--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰায় সকলো তাৰকাই আৰাম, সুবিধা, মেক আপ আৰু সুৰক্ষাৰ বাবে শ্বুটিং স্পটত নিজাকৈ মোবাইল কেবিন বা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আভিজাত্যৰ যুঁজো চলি থাকে এই ভেনিটি ভানক লৈ। অভিনেত্ৰী কংগনা ৰানাৱটে ব্যৱহাৰ কৰা ভেনিটি ভ্যানখন বৰ্তমান বলিউডৰ আটাইতকৈ দামী। কংগনাৰ ভেনিটি ভানখনৰ মূল্য প্ৰায় ৬৫ ​​লাখ টকা।

এই ভেনিটি ভ্যানখন কেতন ৰাভালে নিৰ্মাণ কৰিছে। কেৱল কংগনাই নহয় আন বহু অভিনেতা, আম্বানী পৰিয়ালৰ সদস্যইও কেতনে নিৰ্মাণ কৰা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আনকি মুম্বাই আৰক্ষীয়েও এই ভান ব্যৱহাৰ কৰে।

কেতনে কয়, “কংগনাই তাইৰ ভেনিটি ভ্যানক ভিনটেজ লুক দিব বিচাৰিছিল। তেওঁৰ ঘৰৰ ডিজাইনৰ দৰেই সজাব বিচাৰিছিল। তাত থাকিব চোফা, মিহি কাঠৰ খোদিত চকী। আমি বিচাৰিছিলো যে তেওঁ ভেনিটি ভ্যানত ঘৰত থকাৰ দৰে অনুভৱ কৰক।”

কেতনে লগতে কয় যে কংগনাই ভ্যানত থকা শৌচাগাৰত ব্যৱহাৰ কৰা জেট স্প্ৰে’টো কোন সংস্থাৰ হ’ব সেই বিষয়েও তেওঁলোকক জনাইছিল। কংগনাই কেতনৰ ভেনিটি ভ্যানখন ভাল পায়। সকলো সময়তে ব্যৱহাৰ কৰে। অৱশ্যে কেতনে কয় যে কংগনাৰ মন অনুযায়ী ব্যৱস্থা কৰিবলৈ ৬৫ লাখ টকা খৰচ কৰা হৈছে!

২০১৬ চনত নেহা ধুপিয়াৰ ‘নো ফিল্টাৰ উইথ নেহা’ অনুষ্ঠানলৈ আহি কংগনাই কয় যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ এটা দুৰ্গম অঞ্চলত 'ৰেংগুন’ ছৱিৰ শ্বুটিং কৰি থাকোতে কাষত ৰেষ্টুৰেণ্ট নাছিল। জিৰণি ল’বলৈ ঠাই নাছিল। সেয়ে ৰাস্তাৰ কাষতে প্ৰস্ৰাৱ কৰিবলগীয়া হৈছিল। ভেনিটি ভ্যানে এনে দুৰ্দশা দূৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে