--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ বিৰোধী শক্তিৰ অভিকেন্দ্ৰ এতিয়া সলনি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। এইবাৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে আৰম্ভ কৰিছে দেশৰ বিজেপিবিৰোধী শক্তিক একত্ৰিত কৰাৰ অভিযান। শেহতীয়াকৈ মোদীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ আৰম্ভ কৰা কে চন্দ্ৰশেখৰ ৰাও ওৰফে কেচিআৰ-এ এতিয়া তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজ্যৰ প্ৰভাৱশালী বিজেপি বিৰোধী শক্তিসমূহৰে আলোচনা আৰম্ভ কৰিছে। মোদীৰ বিৰুদ্ধে ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰি কেচিআৰ-এ হুংকাৰ দিছিল দিল্লীৰ পৰা বিজেপিক উৎখাত কৰাৰ। কিন্তু তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেতাগৰাকীয়ে জানে যে, তেলেংগানাৰ পৰা শৰ মাৰি তেওঁ দিল্লীৰ শৰপহুৰ মঙহ খাবলৈ নাপায়। সেয়েহে দেশৰ প্ৰান্তে প্ৰান্তে বেহু ৰচনা কৰি দিল্লী আক্ৰমণৰ আখৰা আৰম্ভ কৰিছে কেচিআৰ-এ। ইমানদিনে মোদী তথা বিজেপিবিৰোধী শক্তিৰ নেতৃত্ব দিয়া দেখিবলৈ পোৱা গৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। বংগৰ নিৰ্বাচনত মোদী-শ্বাহে নেতৃত্ব দিয়া বিজেপিৰ বিশাল বাহিনীক অকলে প্ৰতিহত কৰাৰ পাছত মমতা বেনাৰ্জী দেশৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। তাৰ পাছতে বংগৰ পৰিসৰ পাৰ হৈ দেশৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰৰ চেষ্টা আৰম্ভ কৰে মমতা বেনাৰ্জীয়ে। এই প্ৰচেষ্টা সফল নহ’ল যদিও দেশত বিজেপিবিৰোধী বিকল্প শক্তি গঢ় দিয়াৰ কুচকাৱাজ অন্ত পৰা নাই। এইবাৰ ইয়াৰ নেতৃত্ব দিছে কে চন্দ্ৰশেখৰ ৰাৱে। দেওবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও উপস্থিত হয় মুম্বাইত। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰৰ চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী তথা দেশৰ ৰাজনীতিৰ এগৰাকী বিচক্ষণ প্ৰতিনিধি শাৰদ পাৱাৰৰ সৈতে তেওঁ আলোচনাত মিলিত হয়। মোদী বিদ্বেষৰ মুকলি প্ৰকাশৰ মাজতে কেচিআৰৰ এই মু্ম্বাই ভ্ৰমণে দেশৰ ৰাজনীতিত বিশেষ গুৰুত্ব লাভ কৰা দেখা গৈছে। ৰাৱেও বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ ৰহিত এটা বিকল্প শক্তি গঠন কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। আজি থাকৰেৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে কে চন্দ্ৰশেখৰ ৰাৱে। মন কৰিবলগীয়া যে, মুম্বাইত উষ্ণ আদৰণি জনোৱা হৈছিল কেচিআৰক। তেওঁক আদৰণি জনাই পোষ্টাৰো লগোৱা হৈছিল মু্ম্বাইৰ ঠায়ে ঠায়ে। কেচিআৰ, উদ্ধৱ থাকৰে, শাৰদ পাৱাৰ আৰু শিৱসেনাৰ প্ৰতিষ্ঠাপন বাল থাকৰেৰে আলোকচিত্ৰ সম্বলিত এই পোষ্টাৰে ভালেমান সম্ভাৱনাৰ কথাকে প্ৰকট কৰি তুলিছে। তাৎপৰ্যপূ্ৰ্ণভাৱে উদ্ধৱ থাকৰেই তেওঁক যোৱা সপ্তাহ ফোন কৰি আমন্ত্ৰণ জনাইছিল মুম্বাইলৈ। কেচিআৰৰে মুম্বাইত আলোচনাত মিলিত হোৱাৰ পাছত তেওঁ ঘোষণা কৰিছে যে, কেচিআৰ-এ বিজেপিৰ জনগণবিৰোধী ৰাজনীতিৰ বিৰুদ্ধে যিখন যুঁজ আৰম্ভ কৰিছে তাত থাকৰেই পূৰ্ণ সহযোগ কৰিব। কেচিআৰ-এ সঠিক সময়ত শক্তিশালীভাৱে নিজৰ স্থিতি প্ৰকাশ কৰি দেশক ক্ষতিকাৰক শক্তিৰ পৰা ৰক্ষা কৰাৰ যুঁজ আৰম্ভ কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। উদ্ধৱ থাকৰেৰ এই স্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে, মমতা বেনাৰ্জীয়ে বিজেপিৰ লগতে কংগ্ৰেছকো শত্ৰুজ্ঞান কৰি যিখন যুঁজ আৰম্ভ কৰিছিল সেই যুঁজখনত তেওঁ কাৰো পৰাই বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল। তাৰ মূল কাৰণ আছিল কংগ্ৰেছক অস্পৃশ্য কৰি বিকল্প বিৰোধী শক্তি এটা গঢ় দিয়াৰ পৰিৱেশ এতিয়াও দেশত গঢ় লৈ উঠা নাই। দেশৰ ৰাজনীতিত এতিয়াও কংগ্ৰেছৰ এটা বৃহৎ অংশীদাৰিত্ব আছে যিটোক অস্বীকাৰ কৰি দেশৰ শক্তিশালী শাসক পক্ষক প্ৰত্যাহ্বান জনোৱাটো সম্ভৱপৰ কথা নহয়। কিন্তু অধিক অত্যুসাহী হৈ মমতাই বিজেপিবিৰোধী শক্তি গঢ় দিয়াৰ সম্ভাৱনাতে চেঁচাপানী ঢালিলে। এইবাৰ কেচিআৰ-এ আৰম্ভ কৰা তৎপৰতাই বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু কেচিআৰ-এ যি তৎপৰতা আৰম্ভ কৰিছে তাতো কংগ্ৰেছৰ অংশীদাৰিত্ব নাই। কংগ্ৰেছক বাদ দি বিৰোধী শক্তি গঠনৰ এই চেষ্টাই কি ৰূপ ল’ব সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ