--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ'-এ এতিয়া সৰ্বত্ৰে তোলপাৰ লগাইছে। ছবিখনে ইতিমধ্যে বক্স অফিচত ২০০ কোটিৰ অধিক ব্যৱসায়িক উপাৰ্জনেৰে অভিলেখ গঢ়িছে। সমালোচকৰ পৰা বলীউডৰ বহু তাৰকাই 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰশংসাত গদগদ হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে, মুম্বাইৰ এজন অটো চালকে দৃষ্টি কাঢ়িছে দেশবাসীৰ। পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিজেই টুইটাৰত অটো চালকজনৰ ভিডিঅ' শ্বেয়াৰ কৰি জনাইছে প্ৰণাম। বিবেকে শ্বেয়াৰ কৰা অটো চালকগৰাকীৰ ভিডিঅ'ত, এগৰাকী মহিলাক ছবিগৃহৰ সন্মুখত অটোৰ পৰা নামি অহা দেখা গৈছে। সেই ছবিগৃহত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন চলি আছিল। যেতিয়া অটো চালকজনে মহিলাগৰাকীৰ পৰা গম পালে যে মহিলাগৰাকীয়ে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন চাবলৈ গৈ আছে তেতিয়া অটো চালকজনে ভাড়া নলওঁ বুলি কয়। অটোচালক গৰাকীৰ কাণ্ডত হতবাক হৈ পৰে মহিলাগৰাকী। কিন্তু অনিচ্ছুক অটো চালকজনে একো ভাড়া ল'বলৈ ইচ্ছুক নহয়। হাজাৰ অনুৰোধৰ পাছতে নাছোৰবান্দা অটোচালক গৰাকীয়ে কোনোপধ্যে মহিলাগৰাকীৰ পৰা ভাড়া ল’বলৈ মান্তি নহ’ল। অটো চালকৰ স্পষ্টমত, ‘যদি মোৰ অটোত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন চাবলৈ আহে তেতিয়া ভাড়াৰ প্ৰয়োজন নাই।’ এনেদৰেই এই অটো চালকজনে ছবিখন অধিক জনপ্ৰিয় কৰিব বিচাৰে বুলি জানিবলৈ পোৱা গৈছে। স্বাভাৱিকতে, এতিয়া ভাইৰেল হৈ পৰিছে এইগৰাকী অটোচালক। এনে এটি ভিডিঅ’ই শ্বেয়াৰ কৰিছে বিবেকে। পোষ্টটো শ্বেয়াৰ কৰি অটোচালকজনক ধন্যবাদ জনাবলৈয়ো নাপাহৰিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। স্মৰ্তব্য যে, ১১ মাৰ্চত মুক্তি পাইছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখন। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেধৰণৰ বৰ্বৰ অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ আগৰ পৰাই ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক