--°C
Loading...
Listen to Article
2 min read
80%

আজি ভাৰতৰ ক্ৰিকেট কিংবদন্তি কপিল দেৱৰ জন্মদিন। ১৯৫৯ চনৰ ৬ জানুৱাৰীত চণ্ডীগড়ত জন্মগ্ৰহণ কৰিছিল কপিল দেৱে। তেওঁৰ প্ৰকৃত নাম কপিল দেৱ ৰামলাল নিখঞ্জ। ১৯৮৩ চনৰ ২৫ জুনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কপিল দেৱে ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী দেশৰ হাতত তুলি ইতিহাস ৰচনা কৰিছিল। ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী নিজৰ নামত কৰিছিল। কপিল দেৱ সমগ্ৰ বিশ্বতে অধিনায়কসকলৰ মাজৰ অন্যতম এজন আৰু ভাৰতীয় ক্ৰিকেট দলৰ এজন শ্ৰেষ্ঠ অলৰাউণ্ডাৰ বুলি প্ৰমাণিত হৈছে।

ক্ৰিকেট ইতিহাসত কপিল দেৱ একমাত্ৰ খেলুৱৈ যিয়ে তেওঁৰ টেষ্ট মেচ কেৰিয়াৰত ৪০০ তকৈ অধিক উইকেট আৰু ৫০০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে। কপিল দেৱৰ প্ৰেম জীৱন ক্ৰিকেটৰ দৰেই ৰোমাঞ্চকৰ। কপিল দেৱৰ জীৱনৰ ওপৰত '83' নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। ছবিখনত কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে আৰু তেওঁৰ পত্নী ৰমী ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকণে। '83'ৰ ট্ৰেইলাৰ পোহৰলৈ অহাৰ পাছৰে পৰা ৰমী ভাটিয়াৰ বিষয়ে জানিবলৈ মানুহ ব্যগ্ৰ হৈ পৰিছে। ৰমী ভাটিয়াৰ পূৰ্বে বলীউড অভিনেত্ৰী সাৰিকাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল কপিল দেৱ। ক্ৰিকেটাৰ কপিল দেৱ আৰু অভিনেত্ৰী সাৰিকাৰ প্ৰেমে সেই সময়ত প্ৰায়ে সংবাদ শিৰোনাম দখল কৰিছিল। দুয়ো বিয়া পতাৰ সিদ্ধান্তও লৈছিল কিন্তু সেয়া হৈ নুঠিল। হঠাতে তেওঁলোকৰ বিচ্চেদ ঘটে। দুয়ো বিচ্চেদৰ কথা ৰাজহুৱা কৰা নাছিল যদিও এই বিচ্ছেদৰ কাৰণ আছিল কপিল দেৱ অন্য এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল। সেই যুৱতীগৰাকী আছিল ৰমী ভাটিয়া।

ৰমীক নিজৰ মনৰ কথা কবলৈ ১ বছৰ সময় লাগিছিল কপিল দেৱৰ। এজন বন্ধুৰ জৰিয়তে দুয়ো চিনাকি হৈছিল আৰু ক্ৰমে হৃদয়ৰ ওচৰ চাপি আহিছিল। উল্লেখ্য যে ৰমীক প্ৰস্তাৱ দিবৰ সময়ত দুয়ো ৰে'লত যাত্ৰা কৰি আছিল। কপিলে চিনেমাৰ ষ্টাইলত ৰমীৰ ফালে চাই কৈছিল 'তুমি এই ধুনীয়া ঠাইখনৰ ফটো তুলিব বিচাৰা নেকি? আমি পাছত আমাৰ ল'ৰা-ছোৱালীক এই ফটোখন দেখুৱাব পাৰিম। ৰমীয়ে প্ৰথমতে কপিলৰ কথা শুনি লাজ কৰিছিল আৰু পাছত কপিলৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এনেদৰেই ১৯৮০ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। বৈবাহিক জীৱনৰ বহু সময় বাগৰি যোৱাৰ পাছত ১৯৯৬ চনত তেওঁলোকৰ সংসাৰলৈ এটি কন্যা সন্তানৰ আগমন ঘটে। কন্যা সন্তানটিৰ নাম অমিয়া দেৱ।

ইফালে সাৰিকাই কপিলৰ সৈতে বিচ্ছেদ ঘটাৰ পাছত অভিনেতা কামাল হাছানক নিজৰ হৃদয় দিয়ে। সেই সময়ত কামাল হাছান বিবাহিত আছিল। তেওঁৰ পত্নীৰ নাম আছিল বাণী গণপতি। বাণীৰ সৈতে বিবাহ বিচ্ছেদ কৰি ১৯৮৮ চনত সাৰিকাক বিয়া পাতে কমল হাছানে। কিন্তু ২০০৪ চনত কামাল আৰু সাৰিকাৰ বিবাহ বিচ্ছেদ ঘটে। বিয়াৰ পূৰ্বেই সন্তান সম্ভৱা হৈ সাৰিকাই জন্ম দিছিল শ্ৰুতি হাছানক।এনেদৰেই এই প্ৰেম কাহিনীয়ে ৰোমাঞ্চিত কৰি ৰাখিছে ক্ৰিকেট আৰু অভিনয় জগত।

আৰু পঢ়কঃ ৰজনী পণ্ডিত: ভিন্ন ভেশ ধৰি ৮০ হাজাৰ কেছ সমাধা কৰা দেশৰ প্ৰথম মহিলা ডিটেক্টিভ


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?