--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক হামিয়াই থকাটো কেতবোৰ গুৰুৰ শাৰীৰিক বিসংগতি আৰু ৰোগৰ লক্ষণ হ’ব পাৰে৷ সাধাৰণতে আমাৰ টোপনি ক্ষতি হ’লে হামি আহি থাকে৷ আনহাতে নিশা ভাল টোপনি হোৱাৰ পিছতো বহুতৰে হামি আহি থাকে৷ স্বাস্থ্য বিজ্ঞানীসকলৰ মতে অত্যধিক হামিআহি থকাটো হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে৷ সেয়ে অত্যধিক হামি আহি থাকিলে তাক অবজ্ঞা কৰিব নালাগে৷ 

 যদি  অস্বাভাৱিকভাৱে হামি আহি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ । 
সঘনাই হামি  মাৰি থকাটো  হৃদযন্ত্ৰত আক্ৰমণৰ লক্ষণ  হ'ব পাৰে! বহুলোকে হামি মাৰোতে  বেলেগ বেলেগ শব্দ কৰে। এনে পৰিস্থিতিত হামি কমাবলৈ  হাত আৰু ভৰি বহলাই মেলি  দিয়ক, পিঠি পোন কৰক আৰু হামি মাৰক।  যদি টোপনিৰ অভাৱ হয়, ভাগৰ- লাগি থাকে, যদি কামত কোনো উৎসাহ নাথাকে, তেন্তে হামি আহি থাকিব পাৰে৷ বহুলোকৰ মাজত ভুল ধাৰণা আছে যে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ আৰু অতিৰিক্ত কাৰ্বন-ডাই অক্সাইড আঁতৰাবলৈ বাৰে বাৰে হামি আহে।  বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে হামি মৰাৰ  আগতে আৰু পিছত তেজত অক্সিজেনৰ পৰিমাণ একে হৈয়েই থাকে। 

যদি ভাগৰ অবিহনেই সঘনাইহামি অহাৰ  প্ৰৱণতা থাকে তেনেহ'লে যকৃতৰ সমস্যা  হ'ব পাৰে। পেটৰ বহুতো সমস্যাৰ ক্ষে্ৰতো সঘনাই হামি আহি থাকিব পাৰে৷ বহুসময়ত  ষ্ট্ৰোকৰ লক্ষণ হিচাপেও সঘনাই হামি আহিব  পাৰে। যেতিয়া মগজুৰ কোষবোৰ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় হামি অহাৰ  সমস্যা সঘনাই বৃদ্ধি হয়। ইয়াৰ বাহিৰেও যদি টোপনিৰ  অভাৱ হয়, সঘনাই হামি আহিব পাৰে৷  

সঘনাই হামি অহাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এনে কামবোৰ কৰিব পাৰে-

- যদি সঘনাই হামি আহে তেন্তে  নাকেৰে দীঘলকৈ উশাহ লওঁক। তাৰ পিছত ইয়াক মুখেৰেএৰি দিয়ক। এইটো কেইবাৰমান কৰক। দেখিব যেহামি  ক্ৰমান্বয়ে হ্ৰাস পাইছে।

- হামি আহি থাকিলে  ঠাণ্ডা পানী খাব পাৰে। চডা বা কাৰ্বনেটেড-যুক্ত পানীয়য়ো হামি দূৰ কৰাত  সহায় কৰে।

- হামি বেছিকৈ আহি থকিলে আইচক্ৰীমো খাব পাৰে। মিঠা খাদ্য খাব পাৰে । শৰীৰত চেনীৰ পৰিমাণ বৃদ্ধি কৰিলে অতি সহজে ভাগৰ আঁতৰ হ'ব।

- এক স্বাস্থ্যকৰ জীৱন যাপন কৰক। খোৱা-বোৱাত অনিয়ম, দিনত কম পানী খোৱা, শোৱাৰ সময়ত আন কাম কৰা - আদি কথাবোৰ কেতিয়াও নকৰিব৷  আমি  দিনত ৭-৮  ঘণ্টা শুব লাগে । তেতিয়াহে শৰীৰ স্বাস্থ্যৱান হৈ থাকিব৷
- যেতিয়া সঘনাই হামি আহে  খোজ কাঢ়ক। ই শৰীৰৰ শক্তি বৃদ্ধি কৰিব। ভাগৰ আঁতৰি যাব।

- নিয়মীয়াকৈ যোগাসন,  ব্যায়াম কৰক। পুৱাৰ আহাৰত যথেষ্ট পৰিমাণৰ প্ৰ'টিন আৰু আঁহ সমৃদ্ধ খাদ্য ৰাখিব। পাচলি, ফল দৈনিক আহাৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক