--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে সমগ্ৰ বিশ্বতে বিগত দুটা বৰ্ষত ত্ৰাসৰ সৃষ্টি কৰিছে৷ মৃত্যু ঘটিছে লাখ লাখ লোকৰ৷ ভাৰততো কোভিডত বহু লাখ লোকৰ প্ৰাণহানি ঘটিছে৷ এনে দুৰ্যোগৰ ভয়াৱহ স্মৃতি মানুহৰ মানসপটৰ পৰা মচ খাই নৌযাওঁতেই এগৰাকী জনপ্ৰিয়  কমেডিয়ানে কোভিডত হোৱা মৃত্যুকলৈ  কৰা কৌতুকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হৈছে  বিতৰ্ক৷

প্ৰায় তিনি বছৰৰ পিছত কৰোনা মহামাৰী এতিয়া  নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু দেশবাসীয়ে সেই ভয়ংকৰ দিনবোৰৰ কথা পাহৰিব পৰা নাই৷  কোভিডৰ সময়ত  হাজাৰ হাজাৰ মানুহে চাকৰি হেৰুৱাইছে। দেশজুৰি লকডাউনৰ ফলত লাখ লাখ শ্ৰমিকে খোজকাঢ়ি মাইলৰ পিছত মাইল  ভ্ৰমণ কৰিবলগীয়া হৈছিল। চিকিৎসালয়ত  অক্সিজেনৰ অভাৱ ঘটিছিল৷ কেন্দ্ৰই প্ৰদান কৰা তথ্য অনুসৰিপ্ৰতিদিনে সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছিল। 

এনে সময়তে কৌতুক অভিনেতা ডেনিয়েল ফাৰ্ণাণ্ডেজে সেই কঠিন সময়ৰ বিষয়ে কৌতুক কৰিছে। যি কথা নেটিজেনসকলে ভালভাবে গ্ৰহণ কৰা নাই।ডেনিয়েলৰ কৌতুকৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য'ত তেওঁ অক্সিজেন, আইচিইউ বিচনাৰ  বাবে সাধাৰণ লোকৰ কান্দোনকলৈ উপহাস কৰিছে। সেই সময়ত বহুলোকে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু অক্সিজেন চিলিণ্ডাৰ, ভেণ্টিলেটৰ, আইচিইউ বিচনাৰ বিচাৰি আবেদন কৰিছিল৷ সেই সকলোবোৰ কথাই  তেওঁৰ কৌতুকত স্থান পাইছে। দানিয়েলে ক'ব বিচাৰে যে যিসকলে সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত কথা কৈছিল তেওঁলোকেহে সহায় পাইছিল। কিন্তু তেওঁ সেই সময়ত  ইয়াৰ বিপৰীতেহে কাম কৰিছিল।

নেটিজেনসকলে এনে এক সংবেদনশীল বিষয়কলৈ কৰা  উপহাসক  সহজভাবে গ্ৰহণ কৰা নাই। বহুতে তেওঁক  দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰিছে। বহুলোকে লিখিছে যে কৌতুক কৰিবলৈ বহু বিষয় আছে, এনে বিষয় বাছি লোৱাটো দুৰ্ভাগ্যজনক৷ কোভিডত মৃত্যুৰ দৰে বিষয়কলৈ  কৌতুক কৰাটো মানি ল’ব নোৱাৰি। পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও  ডেনিয়েলক সমালোচনা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু