--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ পিপল লিবাৰেচন আৰ্মীয়ে অৰুণাচলৰ চিয়াং জিলাৰ পৰা এজন ১৭ বছৰীয়া যুৱকক অপহৰণ কৰে৷ এই সন্দৰ্ভত সাংসদ তাপিৰ গাওৱে টুইট এক কৰে। গাওৰ মতে, জিলাখনৰ জিডো গাঁৱৰ শ্ব মিৰাম টাৰনক নামৰ এজন যুৱকক লুংটা জোৰ অঞ্চলৰ পৰা অপহৰণ কৰা হৈছিল, অৱশ্যে যুৱকজনৰ লগত থকা আন এজন বন্ধু অপহৰণকাৰী কৱলৰ পৰা পলাই হাৰিবলৈ সক্ষম হ’য়৷ উল্লেখ্য যে, অপহৰণ কৰা অঞ্চলটোতে চীনে ২০১৮ চনতে ৩-৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছিল, ভাৰতৰ এই ভূ-খণ্ড চীনৰ বুলি দাবী কৰে। উল্লেখ্য যে, সাংসদগৰাকীয়ে অপহূত যুৱকজনক তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে এই ঘটনা সন্দৰ্ভত টুইট কৰি গৰিহণা দিছে৷ উল্লেখ্য য়ে, এই অপহৰণ কাণ্ডই ভাৰতীয় নিৰাপত্তা দিশটোৰ ফোপোলা স্বৰূপটোকে উদঙাই তুলিলে৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া মৌনতা অৱলম্বন কৰিছে বুলি বিৰোধীয়ে কৰ্টাক্ষ কৰিছে৷ ইফালে চীনৰ ফালৰ পৰা যুক্তি আগবঢ়াইছে যে, অবৈধভাৱে যুৱকজনে চীনৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ বাবে তেওঁক বন্দী কৰা হৈছে৷ উল্লেখ্য যে, ২০২০ চনৰ ছেপ্তেম্বৰ মাহতে অৰুণাচল প্ৰদেশৰ পাঁচজন যুৱকক অপহৰণ কৰিছিল আৰু তেওঁলোকক পৰৱৰ্তী সময়ত মুকলি কৰি দিছিল৷ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয় যে, "মই পৰিস্থিতিটোৰ বিষয়ে অৱগত নহয়।" চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে সীমা নিয়ন্ত্ৰণ কৰে আৰু অবৈধ প্ৰৱেশ আৰু প্ৰস্থান কাৰ্যকলাপত চকু ৰাখে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া ভাৰতীয় সেনাই নিৰুদ্দেশ কিশোৰজনক বিচাৰি উলিওৱা আৰু প্ৰতিষ্ঠিত প্ৰটোকল অনুসৰি তেওঁক ঘূৰাই দিয়াৰ বাবে পিএলএৰ ওচৰত অনুৰোধ জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু