--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘গডৰ-২’ ছবিখনে মুক্তি পোৱাৰে পৰা দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে। ছানী দেওল আৰু অমিশা পেটেলৰ এই ছিকুৱেল ছবিখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ছবিখনৰ কাহিনীৰ সমান্তৰালকৈ ইয়াৰ গীতবোৰো আকৌ এবাৰ ৰাইজৰ ওঁঠে ওঁঠে বাগৰিছে। কিন্তু ছবিখনৰ প্ৰথম খণ্ডৰ সৈতে জড়িত সংগীত সুৰকাৰ উত্তম সিং কিছু দুখিত হৈ পৰিছে। আচলতে ছবিখনত উত্তম সিঙৰ সংগীত ব্যৱহাৰ কৰা হৈছিল যদিও এবাৰো তেওঁক ছবি নিৰ্মাতাই সোধা নাছিল। সেই বাবেই গডৰ-২ৰ নিৰ্মাতাৰ ওপৰত ক্ষোভিত হৈ পৰিছে উত্তম সিং। 

অনিল শৰ্মাই ‘গডৰ-২’ ছবিখন পৰিচালনা কৰিছিল আৰু তেওঁ ছবিখনৰ দ্বিতীয় খণ্ডও নিৰ্মাণ কৰিছে। ২০০১ চনৰ ১৫ জুনত মুক্তি পাইছিল ‘গদৰ: এক প্ৰেম কথা’। ১৮ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে ১৩৩ কোটিতকৈও অধিক ব্যৱসায় কৰিছিল। এতিয়া ছবিখনৰ দ্বিতীয় খণ্ড ১১ আগষ্টত মুক্তি পালে আৰু ছবিখনে পুনৰবাৰ দৰ্শকৰ মাজত প্ৰেম লাভ কৰিবলৈ সক্ষম হৈছে। ‘গডৰ’ৰ প্ৰথম খণ্ডৰ সংগীতেও বিপুল জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াৰ সংগীত প্ৰদান কৰিছিল উত্তম সিঙে।

‘গদৰঃ এক প্ৰেম কথা’ ছবিখনৰ আটাইকেইটা গীতেও ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হ’ল। ইয়াৰ ভিতৰত ‘মে নিক্লা গড্ডি লে কে’, ‘উড় জা কালে কাৱা’ অতি সফল হৈছিল। এই দুয়োটা গীতৰ ব্যৱহাৰ ‘গডৰ-২’ ছবিখনতো কৰা হৈছে আৰু প্ৰচাৰৰ সময়ত ছানী দেওলে এই গীতবোৰৰ লগত গ্ৰুভ কৰা দেখা গৈছিল। এতিয়া উত্তম সিঙে এই সন্দৰ্ভত নিজৰ দুখ প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত তেওঁ কয়, ছবিখনৰ নিৰ্মাতাই মোক ‘গডৰ-২’ৰ বাবে মতা নাছিল। ফোন কৰি কাম বিচৰাৰ অভ্যাস মোৰ নাই। মোৰ দুটা গান তেওঁ ছবিখনত ব্যৱহাৰ কৰিছে। মোৰ দ্বাৰা ৰচিত বেকগ্ৰাউণ্ড মিউজিকো ছবিখনত ব্যৱহাৰ কৰা হৈছে। মোৰ গীতবোৰ ব্যৱহাৰ কৰাৰ আগতে এবাৰ হ’লেও মোক সোধা হ’লে ভাল পালোহেঁতেন। এইখিনি সৌজন্যতা থকাটো উচিত।

উত্তম সিঙৰ এই বক্তব্যৰ পিছতে ছবিখনক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে। মিথুনে ছবিখনৰ দ্বিতীয় খণ্ডৰ সংগীত ৰচনা কৰিছে। উল্লেখ্য যে ছবিখনে ৪১১ কোটি টকা লাভ কৰিছে। এই উইকেণ্ডত ছবিখনৰ সংগ্ৰহ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ