--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বলীউডৰ অভিনেত্ৰী নোৰা ফটেহীক শুকুৰবাৰে দিল্লী আৰক্ষীয়ে কাৰাগাৰত বন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰৰ সন্দৰ্ভত প্ৰায় ছয় ঘণ্টা সোধা-পোছা কৰে।  ফতেহীক দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই সোধা-পোছা কৰিছিল।
প্ৰৱৰ্তন সঞ্চালকালয়ে পূৰ্বতেও সুকেশ চন্দশেখৰ আৰু  ফটেহীক একেলগে ধনৰ অবৈধ লেনদেনৰ  সন্দেহত সোধা-পোছা কৰিছিল।  ধন দাবীৰ গোচৰত  ইডিৰ ওচৰত দাখিল হোৱা  অভিযোগ পত্ৰৰ অংশ হিচাপে এই তদন্ত আৰম্ভ কৰা হৈছে৷ 

 
অভিযোগ অনুসৰি,   উপহাৰ হিচাপে লাভ কৰা  বিলাসী বি এম ডব্লিউ গাড়ীখনৰ ক্ষেত্ৰত শ ফটেহীয়ে দাবী কৰিছিল যে প্ৰথমতে সুকেশে গাড়ীখন আগবঢ়োৱাৰ সময়ত তেওঁ সন্মতি দিছিল   যদিও  পৰৱৰ্তী সময়ত  গাড়ীখনৰ প্ৰয়োজন নাই বুলি  সুকেশক স্পষ্টকৈ কৈছিল। 


তদন্তকাৰী সংস্থাটোৱে ফটেহী আৰু সুকেশৰ মাজত   বিলাসী তথা  ব্যয়বহুল উপহাৰৰ আদান-প্ৰদান হৈছে নেকি বুলিও প্ৰশ্ন কৰিছিল৷ অৱশ্যে এই প্ৰশ্নক সম্পূৰ্ণ নসাৎ কৰিছিল  ফটেহীয়ে ৷  কেৱল  ৰাজহুৱাভাৱে এটা ব্যয়বহুল  বেগ আৰু এটা আইফোন ১২ উপহাৰ স্বৰূপে  দিয়া হৈছিল বুলি অভিনেত্ৰী গৰাকীয়ে দাবী কৰিছিল৷  এই অনুষ্ঠানত তেওঁ মুখ্য অতিথি আছিল
৷ কিন্তু সুকেশ চন্দ্ৰশেখৰে স্পষ্টভাৱে কয় যে, তেওঁ বলীউডৰ অভিনেত্ৰীগৰাকীক চাৰিটাকৈ ব্যয়বহুল বেগ  উপহাৰ দিছিল ৷ এই বেগ কেইটা  অভিনেত্ৰী গৰাকীয়ে  নিজেই বাছনি কৰিছিল ৷ মুম্বাইৰ এটা মলত  এই বেগ কেইটা ক্ৰয় কৰা হৈছিল৷  

 ফটেহীৰ বিবৃতিসমূহ ২০২১ চনত দুবাৰকৈ মানি লণ্ডাৰিং প্ৰতিৰোধ আইন, ২০০২ ৰ ধাৰা ৫০ৰ অধীনত ৰেকৰ্ড কৰা হৈছিল ৷ 
উল্লেখ্য যে,সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে  অদিতি সিং আৰু শিৱেন্দ্ৰ সিঙৰ পৰা প্ৰায় ২১৫ কোটি টকা জব্দ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু