--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যধিক হামিয়াই থকাটো কেতবোৰ গুৰুৰ শাৰীৰিক বিসংগতি আৰু ৰোগৰ লক্ষণ হ’ব পাৰে৷ সাধাৰণতে আমাৰ টোপনি ক্ষতি হ’লে হামি আহি থাকে৷ আনহাতে নিশা ভাল টোপনি হোৱাৰ পিছতো বহুতৰে হামি আহি থাকে৷ স্বাস্থ্য বিজ্ঞানীসকলৰ মতে অত্যধিক হামিআহি থকাটো হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে৷ সেয়ে অত্যধিক হামি আহি থাকিলে তাক অবজ্ঞা কৰিব নালাগে৷ 

 যদি  অস্বাভাৱিকভাৱে হামি আহি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ । 
সঘনাই হামি  মাৰি থকাটো  হৃদযন্ত্ৰত আক্ৰমণৰ লক্ষণ  হ'ব পাৰে! বহুলোকে হামি মাৰোতে  বেলেগ বেলেগ শব্দ কৰে। এনে পৰিস্থিতিত হামি কমাবলৈ  হাত আৰু ভৰি বহলাই মেলি  দিয়ক, পিঠি পোন কৰক আৰু হামি মাৰক।  যদি টোপনিৰ অভাৱ হয়, ভাগৰ- লাগি থাকে, যদি কামত কোনো উৎসাহ নাথাকে, তেন্তে হামি আহি থাকিব পাৰে৷ বহুলোকৰ মাজত ভুল ধাৰণা আছে যে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰিবলৈ আৰু অতিৰিক্ত কাৰ্বন-ডাই অক্সাইড আঁতৰাবলৈ বাৰে বাৰে হামি আহে।  বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে হামি মৰাৰ  আগতে আৰু পিছত তেজত অক্সিজেনৰ পৰিমাণ একে হৈয়েই থাকে। 

যদি ভাগৰ অবিহনেই সঘনাইহামি অহাৰ  প্ৰৱণতা থাকে তেনেহ'লে যকৃতৰ সমস্যা  হ'ব পাৰে। পেটৰ বহুতো সমস্যাৰ ক্ষে্ৰতো সঘনাই হামি আহি থাকিব পাৰে৷ বহুসময়ত  ষ্ট্ৰোকৰ লক্ষণ হিচাপেও সঘনাই হামি আহিব  পাৰে। যেতিয়া মগজুৰ কোষবোৰ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় হামি অহাৰ  সমস্যা সঘনাই বৃদ্ধি হয়। ইয়াৰ বাহিৰেও যদি টোপনিৰ  অভাৱ হয়, সঘনাই হামি আহিব পাৰে৷  

সঘনাই হামি অহাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এনে কামবোৰ কৰিব পাৰে-

- যদি সঘনাই হামি আহে তেন্তে  নাকেৰে দীঘলকৈ উশাহ লওঁক। তাৰ পিছত ইয়াক মুখেৰেএৰি দিয়ক। এইটো কেইবাৰমান কৰক। দেখিব যেহামি  ক্ৰমান্বয়ে হ্ৰাস পাইছে।

- হামি আহি থাকিলে  ঠাণ্ডা পানী খাব পাৰে। চডা বা কাৰ্বনেটেড-যুক্ত পানীয়য়ো হামি দূৰ কৰাত  সহায় কৰে।

- হামি বেছিকৈ আহি থকিলে আইচক্ৰীমো খাব পাৰে। মিঠা খাদ্য খাব পাৰে । শৰীৰত চেনীৰ পৰিমাণ বৃদ্ধি কৰিলে অতি সহজে ভাগৰ আঁতৰ হ'ব।

- এক স্বাস্থ্যকৰ জীৱন যাপন কৰক। খোৱা-বোৱাত অনিয়ম, দিনত কম পানী খোৱা, শোৱাৰ সময়ত আন কাম কৰা - আদি কথাবোৰ কেতিয়াও নকৰিব৷  আমি  দিনত ৭-৮  ঘণ্টা শুব লাগে । তেতিয়াহে শৰীৰ স্বাস্থ্যৱান হৈ থাকিব৷
- যেতিয়া সঘনাই হামি আহে  খোজ কাঢ়ক। ই শৰীৰৰ শক্তি বৃদ্ধি কৰিব। ভাগৰ আঁতৰি যাব।

- নিয়মীয়াকৈ যোগাসন,  ব্যায়াম কৰক। পুৱাৰ আহাৰত যথেষ্ট পৰিমাণৰ প্ৰ'টিন আৰু আঁহ সমৃদ্ধ খাদ্য ৰাখিব। পাচলি, ফল দৈনিক আহাৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু