--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২১ শতিকাৰ দ্বিতীয় দশকত ১,২২৫ শতাংশ সম্পদৰ শ্ৰীবৃদ্ধি হোৱা গৌতম আদানীয়ে পুনৰ দেখিছে লাভৰ মুখ৷ভাৰতীয় তাপ শক্তি উৎপাদক কোম্পানী আদানী পাৱাৰে বৃহস্পতিবাৰে তৃতীয় ত্ৰৈমাসিকৰ লাভ বৃদ্ধিৰ কথা ঘোষণা কৰে৷প্ৰবল ঔদ্যোগিক বিদ্যুতৰ চাহিদাই আদানী পাৱাৰৰ লাভৰ মূল কাৰণ হিচাপে বৰ্তমান ঠাৱৰ কৰা হৈছে৷

৩১ ডিচেম্বৰলৈকে তিনিমাহত কোম্পানীটোৱে ২,৭৩৮ কোটি (৩২৯.৬ মিলিয়ন ডলাৰ)টকা লাভ সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে।ইন্ধনৰ ব্যয় বৃদ্ধিৰ বাবে পূৰ্বৰ ত্ৰৈমাসিকত আদানী পাৱাৰৰ লাভ ৯৬ শতাংশ বৃদ্ধি পাই ৮৭.৭ মিলিয়ন টকা হৈছিল।

ভাৰতত ডিচেম্বৰ ত্ৰৈমাসিকত এবছৰৰ আগৰ তুলনাত ৮.৭ শতাংশ বিদ্যুৎ উৎপাদন বৃদ্ধি পাইছে, যাৰ কাৰণ বিশ্লেষকসকলে উৎসৱমুখৰ কাৰ্যকলাপ আৰু প্ৰবল ঔদ্যোগিক চাহিদা বৃদ্ধি হোৱা বুলি উল্লেখ কৰে।

উল্লেখ্য যে, পৰিসংখ্যা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতৰ উদ্যোগিক উৎপাদন ১৬ মাহৰ ভিতৰত সৰ্বাধিক দ্ৰুত গতিৰে অক্টোবৰ মাহত বৃদ্ধি পাইছে, বিদ্যুৎ উৎপাদন ২০.৪ শতাংশ বৃদ্ধি পাইছে। নৱেম্বৰ মাহত ঔদ্যোগিক উৎপাদন ২.৪ শতাংশ বৃদ্ধি পাইছে৷স্মৰ্তব্য যে,ঔদ্যোগিক শক্তিৰ ব্যৱহাৰ বৃদ্ধিয়ে আদানী পাৱাৰৰ ৰাজহত সহায় কৰিছে আৰু বৰ্তমান লাভ ৬৭ শতাংশ বৃদ্ধি পাই ১২,৯৯১ কোটি টকাত উপনীত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক