--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী যুৱ অভিনেতাই মন্ত্ৰমুগ্ধ কৰিছে দেশৰ সহস্ৰাধিক দৰ্শকক৷ এখন বহুচৰ্চিত বাণিজ্যিকভাবে সফল চিনেমাত যুৱ অভিনেতাগৰাকীৰ ভূমিকাই লৈছে অনবদ্য ভূমিকা৷ তেওঁৰ অভিনয়ক বাদ দি সফলতাৰ শিখৰ চুলেহেঁতেনগৈনে, তাকো লৈয়ে অনুৰাগীয়ে কৰিছে প্ৰশ্ন৷ 

তেওঁ আন কোনো নহয়৷ বলীউডৰ পৰিচালক অনিল শৰ্মাৰ পুত্ৰ উৎকৰ্ষ শৰ্মা৷ উৎকৰ্ষ, তেওঁৰ ছবি ‘গাডাৰ: এক প্ৰেমকথা’ৰ বাবে সুপৰিচিত। তেওঁ চেপমেন বিশ্ববিদ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ‘প্ৰযোজনা আৰু পৰিচালনা’ত ফাইন আৰ্টছৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত মেথড অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। 

‘গদাৰ: এক প্ৰেমকথা’ত চৰণজিৎ হিচাপে কাম কৰাৰ পাছত উৎকৰ্ষই ‘জিনিয়াছ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ এইগৰাকী উৎকৰ্ষ শৰ্মাই ২০০১ চনত মুক্তি পোৱা ‘গডাৰ: এক প্ৰেমকথা’ত যুৱ জিতেৰ চৰিত্ৰত অভিনয় কৰিছিল।

আৰু সুদীৰ্ঘ ২২ বছৰৰ অন্তত ছবিখনৰ চিকুৱেল মুক্তি পাইছে৷ আকৌ এবাৰ ৰূপালী পৰ্দাত দেখা গৈছে উৎকৰ্ষৰ অভিনয় প্ৰতিভা৷ যদিও সকলোৱে তাৰা আৰু চাকিনাৰ ৰূপত অভিনয় কৰাৰ বাবে ছানী দেওল আৰু আমিশা পেটেলক প্ৰশংসা কৰিছে, আমি উপেক্ষা কৰিব নোৱাৰো যে উৎকৰ্ষয়ো চিনেমাখনত তেওঁৰ অভিনয়ৰ দ্বাৰা এক শক্তিশালী চাপ ৰাখিছে।

মুখ্য চৰিত্ৰত উৎকৰ্ষৰ প্ৰথমখন ছবি আছিল ‘জিনিয়াছ’, যিখন ২০১৮ চনত মুক্তি পাইছিল। ছবিখন তেওঁৰ দেউতাক অনিল শৰ্মাই পৰিচালনা কৰিছিল, কিন্তু চিনেমাখনে নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত প্ৰভাৱ পেলাব পৰা নাছিল। অৱশ্যে, ‘গাডাৰ-২’ৰ সৈতে উৎকৰ্ষ শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু