--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় অৰ্থনীতিৰ অগ্ৰগতিৰ ইংগতি প্ৰদান কৰি বিশ্ব বেংকে ২০২৪ চনত ভাৰতীয় অৰ্থনীতি ৭.৫ শতাংশ হাৰত বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰিছে। বিশ্ব বেংকে প্ৰকাশ কৰা মতে ভাৰতৰ ক্ষেত্ৰত কৰা  পূৰ্বৰ অনুমানৰ সৈতে ১.২ শতাংশ যোগ কৰা হৈছে । বিশ্ব বেংকে দক্ষিণ এছিয়াৰ বাবে প্ৰকাশ কৰা ইয়াৰ শেহতীয়া তথ্যাৱলীত সেৱা আৰু উদ্যোগখণ্ডত  সংঘটিত সবল বিকাশৰ বাবে ২০২৩-২৪  বৰ্ষত  ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ১.২ শতাংশ বৃদ্ধি কৰি ৭.৫ শতাংশলৈ বৃদ্ধি কৰিছে।

 বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ তিনিমাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত আচৰিত ধৰণে  ৮.৪  শতাংশ বৃদ্ধিৰ  হোৱাৰ পৰিপ্ৰেক্ষিততে  ভাৰতীয় অৰ্থনীতিৰ বাবে আনুমানিক বিকাশৰ হাৰ বৃদ্ধি কৰা হৈছে। উল্লেখ্য বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈ আহিছে যে অৰ্থনীতিয়ে ৮ শতাংশ বৃদ্ধিৰ হাৰৰ  পথত খোজ পেলাইছে। অৱশ্যে  বিশ্ব বেংকে আশা কৰিছে যে ২০২৫ চনত ভাৰতৰ  বিকাশৰ হাৰ মধ্যমীয়াহৈ ৬.৬ শতাংশলৈ  লৈ হ্ৰাস পাব। প্ৰত্যাশিত মন্দাৱস্থাই মুখ্যতঃ বিনিয়োগত নেতিবাচক প্ৰভাৱ পেলাব বুলি বিশ্ব বেংকে ধাৰণা কৰিছে।

 বিশ্ব বেংকে ২  এপ্ৰিলত মুকলি কৰা ইয়াৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়ন সম্পৰ্কীয় তথ্যাৱলীত ভাৰতৰ বাবে  বাবে এক ইতিবাচক  বিকাশৰ ভৱিষ্যতবাণী কৰিছে। প্ৰতিবেদনখনে  ইংগিত দিয়ে যে দক্ষিণ এছিয়া পৰৱৰ্তী দুবছৰৰ বাবে বিশ্বৰ দ্ৰুততম বিকাশশীল অঞ্চল হৈ থাকিব।  ২০২৫ চনত দক্ষিণ এছিয়াৰ সামগ্ৰীক বিকাশৰ হাৰ হ’ব ৬.১ শতাংশ । ২০২৪-২৫ বৰ্ষত বাংলাদেশত উৎপাদন ৫.৭ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, আনহাতে পাকিস্তানৰ অৰ্থনীতি ২.৩ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু শ্ৰীলংকাৰ জিডিপি  ৫ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ