--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পী আৰু সুৰাপান কথাষাৰ যেন এতিয়া বহু শিল্পীৰ ক্ষেত্ৰতো একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি যেন হৈ পৰে। বহু শিল্পী আছে যিসকলে সুৰাপান নকৰাকৈ যেন গীতেই গাব নোৱাৰে। অত্যধিক সুৰাপান কৰাৰ বাবেই এতিয়া সংসাৰ ভাগিছে বাংলাদেশৰ লগতে ভাৰতৰো বিভিন্ন স্থানত জনপ্ৰিয় গায়ক   নবেলৰ । গায়কগৰাকীৰ পত্নী ছালছাবেল মাহমুদে অৱশেষত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে। ছালছাই ফেচবুকত লিখিছে, "মই মোৰ পৰিয়ালৰ সিদ্ধান্তমৰ্মে মোৰ বিবাহ বিচ্ছেদৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিছো, ধন্যবাদ। '

শেহতীয়া কিছুমান ঘটনাৰ পাছত গায়কগৰাকীৰ প্তনীয়ে এই সিদ্ধান্ত লোৱা বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য গায়ক নোবেলে দীৰ্ঘদিন ধৰি অত্যধিক সুৰাপান কৰি আহিছে। 

পত্নীয়ে লগতে এই বুলিও অভিযোগ কৰিছে যে গায়ক নোবেলৰ মদ আৰু  ড্ৰাগৰ আসক্তি আৰু আসক্তিৰ ক্ষেত্ৰত বহু শক্তিশালী জ্যেষ্ঠ চৰকাৰী প্ৰশাসনিক বিষয়া, ৰাজনীতিক, শক্তিশালী ব্যৱসায়ীৰো  অৱদান আছে। 

চালছাই লিখিছিল, "সংবাদ মাধ্যমৰ জড়িয়তে বিষয়টো কেৱল সন্মুখলৈ আহিছে, কিন্তু এয়া এটা শক্তিশালী চিণ্ডিকেটৰ ব্যৱসায়ৰ লাভৰ বাবে  বহু  পৰিয়ালৰ সন্তান আৰু যুৱক-যুৱতীসকলক ড্ৰাগছৰ প্ৰতি আসক্ত কৰাৰ এক ঘটনা।" 

উল্লেখ্য বাংলাদেশৰ এজন জনপ্ৰিয় গায়ক নোবেলে শেহতীয়াকৈ সুৰাপান কৰি মঞ্চত গান গোৱাৰ বাবে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।পিছত গায়কজনে নিজেই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছিল। 

নোবেলে কৈছিল" মঞ্চত উঠাৰ আগতে নিজকে শিথিল কৰি ৰাখিবলৈ মোক অলপ সুৰাৰ প্ৰয়োজন। কিন্তু মই বেছি সুৰাপান কৰা নাছিলো। মই খুব কম সুৰা পান কৰিছিলো। অৱশ্যে, এই ঘটনাটোৰ বাবে মই দুঃখিত । মই আঁঠু কাঢ়ি, হাত জোৰ কৰি সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। এনে কাম মই পুনৰ কেতিয়াও নকৰো। " গায়কগৰাকীৰ এনে ক্ষমা প্ৰাৰ্থনায়ো যেন মন গলাব নোৱাৰিলে পত্নীৰ। সেয়ে নোবেলৰ সৈতে বিবাহ বিচ্ছেদ কৰিলে পত্নীয়ে। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে