--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচ শৰীৰৰ বাবে অতি উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, প্ৰটিন আৰু কেলচিয়াম থাকে। কিচমিচ খালে শৰীৰৰ দুৰ্বলতা দূৰ হোৱাৰ লগতে হাড়বোৰো মজবুত হয়।কিন্তু কিচমিচ সঠিকভাৱে নাখালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে। সেয়েহে আজি আমি কিচমিচ খোৱাৰ সঠিক নিয়মৰ বিষয়ে জানো আহক।

 এইদৰে খাদ্যত কিচমিচ অন্তৰ্ভুক্ত কৰক-

১. কিচমিচ আৰু পানীঃ-কিচমিচ পানীত তিয়াই খালে শৰীৰৰ ৰক্তহীনতা দূৰ হয়। ইয়াক সেৱন কৰিবলৈ ১৫টা কিচমিচ লৈ একাপ পানীত নিশাটো তিয়াই থৈ পুৱা খাব। এইদৰে কিচমিচ খালে ৰক্তহীনতা দূৰ হয় আৰু লগতে শৰীৰক শক্তি প্ৰদান কৰে।

২. কিচমিচ আৰু গাখীৰঃ-গাখীৰত তিয়াই থোৱা কিচমিচ খালে ইয়াৰ পৰা উপকাৰ বহুগুণে বৃদ্ধি পায়। গাখীৰত তিয়াই কিচমিচ খালে হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি পায় আৰু শৰীৰৰ দুৰ্বলতা দূৰ হয়। গাখীৰত তিয়াই থোৱা কিচমিচ খালে শৰীৰে শক্তি লাভ কৰে।

৩. গাখীৰত সিজোৱা কিচমিচ খোৱাৰ উপকাৰিতাঃ-কিচমিচ গাখীৰত সিজাই খালে শৰীৰত উপকাৰ পোৱা যায়। ইয়াৰ বাবে ৮ৰ পৰা ১০টা কিচমিচ লৈ এগিলাচ গাখীৰত দি উতলিবলৈ দিয়ক। এই গাখীৰ ডাঠ হ’লে ঠাণ্ডা কৰি খাব। নিশা সেৱন কৰিলে অধিক উপকাৰ

৪. খালী পেটঃ-খালী পেটত কিচমিচ সেৱন কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। একে সময়তে খালী পেটত কিচমিচ খালে পাচনতন্ত্ৰও মজবুত হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু