--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমখ আৰু চেনিক বহুতে বগা বিহ বুলিও কয়। কাৰণ নানান ৰোগৰ কাৰণ হ’ব পাৰে অত্যধিক পৰিমাণে গ্ৰহণ কৰা নিমখ আৰু চেনি।  সকলো মানুহে সমানে নিমখ নাখায়। কিছুমানে জিভাত লগাকৈ আৰু কিমানে পাতলীয়া জুতিতহে নিমখ খায়। কিছুমানে আকৌ একেবাৰে নিমখ নাখায়। কিছুমানে ভাতৰ পাতত কেঁচা নিমখ অলপ নল’লে যেন মনত শান্তিয়েই নাপায়।  স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কেতিয়াও অত্যাধিক নিমখ খাব নালাগে। কাৰণ  অত্যাধিক নিমখ খালে শৰীৰত নানান ক্ষতি  হ'ব পাৰে।

নিমখত যথেষ্ট ছডিয়াম আছে। সেয়ে অতিৰিক্ত নিমখ খালে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰিব পাৰে।  অলপ ছডিয়াম শৰীৰৰ বাবে ভাল, কিন্তু যদি ই অত্যাধিক হৈ পৰে, ই বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। সেইকাৰণে কমকৈ নিমখ খোৱাৰ পৰামৰ্শ দিয়া হয়।

অতিৰিক্ত নিমখে কি ক্ষতি কৰিব পাৰে?
প্ৰথমতে, অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰে। কোৱা হয় যে কেঁচা নিমখ খোৱাৰ ফলত ছডিয়ামৰ স্তৰ আৰু বেছি বৃদ্ধি হয়। ই ৰক্তচাপ বৃদ্ধি কৰাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি অধিক নিমখ খোৱা লোকৰ ষ্ট্ৰোক আৰু হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি, দিনে ১.৫ চাহ চামুচতকৈ অধিক নিমখ খোৱাটো কাৰো বাবে সঠিক কথা নহয়। এই পৰিমাণৰ নিমখত ৩৪০০ মিলিগ্ৰাম ছডিয়াম থাকে। যদি শৰীৰত ইয়াতকৈ অধিক ছডিয়াম প্ৰৱেশ কৰে তেন্তে ৰোগৰ আশংকাও বৃদ্ধি হয়। অতিৰিক্ত কেঁচা নিমখ পৰাপক্ষত নোখোৱাই ভাল বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ