--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা তুনিশা শৰ্মাৰ আত্মহত্যাৰ গোচৰত অৱশেষত জামিন লাভ কৰিলে প্ৰাক্তন প্ৰেমিক শিজান খানে ৷তুনিশাৰ মৃত্যুৰ  প্ৰায় আঢ়ৈ মাহৰ পিছত শিজান খানে জামিন লাভ কৰিবলৈ সক্ষম হয়। তেওঁক  ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন দিয়া হৈছে। অৱশ্যে অভিনেতাজনক তেওঁৰ পাছপোৰ্ট জমা দিবলৈ কোৱা হৈছে।


অভিনেত্ৰী তুনিশা  শৰ্মাৰ মৃতদেহ  ২৪ ডিচেম্বৰত আলিবাবা-দস্তান-ই-কুবুলৰ ছেটত ওলমি থকা অৱস্থাত পোৱা গৈছিল। তুনিশা  শৰ্মাক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল শিজানক। তেওঁ ইমান দিন কাৰাগাৰতে আছিল।আজি মহাৰাষ্ট্ৰৰ আদালতে শিজানক জামিন প্ৰদান কৰিছে। শিজানক যোৱা বছৰ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰে পৰাই তেওঁ ন্যায়িক জিম্মাত আছিল। শিজানৰ সৈতে  তুনিশা শৰ্মাৰ  প্ৰেম আছিল। 

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কেইদিনমান আগতে সেই প্ৰেম ভংগ হৈছিল৷ এই কথাতে মৰ্মাহত হৈ তুনিশাই আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে৷  অভিনেত্ৰীগৰাকীৰ মাতৃয়ে  শিজানে তুনিশাক আত্মহত্যাৰ বাবে উদগনি দিয়াৰ অভিযোগ কৰিছিল। তুনিশাৰ  মৃত্যুৰ এদিন পিছত শিজান খানক গ্ৰেপ্তাৰ কৰা হৈছিল৷সংবাদমেলত তিউনিছাৰ মাতৃয়ে দাবী কৰিছিল যে শিজানে আন এজনী ছোৱালীৰ সৈতে সম্পৰ্কত লিপ্ত হৈ আছে৷

অভিনেত্ৰীগৰাকীৰ মাতৃয়ে দাবী কৰিছে যে শিজানে বিবাহৰ প্ৰতিশ্ৰুতিৰে  তেওঁৰ কন্যাক  প্ৰতাৰণা কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী ৰায়া লাবিবে শেহতীয়াকৈ শিজান খানৰ বিৰুদ্ধে   মুখ খুলিছে।ৰায়াই দাবী কৰিছে যে শিজানে কেৱল যৌনতাৰ বাবেই ছোৱালীৰ সৈতে সম্পৰ্কত জড়িত হৈছিল।শিজানৰ  ৬ ৰ পৰা ১০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল। 

ৰায়া লাবিবে সংবাদ মাধ্যমক কয়  যে শিজানে তেওঁৰ  যৌন আকাংক্ষা পূৰণ কৰিবলৈ আৰু বহু ছোৱালীক ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোক সকলোকে  প্ৰেম আৰু বিয়াৰ প্ৰতিশ্ৰুতিৰ নামত শিজানে  প্ৰতাৰণা কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল