--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ' মোৰ পুত্ৰ হ’লেই মোৰ উত্তৰাধিকাৰী নহয়। যিজন মোৰ উত্তৰাধিকাৰী হ’ব তেওঁ মোৰ পুত্ৰ হ'ব'- এই মন্তব্য কৰিছিল কিংবদন্তী কবি, গীতিকাৰ হৰিবংশ ৰায় বচ্চনে। বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ পিতৃৰ এই কথাষাৰ উদ্ধৃতি কৰি অমিতাভে কৰা এটা টুইট আজি হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু৷ হৈ পৰিছে। উল্লেখ্য যে, পুত্ৰ তথা তাৰকা অভিনেতা অভিষেক বচ্চনৰ মুক্তি পাবলগীয়া ছবি সন্দৰ্ভত টুইটটো কৰিছে অমিতাভ বচ্চনে৷ বৰ্তমান সময়ত অভিষেকৰ নতুন ছবি 'দশৱী'ৰ হৈ পৰিছে আলোচনাৰ কেন্দ্ৰবিন্দু। শেহতীয়াকৈ, এই চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। চলচ্চিত্ৰখনত অভিষেকক গংগাৰাম চৌধুৰী নামৰ এজন ৰাজনীতিকৰ চৰিত্ৰত দেখা যাব। দুৰ্নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা মুখ্যমন্ত্ৰীৰ চৰিত্ৰ তেওঁ ৰূপায়ন কৰিছে। চলচ্চিত্ৰখনৰ ট্ৰেইলাৰটো ছ’চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। এই ছবিখনত অভিষেক বচ্চনৰ অভিনয়ে ব্যাপক চৰ্চা লাভ কৰিছে। ট্ৰেইলাৰ মুক্তিৰ পাছতে, অভিষেকৰ ৰাজনৈতিকভাৱে অতি শক্তিশালী কিন্তু মানসিকতাৰ চৰিত্ৰটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিভিন্ন অনুৰাগী তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে এতিয়া অমিতাভ বচ্চনেও অভিষেকৰ উচ্চ প্ৰশংসা কৰা দেখা গৈছে। বিগ বিয়ে তেওঁৰ পৰিয়ালৰ সদস্যক প্ৰশংসা কৰিবলৈ খুব কম পোষ্ট কৰে। কিন্তু এইবাৰ তেওঁক ব্যতিক্ৰম ৰূপত দেখা গ'ল৷ তেওঁৰ পুত্ৰৰ বাবে কৰা টুইটটো এতিয়া ভাইৰেল হৈ পৰিছে। অভিষেকৰ ছবিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অভিষেকক নিজৰ উত্তৰাধিকাৰী বুলি ঘোষণা কিছে। https://twitter.com/SrBachchan/status/1506712561898901504?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1506712561898901504%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcdn.embedly.com%2Fwidgets%2Fmedia.html%3Ftype%3Dtext2Fhtmlkey%3Dcb7145f1731b4c328f8e4d2201854ceaschema%3Dtwitterurl%3Dhttps3A%2F%2Ftwitter.com%2Fsrbachchan%2Fstatus%2F1506712561898901504image%3Dhttps3A%2F%2Fabs.twimg.com%2Ferrors%2Flogo46x38.png অমিতাভ বচ্চনে টুইটাৰত 'দশৱী' ছবিখনৰ ট্ৰেইলাৰৰ লিংক শ্বেয়াৰ কৰি হৰিবংশ ৰায় বচ্চনৰ সেই প্ৰখ্যাত মন্তব্যৰ উদ্ধৃতি দাঙি ধৰিছে-- ' মোৰ পুত্ৰ হ’লেই মোৰ উত্তৰাধিকাৰী নহয়। যিজন মোৰ উত্তৰাধিকাৰী হ’ব তেওঁ মোৰ পুত্ৰ হ'ব।’ আৰু তাৰ তলতে তেওঁ লিখিছে, 'অভিষেক, তুমি মোৰ উত্তৰাধিকাৰী৷ বছ আজি স্পষ্টকৈ কৈ পেলাইছোঁ।' বিগ বিৰ এই টুইট এতিয়া ভাইৰেল হৈ পৰিছে। পিতৃ আৰু পুত্ৰৰ এই শক্তিশালী বান্ধোনে সকলোকে এতিয়া আপ্লুত কৰি তুলিছে। তদুপৰি অভিষেৰ বাবেও এই প্ৰশংসা অতি বিশেষ বুলি চিহ্নিত হৈছে। উল্লেখ্য যে, এগৰাকী তাৰকাৰ সন্তান হোৱাটো খুব সহজ নহয়, অভিষেক বচ্চনৰ বাবে বলীউডৰ পথো ইমান সহজ নাছিল। তেওঁ চলচ্চিত্ৰ উদ্যোগত নিজৰ চাপ ৰাখিবলৈ ভালেমান সংগ্ৰাম কৰিবলগীয়া হৈছে। পদে পদে পিতৃৰ সৈতে তেওঁৰ কামৰ তুলনা কৰি অনুৰাগীসকলে অভিষেকৰ পথ অধিক জটিল কৰি তুলিছিল। গুৰু, য়ুবা, ৰাৱণ আদিৰ দৰে ছবিত উল্লেখনীয় অভিনয় কৰা অভিষেকৰ দশৱীয়ে মুক্তিৰ পূৰ্বেই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু