--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শনিবাৰে হায়দৰাবাদৰ অফজালগঞ্জৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এটা হৃদয়বিদাৰক ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি যাত্ৰী এজনৰ অটোখনৰ ভাড়া হৈছিল ১৪০ টকা। কিন্তু অটো চালকজনৰ হাতত ভাড়া ঘূৰাই দিব পৰাকৈ পইচা নাছিল। গতিকে এজন পথচাৰীয়ে তেওঁক ৰাস্তাত মাৰপিট কৰিবলৈ ধৰিলে। গুৰুতৰভাৱে আহত অটো চালকজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ মাজতে অটচালক জনে মৃত্যুক আকোঁৱলি লয়।

শনিবাৰে হায়দৰাবাদৰ অফজালগঞ্জৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি অটো চালকজনৰ নাম শ্বেইখ আমজাদ (৬২)। তেওঁ হুমায়ুনগৰৰ বাসিন্দা। দৈনন্দিন ৰুটিন অনুসৰি শ্বেইখ ঘৰৰ পৰা ওলাই আহিছিল অটোৰে ভাড়া মাৰিবলৈ। মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ যাবলৈ শ্বেইখৰ অট’ত উঠে এগৰাকী মহিলা। গন্তব্য স্থানত নামি অহাৰ পিছত দেখা যায় যে অটো ভাড়াৰ বাবে ১৪০ টকা লোৱা হৈছে। ভাড়া দিয়াৰ পৰাই বিপদ আৰম্ভ হয়। মহিলাগৰাকীয়ে শ্বেইখৰ হাতত ২০০ টকীয়া নোট এখন দিছিল। কিন্তু শ্বেইখে কয় যে তেওঁৰ খুচুৰা নথকাৰ বাবে ২০০ টকীয়া নোটখন খুচুৰা কৰিব নোৱাৰিলে। সেইসময়ত অটোখনৰ সন্মুখত ফুটপাথত বহি আছিল এজন ব্যক্তি।

আন কোনো বিকল্প বিচাৰি নাপাই মহিলাগৰাকী ফুটপাথৰ বাসিন্দাজনৰ ওচৰলৈ গ’ল। মহিলাগৰাকীয়ে তেওঁৰ পৰা ১৪০ টকা লৈ অটো চালকক দি চিকিৎসালয়ৰ ভিতৰলৈ সোমাই গ’ল। ইয়াৰ পিছতে অটো চালকৰ সৈতে পথচাৰীৰ কাজিয়াত লিপ্ত হয়। তেওঁ শ্বেইখৰ পৰা ১০০ টকা বিচাৰে। শ্বেইকে ধন দিবলৈ আপত্তি কৰাৰ লগে লগে পদপথৰ লোক সকলে তেওঁক বাৰে বাৰে ঘোচা মাৰিবলৈ ধৰে।

গুৰুতৰভাৱে আহত শ্বেইখক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাৰ সময়ত শ্বেইখ আমজাদ মৃত্যু হয়। তদন্তৰ সময়ত আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ভিডিঅ’ পৰীক্ষা কৰি আছে। স্থানীয় আৰক্ষী বিষয়াসকলে আশ্বাস দিছে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু