--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী যুৱ অভিনেতাই মন্ত্ৰমুগ্ধ কৰিছে দেশৰ সহস্ৰাধিক দৰ্শকক৷ এখন বহুচৰ্চিত বাণিজ্যিকভাবে সফল চিনেমাত যুৱ অভিনেতাগৰাকীৰ ভূমিকাই লৈছে অনবদ্য ভূমিকা৷ তেওঁৰ অভিনয়ক বাদ দি সফলতাৰ শিখৰ চুলেহেঁতেনগৈনে, তাকো লৈয়ে অনুৰাগীয়ে কৰিছে প্ৰশ্ন৷ 

তেওঁ আন কোনো নহয়৷ বলীউডৰ পৰিচালক অনিল শৰ্মাৰ পুত্ৰ উৎকৰ্ষ শৰ্মা৷ উৎকৰ্ষ, তেওঁৰ ছবি ‘গাডাৰ: এক প্ৰেমকথা’ৰ বাবে সুপৰিচিত। তেওঁ চেপমেন বিশ্ববিদ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ‘প্ৰযোজনা আৰু পৰিচালনা’ত ফাইন আৰ্টছৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত মেথড অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। 

‘গদাৰ: এক প্ৰেমকথা’ত চৰণজিৎ হিচাপে কাম কৰাৰ পাছত উৎকৰ্ষই ‘জিনিয়াছ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ এইগৰাকী উৎকৰ্ষ শৰ্মাই ২০০১ চনত মুক্তি পোৱা ‘গডাৰ: এক প্ৰেমকথা’ত যুৱ জিতেৰ চৰিত্ৰত অভিনয় কৰিছিল।

আৰু সুদীৰ্ঘ ২২ বছৰৰ অন্তত ছবিখনৰ চিকুৱেল মুক্তি পাইছে৷ আকৌ এবাৰ ৰূপালী পৰ্দাত দেখা গৈছে উৎকৰ্ষৰ অভিনয় প্ৰতিভা৷ যদিও সকলোৱে তাৰা আৰু চাকিনাৰ ৰূপত অভিনয় কৰাৰ বাবে ছানী দেওল আৰু আমিশা পেটেলক প্ৰশংসা কৰিছে, আমি উপেক্ষা কৰিব নোৱাৰো যে উৎকৰ্ষয়ো চিনেমাখনত তেওঁৰ অভিনয়ৰ দ্বাৰা এক শক্তিশালী চাপ ৰাখিছে।

মুখ্য চৰিত্ৰত উৎকৰ্ষৰ প্ৰথমখন ছবি আছিল ‘জিনিয়াছ’, যিখন ২০১৮ চনত মুক্তি পাইছিল। ছবিখন তেওঁৰ দেউতাক অনিল শৰ্মাই পৰিচালনা কৰিছিল, কিন্তু চিনেমাখনে নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত প্ৰভাৱ পেলাব পৰা নাছিল। অৱশ্যে, ‘গাডাৰ-২’ৰ সৈতে উৎকৰ্ষ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক