--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই বছৰৰ শেষৰফালে অৰুণাচল প্ৰদেশৰ সৈতে থকা সৰ্বাধিক সীমা সমস্যা সমাধান কৰা হ’ব আৰু এপ্ৰিলৰ পৰাই ইয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে আজি ইটানগৰত অৰুণাচল প্ৰদেশৰ ৩৬ সংখ্যক ৰাজ্যিক দিৱসত ভাষণ প্ৰদান কৰি অৰুণাচল প্ৰদেশৰ লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক সীমা সমস্যা বিষয়টো সম্পৰ্কত নেতৃত্ব ল’বলৈ আহ্বান জনায়। দুয়োখন ৰাজ্যই সমস্যাটো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ অৰুণাচল প্ৰদেশৰ জনসাধাৰণক আশ্বাস দি শৰ্মাই কয় যে, এপ্ৰিলৰ পৰা আমি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু এই বছৰৰ ভিতৰতে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সৰ্বাধিক সীমা বিবাদ সমাধান হ’ব৷ অসমে মেঘালয়ৰ সৈতে ছটা বিতৰ্কিত অঞ্চলত সৌহাৰ্দ্যপূৰ্ণভাৱে বসতি কৰিব পৰা পৰিৱেশ তৈয়াৰ কৰিছে আৰু এতিয়া অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতেও সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰি আছে বুলি ড° শৰ্মাই উল্লেখ কৰে৷ অসম আৰু অৰুণাচল প্ৰদেশৰ লোকসকলে সদায়েই এক ঘনিষ্ঠ সম্পৰ্ক আৰু বান্ধোনৰ মাজেৰে জীৱননিৰ্বাহ কৰি আহিছে। ৰাজ্যৰ সীমাই আমাক শাৰীৰিকভাৱে ভাগ কৰিলেও, আৱেগিকভাৱে আমি সকলো সংযুক্ত বুলি তেওঁ এটা টুইটযোগে মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ