--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানত ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব হাইভ’ল্টেজ বিধানসভা নিৰ্বাচন। সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ আছে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত৷ লোকসভাৰ পূৰ্বে ছেমিফাইনেল হিচাপে বিবেচিত হৈছে এই নিৰ্বাচন৷

নিৰ্বাচনী উত্তাপৰ মাজতেই বিসম্বাদত অশান্ত ৰাজস্থান বিজেপি। ৰাজস্থানত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ অপ্ৰিয় হৈ পৰিছে জ্যেষ্ঠ নেত্ৰী বসুন্ধৰা ৰাজে।‌ মোদী-শ্বাহৰ নিৰ্দেশতে ৰাজ্যখনত আৰম্ভ হৈছে এতিয়া ‘বসুন্ধৰা হতাও’ অভিযান। ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰাৰ ৰাজেৰ স্থানত ৰাজকুমাৰী দিয়া কুমাৰীক প্ৰক্ষেপ কৰিছে বিজেপি হাইকমাণ্ডে। ইয়াৰ পাছতে অসন্তুষ্ট বসুন্ধৰাই আৰম্ভ কৰিছে বিদ্ৰোহ। 

ৰাজস্থানত বসুন্ধৰাৰ জনপ্ৰিয়তা দ্ৰুতভাৱে কমিছে বুলি যুক্তি বিজেপি হাইকমাণ্ডৰ। তেওঁৰ নেতৃত্বত ৰাজ্যখনত বিজেপি পুনৰ ক্ষমতালৈ আহিব নোৱাৰে বুলি ধাৰণা কৰিছে মোদী-শ্বাহে। কিন্তু বসুন্ধৰা ৰাজেই হাইকমাণ্ডৰ এনে যুক্তি মানি ল’ব পৰা নাই৷ সেয়ে তেওঁ আৰম্ভ কৰিছে বিদ্ৰোহ। দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে আজি ৰাজস্থান বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বসুন্ধৰাৰ অসন্তুষ্টি দূৰ কৰিবলৈ প্ৰয়াস কৰে দলটোৰ শীৰ্ষ নেতৃত্বই। 

কিন্তু বসুন্ধৰা ৰাজেৰ অসন্তুষ্টি অব্যাহত থকাৰ সম্ভাৱনা প্ৰবল। কাৰণ বৈঠকৰ পৰা সোনকালে প্ৰস্থান কৰে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীতালিকা প্ৰকাশৰ পাছতে বসুন্ধৰাৰ ক্ষোভ দুগুণে বৃদ্ধি পাইছিল। কাৰণ প্ৰথমখন প্ৰাৰ্থী তালিকাত বাদ পৰিছিল বসুন্ধৰাপন্থী অধিকাংশ নেতাৰ নাম। এতিয়া দ্বিতীয়খন তালিকাতো আশাহত হ’ব পাৰে বসুন্ধৰা। কাৰণ, বসুন্ধৰাপন্থী পুৰণি নেতাসকলৰ পৰিৱৰ্তে সমষ্টিত জনপ্ৰিয়তা থকা নতুন নেতাক টিকট দিয়াৰ বাবে আগ্ৰহী মোদী-শ্বাহ। 

এনে প্ৰেক্ষাপটত নিৰ্বাচনৰ পূৰ্বে বসুন্ধৰা ৰাজেই মুকলিকৈ আৰম্ভ কৰিব পাৰে মোদী-শ্বাহৰ বিৰুদ্ধে বিদ্ৰোহ। টিকট নোপোৱা বহু বসুন্ধৰাপন্থী নেতাই ত্যাগ কৰিব পাৰে আনকি বিজেপিও। মুঠতে বসুন্ধৰাৰ বিদ্ৰোহ এতিয়া বিজেপিৰ বাবে হৈ পৰিছে গভীৰ শংকাৰ কাৰণ। ৰাজস্থান বিজেপিত বসুন্ধৰা একাষৰীয়া হৈ পৰাত অসন্তুষ্ট হৈ পৰিছে নেত্ৰীগৰাকীৰ সমৰ্থক আৰু সাধাৰণ কৰ্মীসকলো। 

এনে বিজেপি নেতা-কৰ্মীসকলে বিধানসভা নিৰ্বাচন কৰিব পাৰে বৰ্জন। একাংশ বসুন্ধৰাপন্থী নেতা-কৰ্মীয়ে ভোট দিব পাৰে কংগ্ৰেছকো। গতিকে বসুন্ধৰা ৰাজেৰ অসন্তুষ্টি বিজেপিৰ বাবে নিৰ্বাচনত পৰাজয়ৰ কাৰণো হৈ পৰিব পাৰে। ৰাজ্যখনৰ ৰাজপুত জনতাৰ সমৰ্থন লাভৰ বাবে মোদী-শ্বাহে প্ৰক্ষেপ কৰিছে ৰাজপুত ৰাজকুমাৰী তথা সাংসদ দিয়া কুমাৰীক। কিন্তু বিজেপি হাইকমাণ্ডৰ এই ৰণনীতি বুমেৰাং হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। বসুন্ধৰা ৰাজেৰ বিদ্ৰোহত নিৰ্বাচনৰ পূৰ্বে বহুলাংশে ভেটি খহিব পাৰে ৰাজস্থান বিজেপিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ