--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দূৰ্দান্ত অভিলেখ গঢ়িলে টীম ইণ্ডিয়াই। এদিনীয়া ক্ৰিকেটত ৰাণৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত বিজয়ী হয় ৰোহি বাহিনী। দেওবাৰে তিৰুৱন্তপুৰমত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত টীম ইণ্ডিয়াই শ্ৰীলংকাক ৩১৭ ৰাণত পৰাস্ত কৰে। কোনো দলে ইমান ৰাণত কেতিয়াও জয়ী হোৱা নাই।

এইক্ষেত্ৰত ৰোহিত বাহিনীয়ে নিউজিলেণ্ডৰ অভিলেখ ভংগ কৰিছে। নিউজিলেণ্ডে ২২ বছৰতকৈও অধিক সময় ধৰি এই অভিলেখটো নিজৰ হাতত ৰাখিছিল।

দেওবাৰে প্ৰথমে বেটিং কৰি শুভমান গিল আৰু বিৰাট কোহলীৰ শতকৰ সহায়ত ভাৰতে ৩৯০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ বেটিংক্ৰম আৰম্ভণিৰ পৰাই তাচপাতৰ ঘৰৰ দৰে খহি পৰে। মহম্মদ চিৰাজৰ দূৰ্দান্ত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে সিংহলী বাহিনীয়ে। মাত্ৰ ৭৩ ৰাণতে ইনিংছ শেষ হয় দলটোৰ।

২০০৮ চনত নিউজিলেণ্ডে আয়াৰলেণ্ডক ২৯০ ৰাণত পৰাস্ত কৰিছিল। সেই খেলখনত প্ৰথমে বেটিং কৰি জেমছ মাৰ্শ্বেল আৰু ব্ৰেণ্ডন মেককুলামৰ শতকৰ সহায়ত  নিউজিলেণ্ডে ৪০২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ড ১১২ ৰাণতে আউট হৈছিল।

তেওঁলোকে ২০০৮ চনত নিউজিলেণ্ডত আয়াৰলেণ্ডক ২৯০ ৰাণত পৰাস্ত কৰিছিল। সেই খেলখনত প্ৰথমে বেটিং কৰি জেমছ মাৰ্শ্বেল আৰু ব্ৰেণ্ডন মেককুলামে শতক অৰ্জন কৰাৰ লগে লগে নিউজিলেণ্ডে ৪০২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত আয়াৰলেণ্ড ১১২ ৰাণত আউট হৈছিল। ইয়াৰ পিছত শীৰ্ষ পাঁচত অষ্ট্ৰেলিয়া আৰু দুবাৰ দক্ষিণ আফ্ৰিকা আছে। অষ্ট্ৰেলিয়াই ২০১৫ চনত আফগানিস্তানক ২৭৫ ৰাণত পৰাস্ত কৰিছিল। দক্ষিণ আফ্ৰিকাই জিম্বাবোৱে আৰু শ্ৰীলংকাক ক্ৰমান্বয়ে ২৭২ আৰু ২৫৮ ৰাণত পৰাস্ত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু