--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অভিনেত্ৰী আৰু বিলাস। দুয়োটা কথাই যেন একেটা মুদেৰাৰে ইপিঠি-সিপিঠি। বহু অভিনেত্ৰী আছে যিয়ে দৈন্দিন ব্যৱহাৰ কৰা দামৰ মূল্যই আকাশলংঘী। তেনে কেইগৰাকীমান অভিনেত্ৰীৰ কথাই ক’ব বিচৰা হৈছে। 

অভিনেত্ৰী মিমি চক্ৰৱৰ্তীৰ পৰা নুচৰত জাহান আৰু শুভাশ্ৰী গংগোপাধ্যায়লৈকেসকলোৱে  ব্যয়বহুল ব্ৰেণ্ডৰ বেগ ব্যৱহাৰ কৰে। তেওঁলোকে লুই ভিটনৰ পৰা বেলেন্সিয়াগাৰ দৰে ব্ৰেণ্ডৰবেগ ব্যৱহাৰ কৰি আহিছে। তেনে বেগ সমূহৰ  মূল্য বহুতৰে বাবে  চকু থৰ লগাব পৰা বিধৰ । 


 বেংগলী ছবি উদ্যোগৰ  অভিনেত্ৰী বেগ সকলৰ বেগৰ এনে মূল্যই আনকি বলীউডৰ বহু অভিনেত্ৰীৰ বেগৰ মূল্যকো চেৰ পেলাব। এয়া  অতি স্বাভাৱিক যে অভিনেত্ৰীসকলৰ মাজৰে বহুতৰে দামী বেগৰ  প্ৰতি বিশেষ আগ্ৰহ থাকে । টলিউডৰ অভিনেত্ৰীসকলৰ কথা ওলালেইসেই কথা অধিক স্পষ্ট হয়। অনুৰাগীসকলে সদায় অভিনেত্ৰীসকলৰ ওপৰত চকু ৰাখে। তেওঁলোকে কেনে ধৰণৰ শাৰী পিন্ধে, তেওঁলোকে কি ব্ৰেণ্ডৰ কাপোৰ পিন্ধে বা কোনটো ব্ৰেণ্ডেড বেগ বা জোতা ব্যৱহাৰ কৰে আদি কথাবোৰলৈ অনুৰাগীসকলে মন দিয়ে। 
এইক্ষেত্ৰত   বাঙালী অভিনেত্ৰীসকলেও ফেশ্বনৰ সৈতে কোনো ধৰণে আপোচ কৰা পৰিলক্ষিত হোৱা নাই।  
অভিনেত্ৰী নুছৰত জাহানৰ বেগটোৱে সকলোৰে  মনোযোগ আকৰ্ষণ কৰিছে।  নুছৰত জাহানৰ হাত এখন বিলাসী ফৰাচী ব্ৰেণ্ডৰ বেগ থকা দেখা যায়।  আপুনি এই বেগৰ  মূল্য শুনিলে হয়তো আচৰিতেই হ’ব।  নুছৰতৰ বেগখন লুই ভিটনৰ বিশেষ মনোগ্ৰাম কেনভাচৰ পৰা সংগ্ৰহ কৰা বেগ। এই বেগখন  অন্থেগো এমএম। ব্ৰেণ্ডটোৰ অফিচিয়েল ৱেবছাইটৰ পৰা উপলব্ধ তথ্য অনুসৰি, এই বেগখনৰ মূল্য ভাৰতীয় মুদ্ৰাত  ২ লাখতকৈও অধিক। 


দীপিকা পাডুকন এই বিখ্যাত ফৰাচী ব্ৰেণ্ডটোৰ ব্ৰেণ্ড এম্বেচেডৰ।কেৱল নুছৰত জাহানেই নহয়, শুভাশ্ৰী গংগোপাধ্যায়ৰ সংগ্ৰহত বহুতো দামী বেগ  আছে। ইয়াৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। শুভাশ্ৰী গঙ্গোপাধ্যায় অলপতে পেৰিছ ভ্ৰমণলৈ গৈছিল। সেই সময়ত, শুভাশ্ৰীক বেলেনচিয়াগৰৰ এটা বেগ কঢ়িয়াই নিয়া দেখা গৈছিল।

 ৱেবছাইটৰ পৰা উপলব্ধ তথ্য অনুসৰি, শুভাশ্ৰীৰ এই বেগটোৰ মূল্য প্ৰায় ১ লাখ টকা! শুভাশ্ৰী গংগোপাধ্যায় আৰু নুছৰত জাহানৰ উপৰি  মিমি চক্ৰৱৰ্তীকো এনে ব্ৰেণ্ডেড বেগ হাতত লোৱা  দেখা যায়। অভিনেত্ৰী মিমিয়ে ব্যৱহাৰ কৰা বেগৰ মূল্য ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ২ লাখ টকা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু