--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচিত হৈছে মণিপুৰৰ প্ৰসংগ৷ শনিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইউৰোপীয় সংসদে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া প্ৰস্তাৱক লৈ ভাৰতৰ অসন্তুষ্টি তীব্ৰভাৱে প্ৰকাশ কৰি ইউৰোপীয় বিষয়া নিকোলা বিয়েৰক কয় যে সাৰ্বভৌম দেশৰ “আভ্যন্তৰীণ বিষয়” আনৰ দ্বাৰা আলোচনা বা বিতৰ্ক কৰা উচিত নহয়।

ইউৰোপীয় সংসদে জুলাই মাহত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল য’ত কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূব ৰাজ্যখনৰ হিংসাৰ অন্ত পেলোৱা আৰু ধৰ্মীয় সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ বাবে “তৎকালীনভাৱে” ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

লোকসভা সচিবালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বীৰলাই ভাৰতৰ সাৰ্বভৌমত্বক আলোকপাত কৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ ইউৰোপীয় সংসদত প্ৰস্তাৱ অনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।ইউৰোপীয় সংসদৰ এই প্ৰস্তাৱক ভাৰতে “অগ্ৰহণযোগ্য” আৰু “ঔপনিৱেশিক মানসিকতাৰ প্ৰতিফলন” বুলি অভিহিত কৰে।

ইফালে শনিবাৰে জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষই কয় যে “আন্তঃসংযোগী” পৃথিৱীত কোনো বিষয়ক পৃথকে পৃথকে চোৱা উচিত নহয়।পি-২০ শীৰ্ষ সন্মিলনৰ সামৰণি অধিবেশনত দিয়া সামৰণি বক্তব্যত ওম বিৰলাই কয় যে-“বহু সদস্যই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ বিপৰীতে আন কিছুমানে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ কথা কয়। এই উল্লেখবোৰ মই ভালদৰে লক্ষ্য কৰিছো। আজিৰ আন্তঃসংযোগী পৃথিৱীখনত আমি কোনো বিষয়ক পৃথকে পৃথকে চাব নোৱাৰো।”

বিৰলাই লগতে উল্লেখ কৰে যে শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা যৌথ বিবৃতিৰ ২৭ নং অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় শান্তি নিশ্চিত কৰাৰ বাবে সংসদীয় কূটনীতি আৰু সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত আলোকপাত কৰা হৈছে।যৌথ বিবৃতিটোত কোৱা হৈছে যে আমি সংঘাত আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনকে ধৰি আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ অনুঘটক হিচাপে সংসদীয় কূটনীতি আৰু প্ৰাসংগিক মঞ্চত আলোচনাত লিপ্ত হৈ যাম।

ইফালে নিকোলা বিয়েৰে বিৰলাক সফল পি-২০ সন্মিলনৰ বাবে অভিনন্দন জনোৱাৰ লগতে ইউৰোপীয় সংসদৰ ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।লোকসভাৰ অধ্যক্ষই ব্ৰাজিলৰ চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি আৰ্থাৰ চেজাৰ পেৰেইৰা ডি লিৰাকো পি-২০ৰ সভাপতিৰ পদ অৰ্পণ কৰে।উল্লেখযোগ্য যে অহা বছৰ ব্ৰাজিলে জি-২০ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ