--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃ্ত্যুৰ পাছতো শ্ৰীদেৱীক লৈ উৎসুকতা অন্ত পৰা নাই। এইবাৰ শ্ৰীদেৱীৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে এগৰাকী অভিনেত্ৰীয়ে।

দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা শ্ৰীদেৱীৰ শৈশৱৰ বন্ধু কুট্টী পদ্মিনীয়ে শেহতীয়াকৈ এটা ইউটিউব চেনেলৰ সৈতে ভাৱ বিনিময় কৰে। যেতিয়া তেওঁক শ্ৰীদেৱীৰ স্মৃতি আৰু অভিজ্ঞতাৰ বিষয়ে বিশদভাৱে ক’বলৈ কোৱা হৈছিল, তেতিয়া পদ্মিনীয়ে শ্ৰীদেৱী আৰু তেওঁৰ মাতৃৰ বিষয়ে কিছু আচৰিত ধৰণৰ তথ্য প্ৰকাশ কৰে।

তেওঁ কয়- "শ্ৰীদেৱীৰ মাকৰ দৈনিক মদ্যপান কৰাৰ অভ্যাস আছিল। আনকি সৰুতে শ্ৰীদেৱীক টোপনি অহাত সহায় কৰিবলৈও মদ খোৱাইছিল। শ্ৰীদেৱীয়ে সৰুৰে পৰা বহুত কষ্ট কৰিছিল আৰু টোপনিৰ সহায়ৰ বাবে মাকে মদ খুৱাইছিল। পিছলৈ শ্ৰীদেৱীয়েও এই অভ্যাসটো ল'লে, যাৰ ফলত তাইৰ জীৱনত প্ৰভাৱ পৰিল।"

উল্লেখ্য যে চেন্নাইত জন্মগ্ৰহণ কৰি তাতে ডাঙৰ-দীঘল হোৱা শ্ৰীদেৱীয়ে বনী কাপুৰক বিয়া কৰাই মুম্বাইলৈ যোৱাৰ পূৰ্বে প্ৰধানকৈ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল। বহু টলিউড আৰু কলিউডৰ চলচ্চিত্ৰ তাৰকা, প্ৰযোজক, পৰিচালক, অভিনেত্ৰীৰ সৈতে তেওঁৰ বন্ধুত্ব আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে