--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আলোচিত হৈছে মণিপুৰৰ প্ৰসংগ৷ শনিবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইউৰোপীয় সংসদে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া প্ৰস্তাৱক লৈ ভাৰতৰ অসন্তুষ্টি তীব্ৰভাৱে প্ৰকাশ কৰি ইউৰোপীয় বিষয়া নিকোলা বিয়েৰক কয় যে সাৰ্বভৌম দেশৰ “আভ্যন্তৰীণ বিষয়” আনৰ দ্বাৰা আলোচনা বা বিতৰ্ক কৰা উচিত নহয়।

ইউৰোপীয় সংসদে জুলাই মাহত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল য’ত কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূব ৰাজ্যখনৰ হিংসাৰ অন্ত পেলোৱা আৰু ধৰ্মীয় সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ বাবে “তৎকালীনভাৱে” ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।

লোকসভা সচিবালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বীৰলাই ভাৰতৰ সাৰ্বভৌমত্বক আলোকপাত কৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ ইউৰোপীয় সংসদত প্ৰস্তাৱ অনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।ইউৰোপীয় সংসদৰ এই প্ৰস্তাৱক ভাৰতে “অগ্ৰহণযোগ্য” আৰু “ঔপনিৱেশিক মানসিকতাৰ প্ৰতিফলন” বুলি অভিহিত কৰে।

ইফালে শনিবাৰে জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ভাষণ দি লোকসভাৰ অধ্যক্ষই কয় যে “আন্তঃসংযোগী” পৃথিৱীত কোনো বিষয়ক পৃথকে পৃথকে চোৱা উচিত নহয়।পি-২০ শীৰ্ষ সন্মিলনৰ সামৰণি অধিবেশনত দিয়া সামৰণি বক্তব্যত ওম বিৰলাই কয় যে-“বহু সদস্যই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ বিপৰীতে আন কিছুমানে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তা আৰু স্থিতিস্থাপক যোগান শৃংখলৰ প্ৰয়োজনীয়তাৰ কথা কয়। এই উল্লেখবোৰ মই ভালদৰে লক্ষ্য কৰিছো। আজিৰ আন্তঃসংযোগী পৃথিৱীখনত আমি কোনো বিষয়ক পৃথকে পৃথকে চাব নোৱাৰো।”

বিৰলাই লগতে উল্লেখ কৰে যে শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা যৌথ বিবৃতিৰ ২৭ নং অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় শান্তি নিশ্চিত কৰাৰ বাবে সংসদীয় কূটনীতি আৰু সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত আলোকপাত কৰা হৈছে।যৌথ বিবৃতিটোত কোৱা হৈছে যে আমি সংঘাত আৰু বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনকে ধৰি আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ অনুঘটক হিচাপে সংসদীয় কূটনীতি আৰু প্ৰাসংগিক মঞ্চত আলোচনাত লিপ্ত হৈ যাম।

ইফালে নিকোলা বিয়েৰে বিৰলাক সফল পি-২০ সন্মিলনৰ বাবে অভিনন্দন জনোৱাৰ লগতে ইউৰোপীয় সংসদৰ ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।লোকসভাৰ অধ্যক্ষই ব্ৰাজিলৰ চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি আৰ্থাৰ চেজাৰ পেৰেইৰা ডি লিৰাকো পি-২০ৰ সভাপতিৰ পদ অৰ্পণ কৰে।উল্লেখযোগ্য যে অহা বছৰ ব্ৰাজিলে জি-২০ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু