--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দূৰ্দান্ত অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই। এদিনীয়া ক্ৰিকেটত ৰাণৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত বিজয়ী হয় ৰোহি বাহিনী। দেওবাৰে তিৰুৱন্তপুৰমত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত টীম ইণ্ডিয়াই শ্ৰীলংকাক ৩১৭ ৰাণত পৰাস্ত কৰে। কোনো দলে ইমান ৰাণত কেতিয়াও জয়ী হোৱা নাই।

এইক্ষেত্ৰত ৰোহিত বাহিনীয়ে নিউজিলেণ্ডৰ অভিলেখ ভংগ কৰিছে। নিউজিলেণ্ডে ২২ বছৰতকৈও অধিক সময় ধৰি এই অভিলেখটো নিজৰ হাতত ৰাখিছিল।

দেওবাৰে প্ৰথমে বেটিং কৰি শুভমান গিল আৰু বিৰাট কোহলীৰ শতকৰ সহায়ত ভাৰতে ৩৯০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ বেটিংক্ৰম আৰম্ভণিৰ পৰাই তাচপাতৰ ঘৰৰ দৰে খহি পৰে। মহম্মদ চিৰাজৰ দূৰ্দান্ত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে সিংহলী বাহিনীয়ে। মাত্ৰ ৭৩ ৰাণতে ইনিংছ শেষ হয় দলটোৰ।

২০০৮ চনত নিউজিলেণ্ডে আয়াৰলেণ্ডক ২৯০ ৰাণত পৰাস্ত কৰিছিল। সেই খেলখনত প্ৰথমে বেটিং কৰি জেমছ মাৰ্শ্বেল আৰু ব্ৰেণ্ডন মেককুলামৰ শতকৰ সহায়ত  নিউজিলেণ্ডে ৪০২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ড ১১২ ৰাণতে আউট হৈছিল।

তেওঁলোকে ২০০৮ চনত নিউজিলেণ্ডত আয়াৰলেণ্ডক ২৯০ ৰাণত পৰাস্ত কৰিছিল। সেই খেলখনত প্ৰথমে বেটিং কৰি জেমছ মাৰ্শ্বেল আৰু ব্ৰেণ্ডন মেককুলামে শতক অৰ্জন কৰাৰ লগে লগে নিউজিলেণ্ডে ৪০২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ড ১১২ ৰাণত আউট হৈছিল। ইয়াৰ পিছত শীৰ্ষ পাঁচত অষ্ট্ৰেলিয়া আৰু দুবাৰ দক্ষিণ আফ্ৰিকা আছে। অষ্ট্ৰেলিয়াই ২০১৫ চনত আফগানিস্তানক ২৭৫ ৰাণত পৰাস্ত কৰিছিল। দক্ষিণ আফ্ৰিকাই জিম্বাবোৱে আৰু শ্ৰীলংকাক ক্ৰমান্বয়ে ২৭২ আৰু ২৫৮ ৰাণত পৰাস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক