--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ' মোৰ পুত্ৰ হ’লেই মোৰ উত্তৰাধিকাৰী নহয়। যিজন মোৰ উত্তৰাধিকাৰী হ’ব তেওঁ মোৰ পুত্ৰ হ'ব'- এই মন্তব্য কৰিছিল কিংবদন্তী কবি, গীতিকাৰ হৰিবংশ ৰায় বচ্চনে। বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ পিতৃৰ এই কথাষাৰ উদ্ধৃতি কৰি অমিতাভে কৰা এটা টুইট আজি হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু৷ হৈ পৰিছে। উল্লেখ্য যে, পুত্ৰ তথা তাৰকা অভিনেতা অভিষেক বচ্চনৰ মুক্তি পাবলগীয়া ছবি সন্দৰ্ভত টুইটটো কৰিছে অমিতাভ বচ্চনে৷ বৰ্তমান সময়ত অভিষেকৰ নতুন ছবি 'দশৱী'ৰ হৈ পৰিছে আলোচনাৰ কেন্দ্ৰবিন্দু। শেহতীয়াকৈ, এই চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। চলচ্চিত্ৰখনত অভিষেকক গংগাৰাম চৌধুৰী নামৰ এজন ৰাজনীতিকৰ চৰিত্ৰত দেখা যাব। দুৰ্নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা মুখ্যমন্ত্ৰীৰ চৰিত্ৰ তেওঁ ৰূপায়ন কৰিছে। চলচ্চিত্ৰখনৰ ট্ৰেইলাৰটো ছ’চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে। এই ছবিখনত অভিষেক বচ্চনৰ অভিনয়ে ব্যাপক চৰ্চা লাভ কৰিছে। ট্ৰেইলাৰ মুক্তিৰ পাছতে, অভিষেকৰ ৰাজনৈতিকভাৱে অতি শক্তিশালী কিন্তু মানসিকতাৰ চৰিত্ৰটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিভিন্ন অনুৰাগী তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে এতিয়া অমিতাভ বচ্চনেও অভিষেকৰ উচ্চ প্ৰশংসা কৰা দেখা গৈছে। বিগ বিয়ে তেওঁৰ পৰিয়ালৰ সদস্যক প্ৰশংসা কৰিবলৈ খুব কম পোষ্ট কৰে। কিন্তু এইবাৰ তেওঁক ব্যতিক্ৰম ৰূপত দেখা গ'ল৷ তেওঁৰ পুত্ৰৰ বাবে কৰা টুইটটো এতিয়া ভাইৰেল হৈ পৰিছে। অভিষেকৰ ছবিৰ প্ৰসংগ উত্থাপন কৰি তেওঁ অভিষেকক নিজৰ উত্তৰাধিকাৰী বুলি ঘোষণা কিছে। https://twitter.com/SrBachchan/status/1506712561898901504?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1506712561898901504%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fcdn.embedly.com%2Fwidgets%2Fmedia.html%3Ftype%3Dtext2Fhtmlkey%3Dcb7145f1731b4c328f8e4d2201854ceaschema%3Dtwitterurl%3Dhttps3A%2F%2Ftwitter.com%2Fsrbachchan%2Fstatus%2F1506712561898901504image%3Dhttps3A%2F%2Fabs.twimg.com%2Ferrors%2Flogo46x38.png অমিতাভ বচ্চনে টুইটাৰত 'দশৱী' ছবিখনৰ ট্ৰেইলাৰৰ লিংক শ্বেয়াৰ কৰি হৰিবংশ ৰায় বচ্চনৰ সেই প্ৰখ্যাত মন্তব্যৰ উদ্ধৃতি দাঙি ধৰিছে-- ' মোৰ পুত্ৰ হ’লেই মোৰ উত্তৰাধিকাৰী নহয়। যিজন মোৰ উত্তৰাধিকাৰী হ’ব তেওঁ মোৰ পুত্ৰ হ'ব।’ আৰু তাৰ তলতে তেওঁ লিখিছে, 'অভিষেক, তুমি মোৰ উত্তৰাধিকাৰী৷ বছ আজি স্পষ্টকৈ কৈ পেলাইছোঁ।' বিগ বিৰ এই টুইট এতিয়া ভাইৰেল হৈ পৰিছে। পিতৃ আৰু পুত্ৰৰ এই শক্তিশালী বান্ধোনে সকলোকে এতিয়া আপ্লুত কৰি তুলিছে। তদুপৰি অভিষেৰ বাবেও এই প্ৰশংসা অতি বিশেষ বুলি চিহ্নিত হৈছে। উল্লেখ্য যে, এগৰাকী তাৰকাৰ সন্তান হোৱাটো খুব সহজ নহয়, অভিষেক বচ্চনৰ বাবে বলীউডৰ পথো ইমান সহজ নাছিল। তেওঁ চলচ্চিত্ৰ উদ্যোগত নিজৰ চাপ ৰাখিবলৈ ভালেমান সংগ্ৰাম কৰিবলগীয়া হৈছে। পদে পদে পিতৃৰ সৈতে তেওঁৰ কামৰ তুলনা কৰি অনুৰাগীসকলে অভিষেকৰ পথ অধিক জটিল কৰি তুলিছিল। গুৰু, য়ুবা, ৰাৱণ আদিৰ দৰে ছবিত উল্লেখনীয় অভিনয় কৰা অভিষেকৰ দশৱীয়ে মুক্তিৰ পূৰ্বেই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ