--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু শ্ৰীদেৱীৰ কন্যা খুছী কাপুৰ বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে। বলীউডত ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা গৈছে যে ইব্ৰাহিম আৰু খুছীৰ মাজত চলিছে হিয়া দিয়া নিয়া। তেওঁলোক আছে প্ৰেমৰ সম্পৰ্কত। শেহতীয়াকৈ তেওঁলোকে একেলগে হোলী খেলি থকা ফটো পোহৰলৈ অহাৰ পিছৰে পৰা সংবাদ মাধ্যমত গুঞ্জন চলি আছে। নেটিজেনসকলৰ মাজতো তেওঁলোকক লৈ চৰ্চা আৰম্ভ হৈছে।ছেইফ আলী খানৰ জীয়ৰী চাৰা আলী খান বলীউডৰ এগৰাকী অভিনেত্ৰী হৈ পৰিছে। অৱশ্যে ইব্ৰাহিম আলী খানে এতিয়ালৈকে বলীউডত আত্মপ্ৰকাশ কৰা নাই। কেমেৰাৰ পিছফালৰ পৃথিৱীত থাকিয়ে ভালপায় ইব্ৰাহিমে। ছেইফ আলী খানৰ প্ৰথম পত্নী অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম। আনহাতে শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰে ইতিমধ্যে বলীউডত নিজৰ স্থান সুদৃঢ় কৰিছে। অৱশ্যে শ্ৰীদেৱীৰ সৰু জীয়ৰী খুছী কাপুৰে এতিয়াও অভিনেত্ৰী হিচাপে বলীউডত ভৰি থোৱা নাই। ইব্ৰাহিম আৰু খুছীয়ে বলীউডত ভৰি থোৱাৰ পূৰ্বৰে পৰা সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। ইব্ৰাহিম আৰু খুছীয়ে খুব আনন্দৰে একলগে হোলী খেলি থকাৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এই কথাই তেওঁলোকৰ প্ৰেমৰ গুঞ্জনক অধিক তীব্ৰ কৰি তুলিছে। উল্লেখ্য যে এতিয়ালৈকে দুয়ো মনোৰঞ্জন জগতত ভৰি নিদিলেও তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বহুসংখ্যক অনুৰাগী আছে। আৰু পঢ়কঃ কুকুৰৰ ভুকনিত অতিষ্ঠ হৈ ১৭ বছৰীয়া কিশোৰে হত্যা কৰিলে কুকুৰৰ গৰাকীক New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু