--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগত এজন লোকক অতি কম দিনৰ ভিতৰতে মৃত্যুদ্ধ বিহিলে আদালতে৷ সচৰাচৰ ভাৰতত বহু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ইমানেই লেহেমীয়া হৈ পৰে যে অভিযুক্তই শাস্তি পোৱা নোপোৱা একে কথাই হৈ পৰে৷  কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম ঘটিছে মথুৰাত ৷ মথুৰাৰৰ আদালতে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত মাত্ৰ ৫৭ দিন বিচাৰ চলাৰ পিছতে ধৰ্ষণকাৰীক চৰম শাস্তি বিহে৷ 

অপৰাধৰ ৫৭ দিনৰ ভিতৰত বিচাৰ সম্পূৰ্ণ হোৱাৰ কথাই বহুতকে আশান্বিত কৰি তুলিছে৷। মথুৰাৰ আদালতৰ ন্যায়াধীশ বিপিন কুমাৰে ৩০ বছৰীয়া সতীশ কুমাৰক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত মৃত্যুদণ্ড বিহে।আৰক্ষীৰ সূত্ৰ অনুসৰি লোকজনে ১০ বছৰীয়া কিশোৰীগৰাকীক অঞ্চলটোৰ 'ভাণ্ডাৰা' (য'ত খাদ্যৰ যোগান  ধৰা  হয়) লৈ যোৱাৰ চলেৰে   নিজৰ ঘৰলৈ লৈ গৈ ধৰ্ষণ কৰিছিল। যুৱকজনৰ বিৰুদ্ধে ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ আৰু তেওঁৰ  শৰীৰটো অৰণ্যত পেলাই দিয়াৰ অভিযোগ উঠিছিল৷

আৰক্ষীয়ে ১৩ অক্টোবৰত ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ছোৱালীজনীৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল। ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ছয় ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে কয়  যে মানুহজন বিবাহিত । পেছাত দৰ্জী লোকজনৰ  পত্নীৰ সৈতেকাজিয়া হৈ আছিল৷সেয়ে  তেওঁলোকে পৃথকে বাস কৰি আছিল৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী