--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচলৰ এখন হোটেলত উদ্ধাৰ হৈছে কেৰালাৰ তিনিজন লোকৰ মৃতদেহ। ক’লা যাদুৰ বাবে তিনিওজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত এজন পুৰুষ আৰু দুগৰাকী মহিলা। তদন্তৰ সময়ত আৰক্ষীয়ে কোঠাটোৰ পৰা কটা চুলিৰ দৰে সন্দেহজনক বস্তু উদ্ধাৰ কৰে। তদুপৰি তিনিওজনৰ মৃতদেহও কোঠাটোৰ বিভিন্ন ঠাইত পৰি আছিল।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহৰ ওচৰত এখন চিঠিও পোৱা গৈছে, য’ত লিখা আছে যে তেওঁলোক সুখী আৰু য’লৈ যাব বিচাৰে তালৈ গৈ আছে। লগতে সেই স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ফোন নম্বৰ, যিটো এজন মৃতকৰ পৰিয়ালৰ আছিল।

মৃত কেইজনৰ নাম ৩৯ বছৰীয়া নবীন থমাছ, তেওঁৰ পত্নী দেৱী বি (৩৯) আৰু তেওঁলোকৰ বান্ধৱী ২৯ বছৰীয়া আৰ্য্যা নায়াৰ। বিশেষ কথাটো হ’ল তদন্তৰ সময়ত আৰক্ষীয়ে গম পালে যে আৰ্য্যাৰ নিৰুদ্দেশৰ ৰিপ’ৰ্ট তিৰুৱনন্তপুৰমত তেওঁৰ পিতৃয়ে দাখিল কৰিছিল। তিনিওজনেই ২৭ মাৰ্চত গুৱাহাটী উপস্থিত হৈছিল আৰু ২৮ মাৰ্চত জিৰো চহৰলৈ গৈছিল। 

হোটেলখনৰ কৰ্তৃপক্ষই জনোৱা মতে, ২৮ মাৰ্চত চেক ইন কৰাৰ পিছত পিছদিনা তিনিওজনকে ঘূৰি ফুৰা দেখা গৈছিল যদিও সোমবাৰৰ পৰা কোঠাটোৰ বাহিৰত দেখা পোৱা নাছিল। মঙলবাৰে যেতিয়া কোঠাটো পৰীক্ষা কৰা হৈছিল তেতিয়া কোঠাটোত ভিতৰৰ পৰা তলা লগোৱা হৈছিল।

হোটেলৰ কৰ্মচাৰীয়ে দুৱাৰ ভাঙি দেখিলে যে তিনিওজনৰ শৰীৰত কামোৰাৰ চিন আৰু তেজ লাগি আছে। পাছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে৷

এছ পি কেনি বাগৰাই জনোৱা মতে, এটা মৃতদেহ মাটিত পৰি আছিল, আনটো বিচনাত পৰি আছিল আৰু নবীনৰ মৃতদেহ ৱাশ্বৰুমত পৰি আছিল। তেওঁ কয় যে তদন্তৰ সময়ত কিছু চুলি, ক’লা ব্ৰেচলেট আৰু আন কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, যে ‘মহিলাসকলৰ সোঁহাতত দ কামোৰৰ চিন আছে আৰু পুৰুষৰ বাওঁহাতত কটা দাগ আছে। দেৱীৰ ডিঙিতো এটা কটা চিন আছে। এনে লাগে যেন মানুহজনে প্ৰথমে দুয়োগৰাকী মহিলাক হত্যা কৰিছিল আৰু পিছত নিজকে হত্যা কৰিছিল। দুয়োৰে তুলনাত তেওঁৰ কাটি লোৱা চিনটো বেছি গভীৰ নহয়।

দেৱীৰ পিতৃ বালন মাধৱনে কয় যে তেওঁৰ কন্যা ক’লা যাদুৰ বলি হৈছে। একে সময়তে নবীন আৰু দেৱীক চিনি পোৱা লোকসকলে কয় যে দুয়োৰে বিবাহ ১৩ বছৰ আগতে হৈছিল আৰু পিছত নবীন অনলাইন ট্ৰেডিং আৰম্ভ কৰিছিল। কিন্তু পিছলৈ দুয়োজনে আয়ুৰ্বেদৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ কাম-কাজ সন্দেহজনক হৈ পৰিছিল।

চিনাকি মানুহে কোৱা অনুসৰি নবীন শান্ত আৰু বেছিভাগেই ঘৰতে থাকে। দেৱীয়ে তিৰুৱনন্তপুৰমত স্কুলত অধ্যাপনা কৰিছিল, য'ত আৰ্য্যাক লগ পাইছিল। স্থানীয় লোকে কয় যে আৰ্যা বহুবাৰ তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু ৰাতিও থাকিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু