--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'হম দিল দে চুকে চনম' আৰু 'মিছন মংগল'ৰ দৰে ছবিত কাম কৰা বিক্ৰম গোখলেৰ মৃত্যুৰ খবৰে যেন সকলোকে মৰ্মাহত কৰি  তুলিছিল। কিন্তু প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ মৃত্যু হোৱা নাই। তেওঁৰ স্বাস্থ্য অতি জটিল আৰু তেওঁ লাইফ চাপৰ্টত আছে। এই তথ্য দিছে তেওঁৰ কন্যাই । তেওঁৰ কন্যাই কয়, ‘বিক্ৰম গোখলে এতিয়াও জীয়াই আছে। তেওঁৰ মৃত্যু হোৱা নাই। তেওঁ লাইফ চাপৰ্টত আছে। তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।' ১৫ দিন পূৰ্বে বিক্ৰম গোখলেৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তাৰ পাছত তেওঁক দীনানাথ মংগেশকাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান চিকিৎসকে অহৰহ তেওঁৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে। 

অভিনেতা অজয় ​​দেৱগনেও টুইট কৰি তেওঁৰ মৃত্যুৰ কথা কৈছিল। কিন্তু এতিয়া এই সকলোবোৰ খবৰ অস্বীকাৰ কৰিছে গোখলেৰ কন্যাই। কেৱল বলীউডতে নহয় মাৰাঠী চিনেমাতো অভিনয়েৰে যথেষ্ট খ্যাতি অৰ্জন কৰিছে বিক্ৰম গোখলে। বলীউডতো তেওঁ বহু ডাঙৰ অভিনেতাৰ লগত বিভিন্ন ছবিত কাম কৰিছে। দে দানা দান, মিছন মংগল, হম দিল দে চুকে সনাম, আদি ছবিত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিছে। আন বহু ছবিতো তেওঁ উৎকৃষ্ট অভিনয় কৰিছে। 

১৯৪৫ চনৰ ১৪ নৱেম্বৰত বম্বে প্ৰেচিডেন্সিৰ পুনাত জন্মগ্ৰহণ কৰিছিল বিক্ৰম গোখলেৰ। তেওঁৰ আজু আইতাক দুৰ্গাবাই ভাৰতীয় চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী আছিল। আনহাতে তেওঁৰ আইতাক কমলাবাই গোখলে ভাৰতীয় চিনেমাৰ প্ৰথম মহিলা শিশু অভিনেতা আছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত গোখলে মাৰাঠী চিনেমাৰ এজন প্ৰখ্যাত অভিনেতা হিচাপে পৰিগণিত হৈছে। তেওঁ ৭০খন মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল। বিক্ৰম গোখলেই পুনেত সুজাতা ফাৰ্মছ নামৰ এটা ৰিয়েল এষ্টেট কোম্পানীও চলাই আছে। তেওঁ এজন সমাজ কৰ্মী। তেওঁৰ পৰিয়ালৰ দাতব্য ফাউণ্ডেচনে বিশেষভাৱে সক্ষম জোৱান আৰু অনাথ শিশুক আৰ্থিক সাহায্য প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু