--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত ৯ ডিচেম্বৰৰ য়াংটছে সংঘৰ্ষৰ পিছতে চৰকাৰে এতিয়ালৈকে ভাৰত-চীন সীমান্ত সমস্যা সন্দৰ্ভত আলোচনাৰ বিৰোধীৰ দাবীৰ প্ৰতি নমনীয় হোৱাৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বৰমে চৰকাৰক উভতি ধৰে৷ 

প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে  দেশৰ উত্তৰ-পূবৰ সীমান্তৰ  পথসমূহৰ বাবে প্ৰতিৰক্ষা মূলধন ব্যয়ৰ বাবে ৫০০ কোটি  টকা  বিচৰা হৈছিল৷  ৰাজ্যসভাত  বিনিয়োগ বিধেয়কৰ বিষয়ত আলোচনাও কৰা হৈছে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) কাষৰ  এলেকাবোৰত চৰকাৰৰ আন্তঃগাঁথনি দুৰ্বল বুলিও তেওঁ কয়৷
কংগ্ৰেছ সাংসদজনে  প্ৰশ্ন কৰে যে নৱেম্বৰত বালিত অনুষ্ঠিত জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত হোৱা বৈঠকত ভাৰত-চীন সীমান্ত সমস্যা উত্থাপন কৰা হৈছিল নেকি? 

"মই কেৱল জানিব বিচাৰো যে সীমান্ত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল নেকি?  মই এই প্ৰশ্নটো সোধাৰ অধিকাৰ আছে৷ কিয়নো  সীমান্তৰ বাবে ৫০০ কোটি টকা বিচৰা হৈছে৷," চিদাম্বৰমে কয়। 

চীনৰ সৈন্যই টাৱাং খণ্ডৰ য়াংটছেত এলএচি অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ পিছত চীনৰ সৈতে সীমান্তৰ উত্তেজনা পুনৰ বৃদ্ধি পাইছে৷চীনৰ সেনাৰ আক্ৰমণত ছজনকৈ ভাৰতীয় জোৱান আহত হৈছিল৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক