--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে সমগ্ৰ বিশ্বতে বিগত দুটা বৰ্ষত ত্ৰাসৰ সৃষ্টি কৰিছে৷ মৃত্যু ঘটিছে লাখ লাখ লোকৰ৷ ভাৰততো কোভিডত বহু লাখ লোকৰ প্ৰাণহানি ঘটিছে৷ এনে দুৰ্যোগৰ ভয়াৱহ স্মৃতি মানুহৰ মানসপটৰ পৰা মচ খাই নৌযাওঁতেই এগৰাকী জনপ্ৰিয়  কমেডিয়ানে কোভিডত হোৱা মৃত্যুকলৈ  কৰা কৌতুকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে  বিতৰ্ক৷

প্ৰায় তিনি বছৰৰ পিছত কৰোনা মহামাৰী এতিয়া  নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু দেশবাসীয়ে সেই ভয়ংকৰ দিনবোৰৰ কথা পাহৰিব পৰা নাই৷  কোভিডৰ সময়ত  হাজাৰ হাজাৰ মানুহে চাকৰি হেৰুৱাইছে। দেশজুৰি লকডাউনৰ ফলত লাখ লাখ শ্ৰমিকে খোজকাঢ়ি মাইলৰ পিছত মাইল  ভ্ৰমণ কৰিবলগীয়া হৈছিল। চিকিৎসালয়ত  অক্সিজেনৰ অভাৱ ঘটিছিল৷ কেন্দ্ৰই প্ৰদান কৰা তথ্য অনুসৰিপ্ৰতিদিনে সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল। 

এনে সময়তে কৌতুক অভিনেতা ডেনিয়েল ফাৰ্ণাণ্ডেজে সেই কঠিন সময়ৰ বিষয়ে কৌতুক কৰিছে। যি কথা নেটিজেনসকলে ভালভাবে গ্ৰহণ কৰা নাই।ডেনিয়েলৰ কৌতুকৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য'ত তেওঁ অক্সিজেন, আইচিইউ বিচনাৰ  বাবে সাধাৰণ লোকৰ কান্দোনকলৈ উপহাস কৰিছে। সেই সময়ত বহুলোকে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু অক্সিজেন চিলিণ্ডাৰ, ভেণ্টিলেটৰ, আইচিইউ বিচনাৰ বিচাৰি আবেদন কৰিছিল৷ সেই সকলোবোৰ কথাই  তেওঁৰ কৌতুকত স্থান পাইছে। দানিয়েলে ক'ব বিচাৰে যে যিসকলে সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত কথা কৈছিল তেওঁলোকেহে সহায় পাইছিল। কিন্তু তেওঁ সেই সময়ত  ইয়াৰ বিপৰীতেহে কাম কৰিছিল।

নেটিজেনসকলে এনে এক সংবেদনশীল বিষয়কলৈ কৰা  উপহাসক  সহজভাবে গ্ৰহণ কৰা নাই। বহুতে তেওঁক  দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰিছে। বহুলোকে লিখিছে যে কৌতুক কৰিবলৈ বহু বিষয় আছে, এনে বিষয় বাছি লোৱাটো দুৰ্ভাগ্যজনক৷ কোভিডত মৃত্যুৰ দৰে বিষয়কলৈ  কৌতুক কৰাটো মানি ল’ব নোৱাৰি। পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও  ডেনিয়েলক সমালোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ