--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউডৰ অভিনেত্ৰী নোৰা ফটেহীক শুকুৰবাৰে দিল্লী আৰক্ষীয়ে কাৰাগাৰত বন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰৰ সন্দৰ্ভত প্ৰায় ছয় ঘণ্টা সোধা-পোছা কৰে।  ফতেহীক দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই সোধা-পোছা কৰিছিল।
প্ৰৱৰ্তন সঞ্চালকালয়ে পূৰ্বতেও সুকেশ চন্দশেখৰ আৰু  ফটেহীক একেলগে ধনৰ অবৈধ লেনদেনৰ  সন্দেহত সোধা-পোছা কৰিছিল।  ধন দাবীৰ গোচৰত  ইডিৰ ওচৰত দাখিল হোৱা  অভিযোগ পত্ৰৰ অংশ হিচাপে এই তদন্ত আৰম্ভ কৰা হৈছে৷ 

 
অভিযোগ অনুসৰি,   উপহাৰ হিচাপে লাভ কৰা  বিলাসী বি এম ডব্লিউ গাড়ীখনৰ ক্ষেত্ৰত শ ফটেহীয়ে দাবী কৰিছিল যে প্ৰথমতে সুকেশে গাড়ীখন আগবঢ়োৱাৰ সময়ত তেওঁ সন্মতি দিছিল   যদিও  পৰৱৰ্তী সময়ত  গাড়ীখনৰ প্ৰয়োজন নাই বুলি  সুকেশক স্পষ্টকৈ কৈছিল। 


তদন্তকাৰী সংস্থাটোৱে ফটেহী আৰু সুকেশৰ মাজত   বিলাসী তথা  ব্যয়বহুল উপহাৰৰ আদান-প্ৰদান হৈছে নেকি বুলিও প্ৰশ্ন কৰিছিল৷ অৱশ্যে এই প্ৰশ্নক সম্পূৰ্ণ নসাৎ কৰিছিল  ফটেহীয়ে ৷  কেৱল  ৰাজহুৱাভাৱে এটা ব্যয়বহুল  বেগ আৰু এটা আইফোন ১২ উপহাৰ স্বৰূপে  দিয়া হৈছিল বুলি অভিনেত্ৰী গৰাকীয়ে দাবী কৰিছিল৷  এই অনুষ্ঠানত তেওঁ মুখ্য অতিথি আছিল
৷ কিন্তু সুকেশ চন্দ্ৰশেখৰে স্পষ্টভাৱে কয় যে, তেওঁ বলীউডৰ অভিনেত্ৰীগৰাকীক চাৰিটাকৈ ব্যয়বহুল বেগ  উপহাৰ দিছিল ৷ এই বেগ কেইটা  অভিনেত্ৰী গৰাকীয়ে  নিজেই বাছনি কৰিছিল ৷ মুম্বাইৰ এটা মলত  এই বেগ কেইটা ক্ৰয় কৰা হৈছিল৷  

 ফটেহীৰ বিবৃতিসমূহ ২০২১ চনত দুবাৰকৈ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন, ২০০২ ৰ ধাৰা ৫০ৰ অধীনত ৰেকৰ্ড কৰা হৈছিল ৷ 
উল্লেখ্য যে,সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে  অদিতি সিং আৰু শিৱেন্দ্ৰ সিঙৰ পৰা প্ৰায় ২১৫ কোটি টকা জব্দ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ