--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰায় সকলো তাৰকাই আৰাম, সুবিধা, মেক আপ আৰু সুৰক্ষাৰ বাবে শ্বুটিং স্পটত নিজাকৈ মোবাইল কেবিন বা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আভিজাত্যৰ যুঁজো চলি থাকে এই ভেনিটি ভানক লৈ। অভিনেত্ৰী কংগনা ৰানাৱটে ব্যৱহাৰ কৰা ভেনিটি ভ্যানখন বৰ্তমান বলিউডৰ আটাইতকৈ দামী। কংগনাৰ ভেনিটি ভানখনৰ মূল্য প্ৰায় ৬৫ ​​লাখ টকা।

এই ভেনিটি ভ্যানখন কেতন ৰাভালে নিৰ্মাণ কৰিছে। কেৱল কংগনাই নহয় আন বহু অভিনেতা, আম্বানী পৰিয়ালৰ সদস্যইও কেতনে নিৰ্মাণ কৰা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আনকি মুম্বাই আৰক্ষীয়েও এই ভান ব্যৱহাৰ কৰে।

কেতনে কয়, “কংগনাই তাইৰ ভেনিটি ভ্যানক ভিনটেজ লুক দিব বিচাৰিছিল। তেওঁৰ ঘৰৰ ডিজাইনৰ দৰেই সজাব বিচাৰিছিল। তাত থাকিব চোফা, মিহি কাঠৰ খোদিত চকী। আমি বিচাৰিছিলো যে তেওঁ ভেনিটি ভ্যানত ঘৰত থকাৰ দৰে অনুভৱ কৰক।”

কেতনে লগতে কয় যে কংগনাই ভ্যানত থকা শৌচাগাৰত ব্যৱহাৰ কৰা জেট স্প্ৰে’টো কোন সংস্থাৰ হ’ব সেই বিষয়েও তেওঁলোকক জনাইছিল। কংগনাই কেতনৰ ভেনিটি ভ্যানখন ভাল পায়। সকলো সময়তে ব্যৱহাৰ কৰে। অৱশ্যে কেতনে কয় যে কংগনাৰ মন অনুযায়ী ব্যৱস্থা কৰিবলৈ ৬৫ লাখ টকা খৰচ কৰা হৈছে!

২০১৬ চনত নেহা ধুপিয়াৰ ‘নো ফিল্টাৰ উইথ নেহা’ অনুষ্ঠানলৈ আহি কংগনাই কয় যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ এটা দুৰ্গম অঞ্চলত 'ৰেংগুন’ ছৱিৰ শ্বুটিং কৰি থাকোতে কাষত ৰেষ্টুৰেণ্ট নাছিল। জিৰণি ল’বলৈ ঠাই নাছিল। সেয়ে ৰাস্তাৰ কাষতে প্ৰস্ৰাৱ কৰিবলগীয়া হৈছিল। ভেনিটি ভ্যানে এনে দুৰ্দশা দূৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?