--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ মহাগাণনিক নিযুক্তি সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ৷ উচ্চতম ন্যায়ালয়ে আজি ভাৰতীয় মহাগাণনিক নিযুক্তিৰ পদ্ধতিক অস্বচ্ছ আৰু অসাংবিধানিক বুলি আক্ৰমণ কৰা পিআইএলৰ ওপৰত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে।

পিআইএলৰ আবেদনকাৰীৰ হৈ উপস্থিত হোৱা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কেগ নিযুক্তি সন্দৰ্ভত বৰ্তমানৰ ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ বুলি দাখিল কৰা PIL সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু সতীশ চন্দ্ৰ শৰ্মাও থকা বিচাৰপীঠখনে অনুপম কুলশ্ৰেষ্ঠ আৰু অন্যান্যই দাখিল কৰা পি আই এল সন্দৰ্ভত কেন্দ্ৰীয় আইন আৰু ন্যায় আৰু বিত্ত মন্ত্ৰালয়লৈ জাননী জাৰি কৰিছে।

উল্লেখ্য যে মহাগাণনিকৰ নিযুক্তি সন্দর্ভত সংবিধানৰ ১৪৮ নং অনুচ্ছেদত কোৱা হৈছে- "মহাগাণনিকক ৰাষ্ট্ৰপতিয়েহে নিযুক্তি দিব আৰু কেৱল তাৰ পৰা আঁতৰাব পাৰিব।" আৰু বৰ্তমানৰ অভিযোগ অনুসৰি বৰ্তমানৰ ব্যৱস্থাৰ অধীনত কেন্দ্ৰীয় কেবিনেট সচিবৰ নেতৃত্বত কেবিনেট সচিবালয়ে মহাগাণনিক নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰীলৈ চৰ্টলিষ্ট কৰা নামৰ তালিকা এখন প্ৰেৰণ কৰে বুলি আবেদনখনত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে চৰ্টলিষ্ট কৰা নামসমূহ বিবেচনা কৰি ইয়াৰে এটা নাম ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পৰামৰ্শ দিয়ে, আৰু ৰাষ্ট্ৰপতিয়ে ব্যক্তিজনক কেগ হিচাপে নিযুক্তি দিছে বুলি পিআইএলখনত অভিযোগ উত্থাপন কৰা হৈছে৷সংবিধান সভাৰ বিতৰ্কৰ কথা উল্লেখ কৰা এই আবেদনত "ভাৰতীয় সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ সঠিক ব্যাখ্যা অনুসৰি আৰু কাৰ্যবাহীৰ কোনো হস্তক্ষেপ নোহোৱাকৈ কেগৰ নিযুক্তি" কৰাটো নিশ্চিত কৰাটো আবেদনকাৰীয়ে কামনা কৰে।

ইয়াৰ উপৰিও প্ৰতিবেদন প্ৰস্তুত কৰি কেগৰ নিৰপেক্ষ আৰু স্বতন্ত্ৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰামৰ্শ দিবলৈ এখন সমিতি গঠনৰ বাবেও নিৰ্দেশনা বিচাৰে।আবেদনখনত কোৱা হৈছে যে বৰ্তমান গ্ৰহণ কৰা প্ৰক্ৰিয়াটো এনেকুৱা যে কেগক প্ৰত্যক্ষভাৱে কাৰ্যবাহীসকলে নিযুক্তি দিয়ে, কোনো স্বচ্ছ বা বৈধ পদ্ধতি অবিহনে, আৰু প্ৰধানমন্ত্ৰীয়ে প্ৰস্তাৱ কৰা এটা নামত একমত হোৱাৰ বাহিৰে ৰাষ্ট্ৰপতিৰ হাতত আন কোনো বিকল্প নাথাকে।

আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে যুক্তি আগবঢ়ায় যে- সংবিধানসভাৰ বিতৰ্কত যথেষ্ট স্পষ্ট হৈ পৰিছিল যে সংবিধানৰ ৰচয়িতাসকলে কেগৰ পদটো কাৰ্যবাহী আৰু বিধায়িনী দলৰ কোনো ধৰণৰ হস্তক্ষেপৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যেৰে ১৪৮ নং অনুচ্ছেদৰ অন্তৰ্ভুক্তিকৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক