--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃ্ত্যুৰ পাছতো শ্ৰীদেৱীক লৈ উৎসুকতা অন্ত পৰা নাই। এইবাৰ শ্ৰীদেৱীৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে এগৰাকী অভিনেত্ৰীয়ে।

দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা শ্ৰীদেৱীৰ শৈশৱৰ বন্ধু কুট্টী পদ্মিনীয়ে শেহতীয়াকৈ এটা ইউটিউব চেনেলৰ সৈতে ভাৱ বিনিময় কৰে। যেতিয়া তেওঁক শ্ৰীদেৱীৰ স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে বিশদভাৱে ক’বলৈ কোৱা হৈছিল, তেতিয়া পদ্মিনীয়ে শ্ৰীদেৱী আৰু তেওঁৰ মাতৃৰ বিষয়ে কিছু আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰে।

তেওঁ কয়- "শ্ৰীদেৱীৰ মাকৰ দৈনিক মদ্যপান কৰাৰ অভ্যাস আছিল। আনকি সৰুতে শ্ৰীদেৱীক টোপনি অহাত সহায় কৰিবলৈও মদ খোৱাইছিল। শ্ৰীদেৱীয়ে সৰুৰে পৰা বহুত কষ্ট কৰিছিল আৰু টোপনিৰ সহায়ৰ বাবে মাকে মদ খুৱাইছিল। পিছলৈ শ্ৰীদেৱীয়েও এই অভ্যাসটো ল'লে, যাৰ ফলত তাইৰ জীৱনত প্ৰভাৱ পৰিল।"

উল্লেখ্য যে চেন্নাইত জন্মগ্ৰহণ কৰি তাতে ডাঙৰ-দীঘল হোৱা শ্ৰীদেৱীয়ে বনী কাপুৰক বিয়া কৰাই মুম্বাইলৈ যোৱাৰ পূৰ্বে প্ৰধানকৈ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। বহু টলিউড আৰু কলিউডৰ চলচ্চিত্ৰ তাৰকা, প্ৰযোজক, পৰিচালক, অভিনেত্ৰীৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?