--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত ৰৌ মাছ অতি জনপ্ৰিয়। ৰৌ মাছ ভজা বা জোলকণৰ সোৱাদ অপূৰ্ব। জাতিলাও, ফুলকবি, আলু, বিলাহী, জিকা, পালেং শাক আদিৰে ৰৌ মাছ ৰান্ধি খায় অসমীয়াই। মচমচীয়াকৈ ভজা ৰৌ মাছৰ সোৱাদেই সুকীয়া। ৰৌ মাছ কেৱল সোৱাদতেই নহয় উপকাৰতো আগবঢ়া। শৰীৰৰ কর্ম ক্ষমতা বৃদ্ধিৰ বাবে ৰৌ মাছৰ ভূমিকা অতুলনীয়। ৰৌ মাছৰ কি কি উপকাৰিতা আছে জানো আহক

ৰৌ মাছৰ ১৭টা উপকাৰিতা

১) ৰৌ মাছত থাকে যথেষ্ট পৰিমাণে ওমেগা থ্রি ফেটি এচিড যিয়ে আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

২) ৰৌ মাছত এনে কিছু প্রাকৃতিক উপাদান থাকে যিয়ে আমাৰ হাড়ৰ ৰোগ আঁতৰ কৰাত সহায় কৰে।

৩) মাছৰ মূৰ খোৱাটো আমাৰ সকলোৰে বাবে অতি উপকাৰী। ৰৌ মাছে আমাৰ দৃষ্টিশক্তিৰ উন্নতি ঘটোৱাত সহায় কৰে। ৰৌ মাছত থকা ওমেগা থ্রি ফেটি এচিডে আপোনাৰ কেৱল দৃষ্টিশক্তিৰে উন্নতি নঘটায়, একে সময়তে মেকুলাৰ ডিজেনেৰেচনকো প্রতিৰোধ কৰে।

৪) প্রতিদিনে ৰৌ মাছ খাব পাৰিলে শৰীৰত ইপিএ আৰু ডিএইচএৰ মাত্রা বৃদ্ধি পাই থাকে। ই শৰীৰৰ প্রত্যেকটো অংশত প্রভাব ইমানেই বঢ়াই দিয়ে যে, ইকোছনোয়েড নামৰ এটি হৰমোনৰ প্রভাব শৰীৰত কমাবলৈ আৰম্ভ কৰি দিয়ে।

৫) ৰৌ মাছত থকা ওমেগা থ্রি ফেটি এচিডে আমাৰ ছালক সূর্যৰ অতিবেঙুণীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে।

৬) ইয়াত থকা প্রোটিনে কোলাজেনৰ কর্মক্ষমতা বৃদ্ধিত সহায় কৰে। ফলত ছাল স্বাভাবিকভাবেই উজ্জ্বল আৰু প্রাণবন্ত হৈ থাকে।

৭) হৃদযন্ত্ৰক সুস্থ-সৱল কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন সেয়া ৰৌ মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়।

৮) ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।

৯) ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।
ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।

১০) ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। 

১১) বেয়া কলেষ্টেৰল হ্ৰাস কৰে।

১২) ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

১৩) অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

১৪) ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।

১৫) ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।

১৬) কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

১৭) ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক