--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশক চীনে নিজৰ বুলি দাবী কৰি থকাৰ সময়তে ৰাজ্য খনক  ভাৰতৰ এক অবিচ্ছেদ্য অংগ বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ উচ্চ সদন চিনেটৰ প্ৰাসংগিক সমিতিয়ে  এটা প্ৰস্তাৱ গৃহীত কৰিছে। ফলত শলঠেকত পৰিছে চীন।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ এসপ্তাহ পিছতে কিছুমান  জো বিডেনৰ চৰকাৰৰে এনে সবল  পদক্ষেপ গ্ৰহণ কৰিছে।

জুন মাহত প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে বিডেন চৰকাৰে চীনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকক বিশ্বৰ ভূ-কৌশলগত পৰিস্থিতিৰ কথা সোঁৱৰাই দিছিল।  লাডাখত সামৰিক আক্ৰমণ চলোৱা চীনক সকিয়াই  দি আমেৰিকাই স্পষ্ট কৰি দিছিল  যে ৱাশ্বিংটন ভাৰতৰ  পক্ষত আছে। এই সময়তে  চিনেট সমিতিয়ে গৃহীত কৰা  প্ৰস্তাৱে এতিয়া ভাৰতৰ স্থিতি আৰু অধিক মজবুত কৰি তুলিলে।  প্ৰস্তাৱটো চিনেটৰ জেফ মাৰ্কলি, বিল হেগৰ্টি, টিম কেইন আৰু ক্ৰিছ ভান হেলেনে উত্থাপন কৰিছিল। প্ৰস্তাৱটোত কোৱা হৈছে "অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ কথাষাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতি দৃঢ়। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি বিঘ্নিত কৰিবলৈ গণ প্ৰজাতন্ত্ৰী চীনৰ আক্ৰমণাত্মক মনোভাৱক গৰিহণা দিয়ে।’’ প্ৰস্তাৱটোত এইটোও অভিযোগ কৰা হৈছে যে অৰুণাচল প্ৰদেশৰ কিছু অংশ চীনা সেনাই দখল কৰি ৰাখিছে।

লাডাখৰ দৰে অৰুণাচল প্ৰদেশৰ কিছুঅঞ্চলক লৈ নতুন দিল্লী আৰু বেইজিঙৰ মাজত দশকৰ পিছত দশক ধৰি সংঘাত চলি আছে। যোৱা দুবছৰত টাৱাঙত দুয়োখন দেশৰ  সৈন্যৰ মাজত কেইবাটাও সংঘৰ্ষ হৈছে। এই মাহৰ আৰম্ভণিতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে নতুন দিল্লীৰ আপত্তি আওকাণ  কৰি অৰুণাচল প্ৰদেশৰ ১১ টা অঞ্চলৰ নাম সলনি কৰিছে। এই সন্দৰ্ভত বহু  কূটনীতিবিদে ধাৰণা কৰিছে যে   আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সমিতিয়ে গ্ৰহণ কৰা এই প্ৰস্তাৱৰ যথেষ্ট গুৰুত্ব আছে। তেওঁলোকৰ মতে চিনেটৰ প্ৰস্তাৱটোৱে সীমান্তক লৈ চীনৰ সৈতে চলি থকা সংঘাতৰ প্ৰসংগত  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস