--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগত এজন লোকক অতি কম দিনৰ ভিতৰতে মৃত্যুদ্ধ বিহিলে আদালতে৷ সচৰাচৰ ভাৰতত বহু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ইমানেই লেহেমীয়া হৈ পৰে যে অভিযুক্তই শাস্তি পোৱা নোপোৱা একে কথাই হৈ পৰে৷  কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম ঘটিছে মথুৰাত ৷ মথুৰাৰৰ আদালতে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত মাত্ৰ ৫৭ দিন বিচাৰ চলাৰ পিছতে ধৰ্ষণকাৰীক চৰম শাস্তি বিহে৷ 

অপৰাধৰ ৫৭ দিনৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হোৱাৰ কথাই বহুতকে আশান্বিত কৰি তুলিছে৷। মথুৰাৰ আদালতৰ ন্যায়াধীশ বিপিন কুমাৰে ৩০ বছৰীয়া সতীশ কুমাৰক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত মৃত্যুদণ্ড বিহে।আৰক্ষীৰ সূত্ৰ অনুসৰি লোকজনে ১০ বছৰীয়া কিশোৰীগৰাকীক অঞ্চলটোৰ 'ভাণ্ডাৰা' (য'ত খাদ্যৰ যোগান  ধৰা  হয়) লৈ যোৱাৰ চলেৰে   নিজৰ ঘৰলৈ লৈ গৈ ধৰ্ষণ কৰিছিল। যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ আৰু তেওঁৰ  শৰীৰটো অৰণ্যত পেলাই দিয়াৰ অভিযোগ উঠিছিল৷

আৰক্ষীয়ে ১৩ অক্টোবৰত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ছোৱালীজনীৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল। ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে কয়  যে মানুহজন বিবাহিত । পেছাত দৰ্জী লোকজনৰ  পত্নীৰ সৈতেকাজিয়া হৈ আছিল৷সেয়ে  তেওঁলোকে পৃথকে বাস কৰি আছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক