--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'হম দিল দে চুকে চনম' আৰু 'মিছন মংগল'ৰ দৰে ছবিত কাম কৰা বিক্ৰম গোখলেৰ মৃত্যুৰ খবৰে যেন সকলোকে মৰ্মাহত কৰি  তুলিছিল। কিন্তু প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ মৃত্যু হোৱা নাই। তেওঁৰ স্বাস্থ্য অতি জটিল আৰু তেওঁ লাইফ চাপৰ্টত আছে। এই তথ্য দিছে তেওঁৰ কন্যাই । তেওঁৰ কন্যাই কয়, ‘বিক্ৰম গোখলে এতিয়াও জীয়াই আছে। তেওঁৰ মৃত্যু হোৱা নাই। তেওঁ লাইফ চাপৰ্টত আছে। তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।' ১৫ দিন পূৰ্বে বিক্ৰম গোখলেৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তাৰ পাছত তেওঁক দীনানাথ মংগেশকাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান চিকিৎসকে অহৰহ তেওঁৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিছে। 

অভিনেতা অজয় ​​দেৱগনেও টুইট কৰি তেওঁৰ মৃত্যুৰ কথা কৈছিল। কিন্তু এতিয়া এই সকলোবোৰ খবৰ অস্বীকাৰ কৰিছে গোখলেৰ কন্যাই। কেৱল বলীউডতে নহয় মাৰাঠী চিনেমাতো অভিনয়েৰে যথেষ্ট খ্যাতি অৰ্জন কৰিছে বিক্ৰম গোখলে। বলীউডতো তেওঁ বহু ডাঙৰ অভিনেতাৰ লগত বিভিন্ন ছবিত কাম কৰিছে। দে দানা দান, মিছন মংগল, হম দিল দে চুকে সনাম, আদি ছবিত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিছে। আন বহু ছবিতো তেওঁ উৎকৃষ্ট অভিনয় কৰিছে। 

১৯৪৫ চনৰ ১৪ নৱেম্বৰত বম্বে প্ৰেচিডেন্সিৰ পুনাত জন্মগ্ৰহণ কৰিছিল বিক্ৰম গোখলেৰ। তেওঁৰ আজু আইতাক দুৰ্গাবাই ভাৰতীয় চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী আছিল। আনহাতে তেওঁৰ আইতাক কমলাবাই গোখলে ভাৰতীয় চিনেমাৰ প্ৰথম মহিলা শিশু অভিনেতা আছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত গোখলে মাৰাঠী চিনেমাৰ এজন প্ৰখ্যাত অভিনেতা হিচাপে পৰিগণিত হৈছে। তেওঁ ৭০খন মাৰাঠী আৰু হিন্দী ছবিত কাম কৰিছিল। বিক্ৰম গোখলেই পুনেত সুজাতা ফাৰ্মছ নামৰ এটা ৰিয়েল এষ্টেট কোম্পানীও চলাই আছে। তেওঁ এজন সমাজ কৰ্মী। তেওঁৰ পৰিয়ালৰ দাতব্য ফাউণ্ডেচনে বিশেষভাৱে সক্ষম জোৱান আৰু অনাথ শিশুক আৰ্থিক সাহায্য প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক