--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰাণ সংগ্ৰহ কৰি আহিছে তেওঁ। কিন্তু তাৰ পাছতো তেওঁ ভাৰতীয় দলত সুযোগ পোৱা নাই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত চাৰফৰাজ খানে টীম ইণ্ডিয়াত সুযোগ নাপালে। তাৰ পিছতে তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক (বিচিচিআই) তীব্ৰ কটাক্ষ কৰিছে। মুখেৰে নহয়, বৰঞ্চ তেওঁৰ খেলৰ পৰিসংখ্যাৰে।

চৰফৰাজে তেওঁৰ ইনষ্টাগ্ৰাম কাহিনীত নিজৰ খেলৰ পৰিসংখ্যা দিছে। ইয়াৰ সৈতে তেওঁ দেখুৱাইছে তেওঁ ঘৰুৱা ক্ৰিকেটত কেনেদৰে খেলি আছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত মুম্বাইৰ বেটছমেনজনৰ বেটিং গড় ৮০.৪৭। কমেও ৫০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা বেটছমেনসকলৰ ভিতৰত কেৱল কিংবদন্তি ডন ব্ৰেডমেনৰহে চাৰফৰাজতকৈ বেটিং গড় অধিক। অৰ্থাৎ ভাৰতীয় ক্ৰিকেটাৰসকলৰ মাজত সৰ্বাধিক বেটিং গড় থকা স্বত্বেও তেওঁ জাতীয় দলত স্থান পোৱা নাই।

চাৰফৰাজে মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ খেলত তেওঁৰ বেটিং গড়ৰ বিষয়ে উল্লেখ কৰিছে। মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত চৰফৰাজে ১১০.৭৩ গড়ে ৰাণ সংগ্ৰহ কৰিছে।

সোঁহতীয়া বেটছমেনজনে ২০২১-২২ বৰ্ষৰ ৰঞ্জী ট্ৰফীত ৯৮২ ৰাণ সংগ্ৰহ কৰিছে। বেটিং গড় ১২২.৭৫। চাৰিটা শতক আৰু দুটা অৰ্ধ-শতক অৰ্জন কৰিছিল তেওঁ। সৰ্বাধিক ৰাণ হৈছে ২৭৫। ৰঞ্জীৰ চলিত ছিজনতো চাৰফৰাজ যথেষ্ট ছন্দত আছে। তেওঁ ১০৭.৭৫ গড়ে ৪৩১ ৰাণ আৰু ৭০.৫৪ ৰ ষ্ট্ৰাইক ৰেট সংগ্ৰহ কৰিছে। দুটা শতক আৰু এটা অৰ্ধশতক আহিছিল তেওঁৰ বেটৰ পৰা। কিন্তু তাৰ পাছতো তেওঁ ৰাষ্ট্ৰীয় দলত সুযোগ নাপালে। সম্ভৱতঃ সেইকাৰণে চৰফৰাজে তেওঁৰ খং অলপ বেলেগ ধৰণে প্ৰকাশ কৰিছে।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ঈশান কিষাণেও এটা সুযোগ পাইছে। কিন্তু তাৰ পাছতো চৰফৰাজে সুযোগ নোপোৱাৰ বাবে বিচিচিআইৰ সমালোচনা আৰম্ভ হৈছে।  বিচিচিআইয়ে বাৰে বাৰে কৈছে যে ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়া হ'ব। তেন্তে চৰফৰাজে কিয় সুযোগ পোৱা নাই? বহুতে এই প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু