলে। গুৰুতৰভাৱে আহত অটো চালকজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ মাজতে অটচালক জনে মৃত্যুক আকোঁৱলি লয়।

শনিবাৰে হায়দৰাবাদৰ অফজালগঞ্জৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি অটো চালকজনৰ নাম শ্বেইখ আমজাদ (৬২)। তেওঁ হুমায়ুনগৰৰ বাসিন্দা। দৈনন্দিন ৰুটিন অনুসৰি শ্বেইখ ঘৰৰ পৰা ওলাই আহিছিল অটোৰে ভাড়া মাৰিবলৈ। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ শ্বেইখৰ অট’ত উঠে এগৰাকী মহিলা। গন্তব্য স্থানত নামি অহাৰ পিছত দেখা যায় যে অটো ভাড়াৰ বাবে ১৪০ টকা লোৱা হৈছে। ভাড়া দিয়াৰ পৰাই বিপদ আৰম্ভ হয়। মহিলাগৰাকীয়ে শ্বেইখৰ হাতত ২০০ টকীয়া নোট এখন দিছিল। কিন্তু শ্বেইখে কয় যে তেওঁৰ খুচুৰা নথকাৰ বাবে ২০০ টকীয়া নোটখন খুচুৰা কৰিব নোৱাৰিলে। সেইসময়ত অটোখনৰ সন্মুখত ফুটপাথত বহি আছিল এজন ব্যক্তি।

আন কোনো বিকল্প বিচাৰি নাপাই মহিলাগৰাকী ফুটপাথৰ বাসিন্দাজনৰ ওচৰলৈ গ’ল। মহিলাগৰাকীয়ে তেওঁৰ পৰা ১৪০ টকা লৈ অটো চালকক দি চিকিৎসালয়ৰ ভিতৰলৈ সোমাই গ’ল। ইয়াৰ পিছতে অটো চালকৰ সৈতে পথচাৰীৰ কাজিয়াত লিপ্ত হয়। তেওঁ শ্বেইখৰ পৰা ১০০ টকা বিচাৰে। শ্বেইকে ধন দিবলৈ আপত্তি কৰাৰ লগে লগে পদপথৰ লোক সকলে তেওঁক বাৰে বাৰে ঘোচা মাৰিবলৈ ধৰে।

গুৰুতৰভাৱে আহত শ্বেইখক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাৰ সময়ত শ্বেইখ আমজাদ মৃত্যু হয়। তদন্তৰ সময়ত আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ভিডিঅ’ পৰীক্ষা কৰি আছে। স্থানীয় আৰক্ষী বিষয়াসকলে আশ্বাস দিছে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement