--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘গডৰ-২’ ছবিখনে মুক্তি পোৱাৰে পৰা দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। ছানী দেওল আৰু অমিশা পেটেলৰ এই ছিকুৱেল ছবিখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ কাহিনীৰ সমান্তৰালকৈ ইয়াৰ গীতবোৰো আকৌ এবাৰ ৰাইজৰ ওঁঠে ওঁঠে বাগৰিছে। কিন্তু ছবিখনৰ প্ৰথম খণ্ডৰ সৈতে জড়িত সংগীত সুৰকাৰ উত্তম সিং কিছু দুখিত হৈ পৰিছে। আচলতে ছবিখনত উত্তম সিঙৰ সংগীত ব্যৱহাৰ কৰা হৈছিল যদিও এবাৰো তেওঁক ছবি নিৰ্মাতাই সোধা নাছিল। সেই বাবেই গডৰ-২ৰ নিৰ্মাতাৰ ওপৰত ক্ষোভিত হৈ পৰিছে উত্তম সিং। 

অনিল শৰ্মাই ‘গডৰ-২’ ছবিখন পৰিচালনা কৰিছিল আৰু তেওঁ ছবিখনৰ দ্বিতীয় খণ্ডও নিৰ্মাণ কৰিছে। ২০০১ চনৰ ১৫ জুনত মুক্তি পাইছিল ‘গদৰ: এক প্ৰেম কথা’। ১৮ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে ১৩৩ কোটিতকৈও অধিক ব্যৱসায় কৰিছিল। এতিয়া ছবিখনৰ দ্বিতীয় খণ্ড ১১ আগষ্টত মুক্তি পালে আৰু ছবিখনে পুনৰবাৰ দৰ্শকৰ মাজত প্ৰেম লাভ কৰিবলৈ সক্ষম হৈছে। ‘গডৰ’ৰ প্ৰথম খণ্ডৰ সংগীতেও বিপুল জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াৰ সংগীত প্ৰদান কৰিছিল উত্তম সিঙে।

‘গদৰঃ এক প্ৰেম কথা’ ছবিখনৰ আটাইকেইটা গীতেও ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হ’ল। ইয়াৰ ভিতৰত ‘মে নিক্লা গড্ডি লে কে’, ‘উড় জা কালে কাৱা’ অতি সফল হৈছিল। এই দুয়োটা গীতৰ ব্যৱহাৰ ‘গডৰ-২’ ছবিখনতো কৰা হৈছে আৰু প্ৰচাৰৰ সময়ত ছানী দেওলে এই গীতবোৰৰ লগত গ্ৰুভ কৰা দেখা গৈছিল। এতিয়া উত্তম সিঙে এই সন্দৰ্ভত নিজৰ দুখ প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত তেওঁ কয়, ছবিখনৰ নিৰ্মাতাই মোক ‘গডৰ-২’ৰ বাবে মতা নাছিল। ফোন কৰি কাম বিচৰাৰ অভ্যাস মোৰ নাই। মোৰ দুটা গান তেওঁ ছবিখনত ব্যৱহাৰ কৰিছে। মোৰ দ্বাৰা ৰচিত বেকগ্ৰাউণ্ড মিউজিকো ছবিখনত ব্যৱহাৰ কৰা হৈছে। মোৰ গীতবোৰ ব্যৱহাৰ কৰাৰ আগতে এবাৰ হ’লেও মোক সোধা হ’লে ভাল পালোহেঁতেন। এইখিনি সৌজন্যতা থকাটো উচিত।

উত্তম সিঙৰ এই বক্তব্যৰ পিছতে ছবিখনক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে। মিথুনে ছবিখনৰ দ্বিতীয় খণ্ডৰ সংগীত ৰচনা কৰিছে। উল্লেখ্য যে ছবিখনে ৪১১ কোটি টকা লাভ কৰিছে। এই উইকেণ্ডত ছবিখনৰ সংগ্ৰহ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু