--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিৰ অগ্ৰগতিৰ ইংগতি প্ৰদান কৰি বিশ্ব বেংকে ২০২৪ চনত ভাৰতীয় অৰ্থনীতি ৭.৫ শতাংশ হাৰত বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰিছে। বিশ্ব বেংকে প্ৰকাশ কৰা মতে ভাৰতৰ ক্ষেত্ৰত কৰা  পূৰ্বৰ অনুমানৰ সৈতে ১.২ শতাংশ যোগ কৰা হৈছে । বিশ্ব বেংকে দক্ষিণ এছিয়াৰ বাবে প্ৰকাশ কৰা ইয়াৰ শেহতীয়া তথ্যাৱলীত সেৱা আৰু উদ্যোগখণ্ডত  সংঘটিত সবল বিকাশৰ বাবে ২০২৩-২৪  বৰ্ষত  ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ১.২ শতাংশ বৃদ্ধি কৰি ৭.৫ শতাংশলৈ বৃদ্ধি কৰিছে।

 বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ তিনিমাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত আচৰিত ধৰণে  ৮.৪  শতাংশ বৃদ্ধিৰ  হোৱাৰ পৰিপ্ৰেক্ষিততে  ভাৰতীয় অৰ্থনীতিৰ বাবে আনুমানিক বিকাশৰ হাৰ বৃদ্ধি কৰা হৈছে। উল্লেখ্য বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈ আহিছে যে অৰ্থনীতিয়ে ৮ শতাংশ বৃদ্ধিৰ হাৰৰ  পথত খোজ পেলাইছে। অৱশ্যে  বিশ্ব বেংকে আশা কৰিছে যে ২০২৫ চনত ভাৰতৰ  বিকাশৰ হাৰ মধ্যমীয়াহৈ ৬.৬ শতাংশলৈ  লৈ হ্ৰাস পাব। প্ৰত্যাশিত মন্দাৱস্থাই মুখ্যতঃ বিনিয়োগত নেতিবাচক প্ৰভাৱ পেলাব বুলি বিশ্ব বেংকে ধাৰণা কৰিছে।

 বিশ্ব বেংকে ২  এপ্ৰিলত মুকলি কৰা ইয়াৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়ন সম্পৰ্কীয় তথ্যাৱলীত ভাৰতৰ বাবে  বাবে এক ইতিবাচক  বিকাশৰ ভৱিষ্যতবাণী কৰিছে। প্ৰতিবেদনখনে  ইংগিত দিয়ে যে দক্ষিণ এছিয়া পৰৱৰ্তী দুবছৰৰ বাবে বিশ্বৰ দ্ৰুততম বিকাশশীল অঞ্চল হৈ থাকিব।  ২০২৫ চনত দক্ষিণ এছিয়াৰ সামগ্ৰীক বিকাশৰ হাৰ হ’ব ৬.১ শতাংশ । ২০২৪-২৫ বৰ্ষত বাংলাদেশত উৎপাদন ৫.৭ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, আনহাতে পাকিস্তানৰ অৰ্থনীতি ২.৩ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু শ্ৰীলংকাৰ জিডিপি  ৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু