--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিল্পী আৰু সুৰাপান কথাষাৰ যেন এতিয়া বহু শিল্পীৰ ক্ষেত্ৰতো একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি যেন হৈ পৰে। বহু শিল্পী আছে যিসকলে সুৰাপান নকৰাকৈ যেন গীতেই গাব নোৱাৰে। অত্যধিক সুৰাপান কৰাৰ বাবেই এতিয়া সংসাৰ ভাগিছে বাংলাদেশৰ লগতে ভাৰতৰো বিভিন্ন স্থানত জনপ্ৰিয় গায়ক   নবেলৰ । গায়কগৰাকীৰ পত্নী ছালছাবেল মাহমুদে অৱশেষত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে। ছালছাই ফেচবুকত লিখিছে, "মই মোৰ পৰিয়ালৰ সিদ্ধান্তমৰ্মে মোৰ বিবাহ বিচ্ছেদৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিছো, ধন্যবাদ। '

শেহতীয়া কিছুমান ঘটনাৰ পাছত গায়কগৰাকীৰ প্তনীয়ে এই সিদ্ধান্ত লোৱা বুলিও প্ৰকাশ কৰিছে। উল্লেখ্য গায়ক নোবেলে দীৰ্ঘদিন ধৰি অত্যধিক সুৰাপান কৰি আহিছে। 

পত্নীয়ে লগতে এই বুলিও অভিযোগ কৰিছে যে গায়ক নোবেলৰ মদ আৰু  ড্ৰাগৰ আসক্তি আৰু আসক্তিৰ ক্ষেত্ৰত বহু শক্তিশালী জ্যেষ্ঠ চৰকাৰী প্ৰশাসনিক বিষয়া, ৰাজনীতিক, শক্তিশালী ব্যৱসায়ীৰো  অৱদান আছে। 

চালছাই লিখিছিল, "সংবাদ মাধ্যমৰ জড়িয়তে বিষয়টো কেৱল সন্মুখলৈ আহিছে, কিন্তু এয়া এটা শক্তিশালী চিণ্ডিকেটৰ ব্যৱসায়ৰ লাভৰ বাবে  বহু  পৰিয়ালৰ সন্তান আৰু যুৱক-যুৱতীসকলক ড্ৰাগছৰ প্ৰতি আসক্ত কৰাৰ এক ঘটনা।" 

উল্লেখ্য বাংলাদেশৰ এজন জনপ্ৰিয় গায়ক নোবেলে শেহতীয়াকৈ সুৰাপান কৰি মঞ্চত গান গোৱাৰ বাবে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।পিছত গায়কজনে নিজেই ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছিল। 

নোবেলে কৈছিল" মঞ্চত উঠাৰ আগতে নিজকে শিথিল কৰি ৰাখিবলৈ মোক অলপ সুৰাৰ প্ৰয়োজন। কিন্তু মই বেছি সুৰাপান কৰা নাছিলো। মই খুব কম সুৰা পান কৰিছিলো। অৱশ্যে, এই ঘটনাটোৰ বাবে মই দুঃখিত । মই আঁঠু কাঢ়ি, হাত জোৰ কৰি সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। এনে কাম মই পুনৰ কেতিয়াও নকৰো। " গায়কগৰাকীৰ এনে ক্ষমা প্ৰাৰ্থনায়ো যেন মন গলাব নোৱাৰিলে পত্নীৰ। সেয়ে নোবেলৰ সৈতে বিবাহ বিচ্ছেদ কৰিলে পত্নীয়ে। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?