--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচলৰ এখন হোটেলত উদ্ধাৰ হৈছে কেৰালাৰ তিনিজন লোকৰ মৃতদেহ। ক’লা যাদুৰ বাবে তিনিওজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত এজন পুৰুষ আৰু দুগৰাকী মহিলা। তদন্তৰ সময়ত আৰক্ষীয়ে কোঠাটোৰ পৰা কটা চুলিৰ দৰে সন্দেহজনক বস্তু উদ্ধাৰ কৰে। তদুপৰি তিনিওজনৰ মৃতদেহও কোঠাটোৰ বিভিন্ন ঠাইত পৰি আছিল।

আৰক্ষীয়ে জনোৱা মতে, মৃতদেহৰ ওচৰত এখন চিঠিও পোৱা গৈছে, য’ত লিখা আছে যে তেওঁলোক সুখী আৰু য’লৈ যাব বিচাৰে তালৈ গৈ আছে। লগতে সেই স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ফোন নম্বৰ, যিটো এজন মৃতকৰ পৰিয়ালৰ আছিল।

মৃত কেইজনৰ নাম ৩৯ বছৰীয়া নবীন থমাছ, তেওঁৰ পত্নী দেৱী বি (৩৯) আৰু তেওঁলোকৰ বান্ধৱী ২৯ বছৰীয়া আৰ্য্যা নায়াৰ। বিশেষ কথাটো হ’ল তদন্তৰ সময়ত আৰক্ষীয়ে গম পালে যে আৰ্য্যাৰ নিৰুদ্দেশৰ ৰিপ’ৰ্ট তিৰুৱনন্তপুৰমত তেওঁৰ পিতৃয়ে দাখিল কৰিছিল। তিনিওজনেই ২৭ মাৰ্চত গুৱাহাটী উপস্থিত হৈছিল আৰু ২৮ মাৰ্চত জিৰো চহৰলৈ গৈছিল। 

হোটেলখনৰ কৰ্তৃপক্ষই জনোৱা মতে, ২৮ মাৰ্চত চেক ইন কৰাৰ পিছত পিছদিনা তিনিওজনকে ঘূৰি ফুৰা দেখা গৈছিল যদিও সোমবাৰৰ পৰা কোঠাটোৰ বাহিৰত দেখা পোৱা নাছিল। মঙলবাৰে যেতিয়া কোঠাটো পৰীক্ষা কৰা হৈছিল তেতিয়া কোঠাটোত ভিতৰৰ পৰা তলা লগোৱা হৈছিল।

হোটেলৰ কৰ্মচাৰীয়ে দুৱাৰ ভাঙি দেখিলে যে তিনিওজনৰ শৰীৰত কামোৰাৰ চিন আৰু তেজ লাগি আছে। পাছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে৷

এছ পি কেনি বাগৰাই জনোৱা মতে, এটা মৃতদেহ মাটিত পৰি আছিল, আনটো বিচনাত পৰি আছিল আৰু নবীনৰ মৃতদেহ ৱাশ্বৰুমত পৰি আছিল। তেওঁ কয় যে তদন্তৰ সময়ত কিছু চুলি, ক’লা ব্ৰেচলেট আৰু আন কিছু সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, যে ‘মহিলাসকলৰ সোঁহাতত দ কামোৰৰ চিন আছে আৰু পুৰুষৰ বাওঁহাতত কটা দাগ আছে। দেৱীৰ ডিঙিতো এটা কটা চিন আছে। এনে লাগে যেন মানুহজনে প্ৰথমে দুয়োগৰাকী মহিলাক হত্যা কৰিছিল আৰু পিছত নিজকে হত্যা কৰিছিল। দুয়োৰে তুলনাত তেওঁৰ কাটি লোৱা চিনটো বেছি গভীৰ নহয়।

দেৱীৰ পিতৃ বালন মাধৱনে কয় যে তেওঁৰ কন্যা ক’লা যাদুৰ বলি হৈছে। একে সময়তে নবীন আৰু দেৱীক চিনি পোৱা লোকসকলে কয় যে দুয়োৰে বিবাহ ১৩ বছৰ আগতে হৈছিল আৰু পিছত নবীন অনলাইন ট্ৰেডিং আৰম্ভ কৰিছিল। কিন্তু পিছলৈ দুয়োজনে আয়ুৰ্বেদৰ কাম আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ কাম-কাজ সন্দেহজনক হৈ পৰিছিল।

চিনাকি মানুহে কোৱা অনুসৰি নবীন শান্ত আৰু বেছিভাগেই ঘৰতে থাকে। দেৱীয়ে তিৰুৱনন্তপুৰমত স্কুলত অধ্যাপনা কৰিছিল, য'ত আৰ্য্যাক লগ পাইছিল। স্থানীয় লোকে কয় যে আৰ্যা বহুবাৰ তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু ৰাতিও থাকিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ