--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ছলমান খানৰ জীৱনৰ প্ৰতি পুনৰ ভাবুকি আহিছে। অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত সংঘটিত  হৈছে গুলীচালনাৰ ঘটনা। জানিব পৰা মতে বাইকত অহা দুৰ্বৃত্তই সংঘটিত কৰে গুলীচালনা। ছলমান খানৰ গেলেক্সী এপাৰ্টমেন্টৰ বাহিৰত সংঘটিত  গুলীচালনাৰ  ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 গুলীচালনা সংঘটিত কৰিয়েই  পলায়ন কৰে  দুৰ্বৃত্তই। দেওবাৰে পুৱা ৪.৫০ বজাত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। হেলমেট পৰিধান কৰা দুৰ্বৃত্তৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত উপস্থিত  হৈছে ক্ৰাইম ব্ৰাঞ্চৰ লগতে আৰক্ষীৰ দল।ছলমানৰ জীৱনৰ প্ভাৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অভিনেতাগৰাকীৰ ঘৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। 

বহুবাৰ এতিয়ালৈকে  ভাবুকি লাভ কৰিছে ছলমান খানে।গেংষ্টাৰ গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণয়ৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে।  অভিনেতাগৰাকীয়ে আনকি নিজৰ নিৰাপত্তাৰ কথা চিন্তা কৰি অতি সুৰক্ষিত বাহনত ভ্ৰমণ কৰি আহিছে। ছলমান খনাৰ ঘৰত গুলীচালনাৰ ঘটনাৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ