--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ পিপল লিবাৰেচন আৰ্মীয়ে অৰুণাচলৰ চিয়াং জিলাৰ পৰা এজন ১৭ বছৰীয়া যুৱকক অপহৰণ কৰে৷ এই সন্দৰ্ভত সাংসদ তাপিৰ গাওৱে টুইট এক কৰে। গাওৰ মতে, জিলাখনৰ জিডো গাঁৱৰ শ্ব মিৰাম টাৰনক নামৰ এজন যুৱকক লুংটা জোৰ অঞ্চলৰ পৰা অপহৰণ কৰা হৈছিল, অৱশ্যে যুৱকজনৰ লগত থকা আন এজন বন্ধু অপহৰণকাৰী কৱলৰ পৰা পলাই হাৰিবলৈ সক্ষম হ’য়৷ উল্লেখ্য যে, অপহৰণ কৰা অঞ্চলটোতে চীনে ২০১৮ চনতে ৩-৪ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছিল, ভাৰতৰ এই ভূ-খণ্ড চীনৰ বুলি দাবী কৰে। উল্লেখ্য যে, সাংসদগৰাকীয়ে অপহূত যুৱকজনক তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে৷ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে এই ঘটনা সন্দৰ্ভত টুইট কৰি গৰিহণা দিছে৷ উল্লেখ্য য়ে, এই অপহৰণ কাণ্ডই ভাৰতীয় নিৰাপত্তা দিশটোৰ ফোপোলা স্বৰূপটোকে উদঙাই তুলিলে৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া মৌনতা অৱলম্বন কৰিছে বুলি বিৰোধীয়ে কৰ্টাক্ষ কৰিছে৷ ইফালে চীনৰ ফালৰ পৰা যুক্তি আগবঢ়াইছে যে, অবৈধভাৱে যুৱকজনে চীনৰ সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ বাবে তেওঁক বন্দী কৰা হৈছে৷ উল্লেখ্য যে, ২০২০ চনৰ ছেপ্তেম্বৰ মাহতে অৰুণাচল প্ৰদেশৰ পাঁচজন যুৱকক অপহৰণ কৰিছিল আৰু তেওঁলোকক পৰৱৰ্তী সময়ত মুকলি কৰি দিছিল৷ চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই কয় যে, "মই পৰিস্থিতিটোৰ বিষয়ে অৱগত নহয়।" চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে সীমা নিয়ন্ত্ৰণ কৰে আৰু অবৈধ প্ৰৱেশ আৰু প্ৰস্থান কাৰ্যকলাপত চকু ৰাখে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া ভাৰতীয় সেনাই নিৰুদ্দেশ কিশোৰজনক বিচাৰি উলিওৱা আৰু প্ৰতিষ্ঠিত প্ৰটোকল অনুসৰি তেওঁক ঘূৰাই দিয়াৰ বাবে পিএলএৰ ওচৰত অনুৰোধ জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ