--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশক চীনে নিজৰ বুলি দাবী কৰি থকাৰ সময়তে ৰাজ্য খনক  ভাৰতৰ এক অবিচ্ছেদ্য অংগ বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ উচ্চ সদন চিনেটৰ প্ৰাসংগিক সমিতিয়ে  এটা প্ৰস্তাৱ গৃহীত কৰিছে। ফলত শলঠেকত পৰিছে চীন।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ এসপ্তাহ পিছতে কিছুমান  জো বিডেনৰ চৰকাৰৰে এনে সবল  পদক্ষেপ গ্ৰহণ কৰিছে।

জুন মাহত প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে বিডেন চৰকাৰে চীনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক বিশ্বৰ ভূ-কৌশলগত পৰিস্থিতিৰ কথা সোঁৱৰাই দিছিল।  লাডাখত সামৰিক আক্ৰমণ চলোৱা চীনক সকিয়াই  দি আমেৰিকাই স্পষ্ট কৰি দিছিল  যে ৱাশ্বিংটন ভাৰতৰ  পক্ষত আছে। এই সময়তে  চিনেট সমিতিয়ে গৃহীত কৰা  প্ৰস্তাৱে এতিয়া ভাৰতৰ স্থিতি আৰু অধিক মজবুত কৰি তুলিলে।  প্ৰস্তাৱটো চিনেটৰ জেফ মাৰ্কলি, বিল হেগৰ্টি, টিম কেইন আৰু ক্ৰিছ ভান হেলেনে উত্থাপন কৰিছিল। প্ৰস্তাৱটোত কোৱা হৈছে "অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ কথাষাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতি দৃঢ়। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি বিঘ্নিত কৰিবলৈ গণ প্ৰজাতন্ত্ৰী চীনৰ আক্ৰমণাত্মক মনোভাৱক গৰিহণা দিয়ে।’’ প্ৰস্তাৱটোত এইটোও অভিযোগ কৰা হৈছে যে অৰুণাচল প্ৰদেশৰ কিছু অংশ চীনা সেনাই দখল কৰি ৰাখিছে।

লাডাখৰ দৰে অৰুণাচল প্ৰদেশৰ কিছুঅঞ্চলক লৈ নতুন দিল্লী আৰু বেইজিঙৰ মাজত দশকৰ পিছত দশক ধৰি সংঘাত চলি আছে। যোৱা দুবছৰত টাৱাঙত দুয়োখন দেশৰ  সৈন্যৰ মাজত কেইবাটাও সংঘৰ্ষ হৈছে। এই মাহৰ আৰম্ভণিতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে নতুন দিল্লীৰ আপত্তি আওকাণ  কৰি অৰুণাচল প্ৰদেশৰ ১১ টা অঞ্চলৰ নাম সলনি কৰিছে। এই সন্দৰ্ভত বহু  কূটনীতিবিদে ধাৰণা কৰিছে যে   আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সমিতিয়ে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ যথেষ্ট গুৰুত্ব আছে। তেওঁলোকৰ মতে চিনেটৰ প্ৰস্তাৱটোৱে সীমান্তক লৈ চীনৰ সৈতে চলি থকা সংঘাতৰ প্ৰসংগত  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ