--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ ‘পাঠান’ক লৈ উত্তাল দেশ। তেনে সময়তে এটা তাৎপৰ্যপূৰ্ণ ভাষ্য প্ৰদান কৰিলে অভিনেতাজনে।

শেহতীয়াকৈ কাটাৰ বিশ্বকাপৰ মঞ্চত দেখা পোৱা গ’ল শ্বাহৰুখক। ‘পাঠান’ৰ প্ৰচাৰৰ বাবেই বিশ্বকাপলৈ গৈছিল অভিনেতাজন। তাতে ক্ৰিকেটাৰ ৰবীন উত্থাপাক দিয়া এক সাক্ষাৎকাৰত সোধা হৈছিল যে অভিনয় যদি শ্বাহৰুখে এৰে, তেন্তে বিকল্প পেছা কি হ’ব পাৰে?

 “অভিনয়ৰ বিকল্প হিচাপে বেছ কিছু ব্যৱসায়ৰ পৰিকল্পনা আছে।”- শ্বাহৰুখে কয়।

কথা প্ৰসংগত হাস্যৰসৰো যোগান ধৰে অভিনেতাজনে। কয় যে তেওঁ যদি ব্যৱসায় কৰে তেন্তে ‘পাঠান কেটাৰিং’, ‘বাজিগৰ বেকাৰী’, ‘দিলৱালে দুলহনিয়া লে জায়েংগে চুইট ভাণ্ডাৰ’ খুলিব।

উল্লেখ্য যে শেহৰবাৰৰ বাবে শ্বাহৰুখক দেখা গৈছিল ‘জিৰো’ ছৱিত। বক্স অফিচত চৰম বিফল হোৱা ছৱিখনৰ চাৰি বছৰৰ মূৰত ‘পাঠান’ মুক্তি দিবলৈ উলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য