--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা তুনিশা শৰ্মাৰ আত্মহত্যাৰ গোচৰত অৱশেষত জামিন লাভ কৰিলে প্ৰাক্তন প্ৰেমিক শিজান খানে ৷তুনিশাৰ মৃত্যুৰ  প্ৰায় আঢ়ৈ মাহৰ পিছত শিজান খানে জামিন লাভ কৰিবলৈ সক্ষম হয়। তেওঁক  ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন দিয়া হৈছে। অৱশ্যে অভিনেতাজনক তেওঁৰ পাছপোৰ্ট জমা দিবলৈ কোৱা হৈছে।


অভিনেত্ৰী তুনিশা  শৰ্মাৰ মৃতদেহ  ২৪ ডিচেম্বৰত আলিবাবা-দস্তান-ই-কুবুলৰ ছেটত ওলমি থকা অৱস্থাত পোৱা গৈছিল। তুনিশা  শৰ্মাক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল শিজানক। তেওঁ ইমান দিন কাৰাগাৰতে আছিল।আজি মহাৰাষ্ট্ৰৰ আদালতে শিজানক জামিন প্ৰদান কৰিছে। শিজানক যোৱা বছৰ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰে পৰাই তেওঁ ন্যায়িক জিম্মাত আছিল। শিজানৰ সৈতে  তুনিশা শৰ্মাৰ  প্ৰেম আছিল। 

অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কেইদিনমান আগতে সেই প্ৰেম ভংগ হৈছিল৷ এই কথাতে মৰ্মাহত হৈ তুনিশাই আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে৷  অভিনেত্ৰীগৰাকীৰ মাতৃয়ে  শিজানে তুনিশাক আত্মহত্যাৰ বাবে উদগনি দিয়াৰ অভিযোগ কৰিছিল। তুনিশাৰ  মৃত্যুৰ এদিন পিছত শিজান খানক গ্ৰেপ্তাৰ কৰা হৈছিল৷সংবাদমেলত তিউনিছাৰ মাতৃয়ে দাবী কৰিছিল যে শিজানে আন এজনী ছোৱালীৰ সৈতে সম্পৰ্কত লিপ্ত হৈ আছে৷

অভিনেত্ৰীগৰাকীৰ মাতৃয়ে দাবী কৰিছে যে শিজানে বিবাহৰ প্ৰতিশ্ৰুতিৰে  তেওঁৰ কন্যাক  প্ৰতাৰণা কৰিছিল। প্ৰয়াত অভিনেত্ৰীগৰাকীৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী ৰায়া লাবিবে শেহতীয়াকৈ শিজান খানৰ বিৰুদ্ধে   মুখ খুলিছে।ৰায়াই দাবী কৰিছে যে শিজানে কেৱল যৌনতাৰ বাবেই ছোৱালীৰ সৈতে সম্পৰ্কত জড়িত হৈছিল।শিজানৰ  ৬ ৰ পৰা ১০ গৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছিল। 

ৰায়া লাবিবে সংবাদ মাধ্যমক কয়  যে শিজানে তেওঁৰ  যৌন আকাংক্ষা পূৰণ কৰিবলৈ আৰু বহু ছোৱালীক ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোক সকলোকে  প্ৰেম আৰু বিয়াৰ প্ৰতিশ্ৰুতিৰ নামত শিজানে  প্ৰতাৰণা কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ