--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৭০ খন আসন লাভৰ আশা কৰা বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে পূৰ্ণগতিত প্ৰচাৰ চলাই আছে। এনে সময়তে দলটোৱে দেওবাৰে প্ৰকাশ  কৰিলে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ। ইস্তাহাৰত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰু এক ৰাষ্ট্ৰ এক ভোটৰ অংগীকাৰ কৰা হৈছে। বিজেপিৰ ইস্তাহাৰত সংঘৰ দীৰ্ঘদিনীয়া কাৰ্যসূচী পূৰণ কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে। দেওবাৰে দলটোৰ ইস্তাহাৰ মুকলি কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে বিজেপিয়ে বিশ্বাস কৰে সমগ্ৰ দেশতে এক অভিন্ন নাগৰিক বিধি ৰূপায়ণ কৰাটো  প্ৰয়োজন।

ৰাম মন্দিৰ নিৰ্মাণ, অনুচ্ছেদ ৩৭০  বাতিল কৰা আৰু অভিন্ন নাগৰিক সংহিতা প্ৰৱৰ্তন বিজেপিৰ কৰিবলগীয়া কামসমূহৰ ভিতৰত  বিশেষ কাম  আছিল বুলিও দলটোৱে প্ৰকাশ কৰিছে। বিজেপি আৰু সংঘ পৰিয়ালৰ তিনিটা দীৰ্ঘদিনীয়া কাৰ্যসূচীৰ দুটা ইতিমধ্যে পূৰণ কৰা হৈছে। এতিয়া বাকী আছে ইউনিফৰ্ম চিভিল কোড সমগ্ৰ দেশতে ৰূপায়ণ কৰা।  বিজেপিয়ে স্পষ্ট  কৰি দিছে  যে এখন  ৰাষ্ট্ৰ, দুখন পতাকা, দুখন আইন থাকিব নোৱাৰে, এয়া দীৰ্ঘদিন ধৰি বিজেপিৰ সংকল্প। ইয়াক পূৰণ কৰিবলৈ গেৰুৱা দলে ইতিমধ্যে বিজেপি শাসিত বিভিন্ন ৰাজ্যত স্থানীয় পৰ্যায়ত অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মোদীয়ে কয় যে তেওঁ কেন্দ্ৰীয় পৰ্যায়ত এয়া ৰবূপায়ণ কৰাৰ  বিষয়ে চিন্তা কৰিব।

এখন দেশ-এক নিৰ্বাচন বিজেপিৰ প্ৰধান অংগীকাৰ বুলিও মোদীয়ে কয় । কেন্দ্ৰই ইতিমধ্যে এক ৰাষ্ট্ৰ-এক নিৰ্বাচনৰ বাবে এখন সমিতি গঠন কৰিছে। বিজেপিৰ লক্ষ্য হৈছে ২০২৯ চনৰ ভিতৰত সকলো ৰাজ্যতে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা। সেই প্ৰতিশ্ৰুতি আজি মুকলি কৰা দলটোৰ ইস্তাহাৰতো উল্লেখ কৰা হৈছে । ইস্তাহাৰত কোৱা হৈছে "আমি এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাটো বাস্তৱত পৰিণত কৰিবলৈ সকলো প্ৰচেষ্টা কৰিম। "

বিজেপিৰ সূত্ৰই দাবী কৰিছে যে বিজেপিয়ে ২০২৪ চনত প্ৰত্যক্ষ ধৰ্মীয় মেৰুকৰণ এৰাই চলিবলৈ চেষ্টা কৰি আছে। যাতে মোদীৰ ভাবমূৰ্তি জনসাধাৰণৰ মাজত অক্ষুণ্ণ থাকে। বিজেপিয়ে ৰাম মন্দিৰৰ দৰে পোনপটীয়াকৈ কাশী-মথুৰা মন্দিৰ নিৰ্মাণৰ বিষয়টো এইবাৰ এৰাই চলিছে। দৰাচলতে, বিজেপিয়ে ভাবে যে ৰাম মন্দিৰ নিৰ্মাণৰ পিছত হিন্দুত্বৰ বতাহ বলিব । সেয়েহে, ইস্তাহাৰত পোনপটীয়াকৈ আন কোনো মন্দিৰ নিৰ্মাণৰ কথা উল্কলেখ কৰা পৰিলক্ৰাষিত হোৱা নাই।    একে সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। দুৰ্নীতিৰ প্ৰসংগত মোদীয়ে কয়  "বিজেপিয়ে দেশৰ স্বাৰ্থত ডাঙৰ আৰু কঠোৰ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি নাথাকিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ