--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আদানী গ্ৰপে ক্ৰয় কৰাৰ কেইদিনমান পিছতেই এনডিটিভিলৈ আহিছে সুখবৰ।  চলিত বৰ্ষৰ  "এছিয়াৰ শ্ৰেষ্ঠ মিডিয়া কোম্পানী" বঁটা লাভ কৰিছে এনডিটিভিয়ে। একে সময়তেএনডিটিভিৰ অধ্যক্ষা  সুপৰ্ণা সিঙক "মিডিয়া পাৰ্ছন অফ দা ইয়েৰ" সন্মান হিচাপে নিৰ্বাচিত কৰা হৈছে। এছিয়াৰ আটাইতকৈ সন্মানীয় কৰ্পোৰেট বঁটাসমূহৰ ভিতৰত এই বঁটা আটাইতকৈ সন্মানীয় বঁটা হিচাবে গণ্য কৰা হয়। 

এনডিটিভিক চেনেলটোৰ  নেতৃত্ব, ব্যৱসায়িক নৈতিকতা আৰু বজাৰৰ অংশ তথা দৰ্শকৰ মাজত থকা প্ৰভাৱৰ বাবেই এই বঁটা প্ৰদান কৰা হৈছে।এই বঁটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্কশায়াৰৰ মিডিয়া  বিশেষজ্ঞসকলে প্ৰদান কৰি আহিছে। বাৰ্কশায়াৰৰ মিডিয়া  বিশেষজ্ঞসকলে তেওঁলোকৰ ব্ৰেণ্ড গৱেষণা আৰু বিশ্লেষণৰ বাবে আন্তৰ্জাতিকভাৱে স্বীকৃত।এনডিটিভিয়ে ২০২২ চনৰ বাবে "এছিয়াৰ আটাইতকৈ বিশ্বাসযোগ্য মিডিয়া কোম্পানী"ৰ খিতাপো জিকিছে। এনডিটিভিক ইয়াৰ উদ্ভাৱন, খ্যাতি আৰু সমলৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।এই বঁটাটো আইবিচি ইনফোমিডিয়াৰ হৈ  ব্ৰেণ্ড বিশ্লেষণৰ আন্তৰ্জাতিক বিশেষজ্ঞসকলে বাছনি কৰে।


এনডিটিভিৰ অধ্যক্ষা সুপৰ্ণা সিঙক "২০২২ চনৰ "মিডিয়া পাৰ্ছন অফ দা ইয়েৰ" সন্মান আগবঢ়োৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে সিং।  তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক ব্ৰেণ্ড কনচাল্টিং কৰ্পোৰেচনে  শীৰ্ষ কোম্পানীৰ নেতৃত্ব বহন কৰা ব্যক্তিৰ তালিকাত স্থান দিছে। কিন্তু আদানী গ্ৰপে ক্ৰয় কৰাৰ পিছতেই হঠাতে এনডিটিভিলৈ  এছিয়াৰ শ্ৰেষ্ঠ মিডিয়া কোম্পানীৰ বঁটা আগবঢ়োৱাৰ কথাই বহুতৰে মনত সন্দেহৰো সৃষ্টি কৰিছে। দৰাচলতে এনডিটিভিয়ে আদানী গ্ৰুপৰ হাতলৈ যোৱাৰ পূৰ্বে এক শক্তিশালী প্ৰতিষ্ঠান বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। 

চৰকাৰৰ জনবিৰোধী নীতিবোৰ  চেনেলটোৱে , বিশেষকৈ চেনেলটোৰ কাৰ্যবাহী সম্পাদক ৰবীশ কুমাৰে উদঙাই দিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে আনকি ৰবীশ কুমাৰে মৃত্যুৰ ভাবুকিও পাইছিল। দেশত প্ৰতিষ্ঠান বিৰোধী সাংবাদিকতাক গতি প্ৰদান কৰা মুষ্টিমেয় সাংবাদিকসকলৰ ভিতৰত ৰবীশ কুমাৰ অন্যতম। মোদীৰ চৰকাৰৰ ভুলবোৰ স্পষ্ট আৰু নিৰ্ভীকভাবে উদঙাই দি ৰবীশ কুমাৰ কেৱল দেশতে নহয়, বিশ্বৰ আন প্ৰান্ততো বিখ্যাত হৈ পৰিছিল।  কিন্তু শেহতীয়াকৈ তেওঁ এনডিটিভিৰ পৰা পদত্যাগ কৰিছে। আদানী গ্ৰপে চনেলটো ক্ৰয় কৰাৰ পিছতে সাহসী সাংবাদিকগৰাকীয়ে চেনেলটো ত্যাগ কৰিবলৈ বাধ্য হৈছে।  


প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে এনডিটিভিৰ  কোম্পানী আৰআৰপিআৰ হোল্ডিং প্ৰাইভেট লিমিটেডৰ সঞ্চালক পদ ত্যাগ কৰাৰ এদিন পিছতে এনডিটিভি ইণ্ডিয়াৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ৰবীশ কুমাৰেও পদত্যাগ কৰিছিল। 

২২ নৱেম্বৰত, আদানি গোটে এনডিটিভি ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।  মূলতঃ মোদী চৰকাৰৰ তীব্ৰ সমালোচক হিচাবে জনাজাত চেনেলটো আদানী গ্ৰুপে ক্ৰয় কৰাৰ পিছতে চেনেলটোৱে পূৰ্বৰ চৰিত্ৰ হেৰুৱাই পেলাব বুলি দেশৰ গৰিষ্ঠসংখ্যক জনতা নিশ্চিত আছিল। চেনেলটোৰ মুখ্য আকৰ্ষণ ৰবীশ কুমাৰে১৯৯৬  চনত নতুন দিল্লী টেলিভিছন নেটৱৰ্ক (এনডিটিভি)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ চেনেলটোত  নিষ্ঠা আৰু সাহসেৰে কাম কৰি আছিল। তেওঁ এনডিটিভি ইণ্ডিয়াত কেইবাটাও বাতৰি-আধাৰিত অনুষ্ঠান যেনে হাম লগ, ৰবীশ কি ৰিপ'ৰ্ট, দেশ কি বাত আৰু প্ৰাইম টাইম  সঞ্চালনা কৰিছিল। কুমাৰক দুবাৰকৈ ৰামনাথ গোয়েঙ্কা এক্সেলেন্স ইন জাৰ্নালিজম বঁটা প্ৰদান কৰা হৈছে।  লগতে ২০১৯  চনত তেওঁক ৰমন মেগছেছে বঁটা প্ৰদান কৰা হৈছে।


তেওঁ ৰমন মেগছেছে বঁটা লাভ কৰা পঞ্চমগৰাকী  ভাৰতীয় সাংবাদিক ।১৯৯৪ চনৰ পৰা ২০২২ চনলৈ তেওঁ এনডিটিভি ইণ্ডিয়াৰ হৈ সেৱা আগবঢ়ায়। চৰকাৰ বিৰোধী সাহসী সাংবাদিকতাৰ বাবে মৃত্যুৰ ভাবুকিও পাইছিল।কুমাৰক সাংবাদিকতাত কৰা কামৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰা হৈছে যাৰ ভিতৰত আছে ৰমন মেগছেছে বঁটা (২০১৯)। তেওঁক গৌৰী লঙ্কেশ বঁটা,  কুলদীপ নায়াৰ সাংবাদিকতা বঁটা (২০১৭), হিন্দী সাংবাদিকতা আৰু সৃষ্টিশীল সাহিত্যৰ বাবে গণেশ শংকৰ বিদ্যাৰ্থী বঁটা (২০১০)প্ৰদান কৰা হৈছিল। 

তেওঁক দ্য ইণ্ডিয়ান এক্সপ্ৰেছে ১০০ জন আটাইতকৈ প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।  এতিয়া ৰবীশ কুমাৰ বিহীন এনডিটিভিলৈ  এছিয়াৰ শ্ৰেষ্ঠ মিডিয়া কোম্পানীৰ বঁটা প্ৰদান কৰাটো ৰবীশ কুমাৰ আৰু অন্যান্যসকলে পূৰ্বে কৰি যোৱা কামৰ স্বীকৃতি নে আন কিবা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ চেনেলটোৰ দক্ষতা, বিশ্বাসযোগ্যতা আদি দিশসমূহ চাবললগীয়া হ’লে ৰবীশ কুমাৰ আৰু অন্যান্যসকল থকা দিনবোৰৰ খতিয়ানেই ল’ব লাগিব। কিয়নো আদানী গ্ৰপে সৌসিদিনাহে ক্ৰয় কৰিছে চেনেলটো। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক