--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সংসাৰলৈ আগমন ঘটে এটি কন্যা সন্তানৰ। ৰণবীৰৰ মাতৃ আৰু কন্যা শিশুটিৰ আইতাক অভিনেত্ৰী নীতু কাপুৰে কণমানিজনীৰ নাম ৰাখে ‘ৰাহা’। 

আলিয়াই কন্যা সন্তানটি জন্ম দিয়া এমাহ হ'ব যদিও এতিয়ালৈকে কাপুৰ পৰিয়ালে নৱজাত শিশুটিক লগ পোৱা নাই। পৰিয়ালটোৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে কৰীণা কাপুৰৰ জ্যেষ্ঠ পুত্ৰ টাইমুৰ আলী খানে কনিষ্ঠ ভগ্নীক চাবৰ বাবে অত্যন্ত ব্যাকুল হৈ পৰিছে। 

ৰাহা কাপুৰ খাণ্ডানৰ আটাইতকৈ সৰু আৰু সেয়েহে গোটেই পৰিয়ালটোৱে তাইক লগ পাবলৈ যথেষ্ট উৎসাহিত হৈ আছে। পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যৰ পৰা জানিব পৰা গৈছে যে কৰীনা কাপুৰ খানৰ পুত্ৰ টাইমুৰ আলী খান ৰাহাক লগ পাবলৈ আটাইতকৈ বেছি আগ্ৰহী হৈ আছে। 

কৰীণাই টাইমুৰক ৰাহাৰ জন্মৰ বিষয়ে অৱগত কৰি পুনৰ ডাঙৰ ভাতৃ হৈ পৰা বুলি কোৱাত টাইমুৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। টাইমুৰে ৰাহাক চাব বিচাৰে আৰু লগতে ৰাহাক কোলাত লৈ খুৱাব বিচাৰে।

একেটা সূত্ৰৰ পৰাই জানিব পৰা গৈছে যে এতিয়ালৈকে পৰিয়ালৰ কোনো সদস্যই ৰণবীৰ আৰু আলিয়াৰ কন্যাক লগ পোৱা নাই যদিও অতি সোনকালে পৰিয়ালৰ মিলন হ’বলৈ গৈ আছে। জানিব পৰা মতে, ২০২২ চনৰ ৬ ডিচেম্বৰত ৰাহাৰ প্ৰথম মাহৰ জন্মদিনত সমগ্ৰ কাপুৰ বংশ গোট খাই নিজৰ ঘৰৰ কনিষ্ঠ সদস্য ৰাহাক লগ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু