--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু শ্ৰীদেৱীৰ কন্যা খুছী কাপুৰ বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে। বলীউডত ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা গৈছে যে ইব্ৰাহিম আৰু খুছীৰ মাজত চলিছে হিয়া দিয়া নিয়া। তেওঁলোক আছে প্ৰেমৰ সম্পৰ্কত। শেহতীয়াকৈ তেওঁলোকে একেলগে হোলী খেলি থকা ফটো পোহৰলৈ অহাৰ পিছৰে পৰা সংবাদ মাধ্যমত গুঞ্জন চলি আছে। নেটিজেনসকলৰ মাজতো তেওঁলোকক লৈ চৰ্চা আৰম্ভ হৈছে।ছেইফ আলী খানৰ জীয়ৰী চাৰা আলী খান বলীউডৰ এগৰাকী অভিনেত্ৰী হৈ পৰিছে। অৱশ্যে ইব্ৰাহিম আলী খানে এতিয়ালৈকে বলীউডত আত্মপ্ৰকাশ কৰা নাই। কেমেৰাৰ পিছফালৰ পৃথিৱীত থাকিয়ে ভালপায় ইব্ৰাহিমে। ছেইফ আলী খানৰ প্ৰথম পত্নী অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম। আনহাতে শ্ৰীদেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰে ইতিমধ্যে বলীউডত নিজৰ স্থান সুদৃঢ় কৰিছে। অৱশ্যে শ্ৰীদেৱীৰ সৰু জীয়ৰী খুছী কাপুৰে এতিয়াও অভিনেত্ৰী হিচাপে বলীউডত ভৰি থোৱা নাই। ইব্ৰাহিম আৰু খুছীয়ে বলীউডত ভৰি থোৱাৰ পূৰ্বৰে পৰা সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। ইব্ৰাহিম আৰু খুছীয়ে খুব আনন্দৰে একলগে হোলী খেলি থকাৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। এই কথাই তেওঁলোকৰ প্ৰেমৰ গুঞ্জনক অধিক তীব্ৰ কৰি তুলিছে। উল্লেখ্য যে এতিয়ালৈকে দুয়ো মনোৰঞ্জন জগতত ভৰি নিদিলেও তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বহুসংখ্যক অনুৰাগী আছে। আৰু পঢ়কঃ কুকুৰৰ ভুকনিত অতিষ্ঠ হৈ ১৭ বছৰীয়া কিশোৰে হত্যা কৰিলে কুকুৰৰ গৰাকীক New PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ