--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰাণ সংগ্ৰহ কৰি আহিছে তেওঁ। কিন্তু তাৰ পাছতো তেওঁ ভাৰতীয় দলত সুযোগ পোৱা নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত চাৰফৰাজ খানে টীম ইণ্ডিয়াত সুযোগ নাপালে। তাৰ পিছতে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক (বিচিচিআই) তীব্ৰ কটাক্ষ কৰিছে। মুখেৰে নহয়, বৰঞ্চ তেওঁৰ খেলৰ পৰিসংখ্যাৰে।

চৰফৰাজে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত নিজৰ খেলৰ পৰিসংখ্যা দিছে। ইয়াৰ সৈতে তেওঁ দেখুৱাইছে তেওঁ ঘৰুৱা ক্ৰিকেটত কেনেদৰে খেলি আছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুম্বাইৰ বেটছমেনজনৰ বেটিং গড় ৮০.৪৭। কমেও ৫০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা বেটছমেনসকলৰ ভিতৰত কেৱল কিংবদন্তি ডন ব্ৰেডমেনৰহে চাৰফৰাজতকৈ বেটিং গড় অধিক। অৰ্থাৎ ভাৰতীয় ক্ৰিকেটাৰসকলৰ মাজত সৰ্বাধিক বেটিং গড় থকা স্বত্বেও তেওঁ জাতীয় দলত স্থান পোৱা নাই।

চাৰফৰাজে মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ খেলত তেওঁৰ বেটিং গড়ৰ বিষয়ে উল্লেখ কৰিছে। মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত চৰফৰাজে ১১০.৭৩ গড়ে ৰাণ সংগ্ৰহ কৰিছে।

সোঁহতীয়া বেটছমেনজনে ২০২১-২২ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৯৮২ ৰাণ সংগ্ৰহ কৰিছে। বেটিং গড় ১২২.৭৫। চাৰিটা শতক আৰু দুটা অৰ্ধ-শতক অৰ্জন কৰিছিল তেওঁ। সৰ্বাধিক ৰাণ হৈছে ২৭৫। ৰঞ্জীৰ চলিত ছিজনতো চাৰফৰাজ যথেষ্ট ছন্দত আছে। তেওঁ ১০৭.৭৫ গড়ে ৪৩১ ৰাণ আৰু ৭০.৫৪ ৰ ষ্ট্ৰাইক ৰেট সংগ্ৰহ কৰিছে। দুটা শতক আৰু এটা অৰ্ধশতক আহিছিল তেওঁৰ বেটৰ পৰা। কিন্তু তাৰ পাছতো তেওঁ ৰাষ্ট্ৰীয় দলত সুযোগ নাপালে। সম্ভৱতঃ সেইকাৰণে চৰফৰাজে তেওঁৰ খং অলপ বেলেগ ধৰণে প্ৰকাশ কৰিছে।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ঈশান কিষাণেও এটা সুযোগ পাইছে। কিন্তু তাৰ পাছতো চৰফৰাজে সুযোগ নোপোৱাৰ বাবে বিচিচিআইৰ সমালোচনা আৰম্ভ হৈছে।  বিচিচিআইয়ে বাৰে বাৰে কৈছে যে ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়া হ'ব। তেন্তে চৰফৰাজে কিয় সুযোগ পোৱা নাই? বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক