--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ পাকঘৰত ৰখা মছলাবোৰত ঔষধি গুণবোৰ লুকাই আছে। সঠিকভাৱে ব্যৱহাৰ কৰিলে ইহঁতে বহু ৰোগ নিৰাময় কৰিব পাৰে। দালচেনি পাকঘৰত দৈনিক ব্যৱহাৰ কৰা মছলা। খাদ্যৰ সোৱাদ বৃদ্ধি কৰা ডালচেনি স্বাস্থ্যৰ বাবেও বহু উপকাৰী। 

দালচেনিত এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী গুণ থাকে যিয়ে বহুতো সমস্যা দূৰ কৰে। ডালচেনিত গৰম সোৱাদ থাকে, গতিকে শীতকালত ইয়াক বেছিকৈ ব্যৱহাৰ কৰা হয়। যদি দালচেনি সঠিক পৰিমাণত গ্ৰহণ কৰা হয়, তেন্তে স্বাস্থ্যৰ বাবে বহুতো উপকাৰ হ’ব পাৰে।

১) পাচনত উপকাৰীঃ দালচেনিৰ এন্টি-মাইক্ৰ’বিয়াল গুণ আছে যিয়ে পাচনৰ লগত জড়িত সমস্যা দূৰ কৰাত কাম কৰে। দালচেনি সেৱন কৰিলে কোষ্ঠকাঠিন্য আৰু বদহজম ভাল হয়।

২) ডায়েবেটিছ নিয়ন্ত্ৰণ কৰেঃ ডায়েবেটিছ ৰোগতো দালচেনি উপকাৰী। দালচেনিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ কাম কৰে। দৈনিক এচিকুট ডালচেনি সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

৩) হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ দালচেনিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণৰ কাম কৰে। ইয়াক খোৱাৰ বাবে শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি নহয় আৰু তেজৰ সোঁত ভাল হয়। দালচেনিয়ে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰাত কাম কৰে।

৪) ওজন কমায়ঃ ওজন কমাবলৈও দালচেনি ফলপ্ৰসূ। দালচেনিৰ গুড়ি সেৱন কৰি ওজন কমাব পাৰি। শীতকালত দালচেনি সেৱন কৰিলে অন্যান্য ৰোগৰ লগতে মেদবহুলতাও নাইকিয়া হয়।

৫) শৰীৰ ফুলাৰ পৰা উপশম পায়ঃ শৰীৰৰ ফুলা কমোৱাত ডালচেনি সহায়ক। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰে প্ৰদাহ কমোৱাৰ কাম কৰে। 

৬) গাঁঠিৰ বিষৰ পৰা উপশম পায়ঃ দালচেনিত থকা এণ্টিঅক্সিডেন্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণে বিষ উপশম কৰাৰ কাম কৰে। ইয়াৰ সেৱনে গাঁঠিৰ বিষৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু